সম্বন্ধ- অলকা ডেকা

সম্বন্ধ- অলকা ডেকা
সম্বন্ধ এনে এটি নাম যাৰ অৰ্থ দিবলৈ
হয়তো সকলোৰে সামৰ্থ নহব পাৰে।।
কিন্তু, মোৰ ভাষাত প্ৰকাশ কৰিব, বিচাৰোঁ
সেই সম্বন্ধৰ নামটিৰ অৰ্থ–
–দাদাৰ বাবে হল, বৌ
–বাৰ বাবে হল, ভিন্দেও
–দেউতাৰ বাবে হল ঘৰখনৰ দ্বায়ীত্ব
আৰু মোৰ মাৰ বাবে হল ঘৰখন,
সকলো বিষয়ত নজৰ ৰাখি,
সকলোৰে সুখৰ কথা ভবা।।।।।।
তেওঁ সকলো সমস্যাৰ লগত যুঁজি
আমাক জয় কৰাইছে
নিজে পূৰণ কাপোৰ পিন্ধি,
আমাৰ ৰজা, ৰাণীৰ দৰে সজাইছে
কোনো কোনো অভাৱৰ কথা নাভাবি, পোনা প্ৰথমে–
মোৰ সুখ বিচােৰে…..এনে
এনে নিস্বাৰ্থ তেওঁৰ ভালপোৱাক–
কিয় মই নিদিওঁ–
তেওঁক মোৰ প্ৰথম আৰু শেষ সম্বন্ধৰ নাম
আপুনিয়েই হল মোৰ সুখ
আপুনিয়েই হল মোৰ প্ৰথম লক্ষ্য
আপুনিয়েই হল মোৰ প্ৰথম সম্বন্ধ।।