সম্প্ৰীতি-সমন্বয়ৰ অসমত অনিমেষ ভূঞাৰ হত্যা আৰু অসমীয়াৰ কৰণীয়- ফখৰুদ্দিন আহমেদ

Pc The coneversation

সম্প্ৰীতি-সমন্বয়ৰ অসমত অনিমেষ ভূঞাৰ হত্যা আৰু অসমীয়াৰ কৰণীয়

ফখৰুদ্দিন আহমেদ

যোৰহাটলৈ বহুত বাৰ গৈছো ।বিভিন্ন কামত গৈছো।যোৰহাটলৈ গৈ হেৰুৱাৰ বেদনা ইমান দিনে আছিল যশস্বী কথাশিল্পী প্ৰয়াত চৈয়দ আব্দুল মালিক চাৰক লগ কৰিব নোৱাৰা বিষয়টি। বিগত ইং ১৯৯৫ চনত যোৰহাটলৈ গৈ এদিন মালিক চাৰৰ ঘৰ ওলালোগৈ।পিছে মালিক চাৰ প্ৰায় দহ মিনিট মান পূৰ্বে গোলাঘাটৰ নাহৰনিত থকা নিজৰ ঘৰলৈ গুছি গৈছিল। তাৰ পিছত আৰু তেখেতৰ জীৱিত কালত লগ পোৱাৰ সৌভাগ্য নঘটিল।এটি দিনত মালিক চাৰ পুনৰ ঘুৰি নহা দেশলৈ গুছি গ’ল। পিছে এইবাৰ কেইদিনমান পূৰ্বে সোশৰীৰে যোৰহাটলৈ নোযোৱাকৈ এগৰাকী মানুহ হিচাপে বহুত কিবাকিবি হেৰুৱালো।তাতোকৈ ডাঙৰ কথাটি হৈছে মোৰ দৰে অসমৰ প্ৰত্যেক গৰাকী অসমীয়াই হেৰুৱালো। সেই হেৰুৱাই পেলোৱা আটাইতকৈ ডাঙৰ বিষয়টি হৈছে মানবতাবোধ।আজি কালিৰ ডিজিটেল যুগৰ চাহিদা অনুযায়ী ভাল বেয়া সকলো খবৰ চেকেণ্ডৰ ভিতৰত সমগ্ৰ পৃথিবীৰ প্ৰতিটো চুকে কোণে বিয়পি পৰাটো কোনো অসাধাৰন কথা নহয়। যোৰহাট , শিবসাগৰ ,ডিব্ৰুগড় বিশেষকৈ উজনি অসমৰ মানুহৰ এটি সদনাম আছে সহিষ্ণু আৰু সদভাবাপন্ন লগতে সংস্কৃতিবান বুলি। কিন্তু অসমৰ আন আন জিলাৰ মানুহক বেয়া বুলি কোৱা নাই ।এটি বিশেষ প্ৰসংগতহে বিষয়টি উত্থাপন কৰা হৈছে।উজনি অসমৰেই এখনি জিলা যোৰহাট ।তাতেই দিন দুপৰতে , তাকো এটি জনবহুল চ’কত , চহৰৰ মাজ মজিয়াত বহুত মানুহৰ সমাগমৰ মাজতেই এগৰাকী অসমীয়া তেজাল ডেকা অনিমেষ ভূঞাক মৰিয়াই মৰিয়াই মাৰিয়েই পেলালে ।কি অদ্ভুত , অবিশ্বাস্য , ঘৃননীয় আৰু লজ্জাজনক কৰ্ম কাণ্ড। যোৰহাট চহৰৰ পৰা মই বহু দুৰৈত বাস কৰিলেও চ’চিয়েল মেডিয়াত অনিমেষ ভূঞাৰ হত্যা যজ্ঞ পিছে পৰে হ’লেও প্ৰত্যক্ষ কৰাৰ দুৰ্ভাগ্য ঘটিছে।কাৰন সম্প্ৰতি মানুহৰ মাজৰ পৰা মানবতাবোধ চৰম ভাবে হেৰাই গৈছে।সেই চ’চিয়েল মেডিয়াত দেখা ভিডিঅবোৰত যিমান মানুহে হাতত ফ’ৰ জি স্মাৰ্টফোন লৈ ভিডিঅ কৰাত ব্যস্ত হোৱা দেখিছো তাৰে আধা মানুহেও যদি হাতে কামে নিৰজ দাস ওৰফে ক’লা গুন্ডা এণ্ড কম্পেনীৰ পৰা অনিমেষ ভূঞাক ৰক্ষা কৰাৰ প্ৰচেষ্টা ল’লেহেতেন তেনেহ’লে নিশ্চয় মৰমৰ বোপা অনিমেষৰ মৃত্যু নহ’লহেতেন।এয়া এশ শতাংশই শুদ্ধ আৰু নিশ্চিত কথা আছিল। সাম্প্ৰতিক ডিজিটেল যুগ মানবতাবোধৰ ধ্বংশ যজ্ঞৰ যুগ বুলি প্ৰতীয়মান হৈছে।অভি-নীলৰ কাৰ্বি আংলঙৰ ডকমকাত হোৱা হত্যা যজ্ঞৰ সময়টো সেই হত্যাকাৰী দূৰ্বৃত্ত সকলে ভিডিঅ কৰি চ’চিয়েল মেডিয়াত মেলি দিছিল। চ’চিয়েল মেডিয়াত দুৰ্বৃত্তৰ লোমহৰ্ষক দুষ্কাৰ্যৰ পোনপটীয়া সাক্ষ্য প্ৰমান থকাৰ পিছতো ন্যায় পালিকাৰ সুৰুঙাৰে মাহৰ পিছত মাহ পাৰ হৈ যোৱাৰ পিছতো দোষীক শাস্তি প্ৰদান কৰা হোৱা নাই।ভূক্ত ভোগী সকলৰ হৃদয়েহে জানে বিনা অপৰাধত হত্যাৰ বলী হোৱা জনৰ অবৰ্তমানৰ অনুভব। ইফালে নিৰজ দাস ওৰফে ক’লা গুণ্ডাৰ মৃত্যুও অসমৰ প্ৰতিজন নাগৰিকৰ বাবে অনাকাংক্ষিত হোৱা উচিত।কাৰন বাতৰিত প্ৰকাশিত হোৱা অনুসৰি সেই অনিমেষ ভূঞাৰ প্ৰধান হত্যাকাৰীজন প্ৰায় ৯০ টা মান গোচৰত অভিযুক্ত আছিল। তাতে ড্ৰাগচ সৰবৰাহ সম্পৰ্কীয় গোচৰো আছিল। পিছে অসম আৰক্ষীয়ে তেখেত সকলৰ গাড়ীত সেই দুৰ্ধৰ্ষ অপৰাধীজনক জাপ মাৰি পলাই যাব পৰা ধৰনে কিয় নিছিল সেইটোহে এতিয়া মূলত সাঁথৰ হৈ পৰিছে। এতিয়া আজিৰ দিনটোত ক’লা গুণ্ডাৰ সৈতে সেই ৯০ টা গোচৰত সাঙোৰ খাব লগা আন আন অপৰাধী সকল বাচি যাব পৰা পথ বাৰুকৈয়ে সুগম হৈ গ’ল। লগতে অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ সৈতে জড়িত আন আন অভিযুক্ত সকলৰ উচিত তথ্য পোৱাৰ ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি নিশ্চয় হ’ব। কুখ্যাত অপৰাধী নিৰজ দাস ওৰফে ক’লা গুণ্ডাৰ মৃত্যুৰ সম্পৰ্কত অসম আৰক্ষীৰ এগৰাকী উচ্চ পদস্থ বিষয়াই নিউটন সুত্ৰৰ উপস্থাপনেৰে চ’চিয়েল মেডিয়াত কৰা মন্তব্যই সচেতন নাগৰিক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দিশটো লক্ষ্যনীয় হৈ পৰিছে। সমূহ নাগৰিকৰ যিহেতু ভাৰতীয় ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত আস্থা আছে সেয়ে এই ব্যবস্থাৰ মাজেৰে খৰতকীয়া ভাবে অপৰাধীৰ শাস্তি হোৱাটোহে গ্ৰহনযোগ্য। প্ৰনিধান যোগ্য কথাটো হৈছে যিধৰনৰেই অপৰাধীৰ মৃত্যু আদালতৰ কাঠগড়াত উঠাৰ পুৰ্বে যদি হয় তেনেহ’লে তদন্ত প্ৰক্ৰিয়া আৰু ন্যায়িক ব্যবস্থাৰ ঔচিতব্য স্থবিৰ হৈ পৰা বিষয়টি স্বাভাবিক কথা। সেয়ে তদন্তকালিন সময়ত কোনো অপৰাধীয়ে যাতে অসম আৰক্ষীৰ আবেষ্টনিৰ মাজৰ পৰা পুনৰ পলাই যাবলৈ অপচেষ্টা কৰিব নোৱাৰে তাৰ নিশ্চয়তা গ্ৰহনৰ ব্যবস্থা পূৰ্ণ মাত্ৰাই ল’ব লাগিব। অসমৰ সমাজ জীৱনত সাম্প্ৰতিক সময়ত সাম্প্ৰদায়িকতাবাদী ৰাজনীতিৰ অন্তৰ্ভুক্তিৰ বাবেও এনে সামাজিক ভাবে হোৱা ম’ব লিঞ্চিঙৰ দৰে ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে। এনে ধৰনৰ দুৰ্ভাগ্যজনক ঘটনা সম্প্ৰীতি আৰু সমন্বয়ৰ ৰম্যভুমি অসমৰ জনজীৱনৰ বাবে বাৰুকৈয়ে অনাকাংক্ষিত। তথাকথিত সমাজ সচেতন ব্যক্তি , ধৰ্মৰক্ষক তথা ৰাজনৈতিক নেতা সকল ইয়াৰ বাবে প্ৰধানকৈ জগৰীয়া। বিগত কিছু বছৰ ধৰি কিছুমান ব্যক্তি , সামাজিক সংগঠন তথা কিছুমান ৰাজনৈতিক নেতাই মুকলি মুৰীয়া ভাবে ধৰ্মীয় ৰাজনীতি অৰ্থাৎ হিন্দু-মুছলমানৰ মাজত বিষাক্ত মনোভাব সুমুওৱাই দি নিজৰ নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ অকণো কুণ্ঠাবোধ নকৰা দৃষ্টিগোচৰ হৈ আছে। উদাহৰন স্বৰূপে নিজকে হিন্দু সনাতনী ধৰ্মৰ ৰক্ষকৰ ভুমিকাত অবৰ্তীৰ্ণ কৰি থকা সত্যৰঞ্জন বৰাই মুখ মেলিলেই ইছলাম ধৰ্ম , কোৰান আৰু হজৰত মহম্মদ ছঃৰ বিষয়ে কটু আৰু অসহনীয় বক্তব্য প্ৰকাশ হয় , হোজাইৰ প্ৰাক্তন বিধায়ক শীলাদিত্য দেবে অসম তথা ভাৰতত সংঘটিত প্ৰতিটো দুষ্কাৰ্যৰ আঁৰত ইছলামিক মৌলবাদীৰ প্ৰভাবহে দেখে , অসম তথা ভাৰতৰ বহুতো ৰাজনৈতিক নেতাই নিজকে হিন্দুত্ববাদৰহে একমাত্ৰ পৃষ্ঠপোষক বুলি ভাবে আৰু ৰাজহুৱা জীৱনটো প্ৰকাশ আৰু প্ৰচাৰ কৰে , আমছুৰ দৰে সংগঠনে অসমত কেৱল মুছলমানৰ আৰু হিন্দু যুব মঞ্চই কেৱল হিন্দু ধৰ্মীৰ হে চিন্তা চৰ্চা কৰে , তেনে এখন দেশ তথা ৰাজ্যৰ জনসাধাৰনৰ মনত সামাজিক তথা ধৰ্মীয় সহনশীলতা আৰু মানবতাবোধৰ ওপৰত নেতিবাচক প্ৰভাব পৰাটো অস্বাভাবিক বিষয় নহয়। বিশ্বৰ আন আন প্ৰান্তত সভ্যতাৰ পোহৰ নপৰা কালতে ভাৰতীয় সিন্ধু সভ্যতাই পূৰ্ণতা পাইছিল । অসমীয়া জাতিৰ খনিকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেবে তেখেতৰ অংকীয়া নাটত প্ৰয়োগ কৰা গদ্যশৈলী বিশ্ব সাহিত্যৰ আটাইতকৈ পুৰনা গদ্যশৈলীৰ সৈতে সমসাময়িক বুলি ইতিমধ্যে বিশ্ব সাহিত্যত প্ৰতিষ্ঠিত হৈছে , অসমীয়া জাতিৰ স্বাভিমানে কোন কাহানিবাই বিশ্বত স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে , অসমীয়া জাতিৰ বুকুৰ এভাগ অসম সাহিত্য সভাই অসমীয়া ভাষাক বিশ্ব সাহিত্যৰ দৰবাৰত বৰ আসনত বহুৱাবলৈ সক্ষম হৈছে ; সেইখন অসমত তাতে যোৰহাটৰ দৰে সংস্কৃতিবান চহৰৰ মাজমজিয়াত বিশ্ব কপোৱা আন্দোলন কৰি নিজৰ স্বাভিমান অক্ষুন্ন ৰাখিবলৈ যত্নৰ ত্ৰুটি নকৰা সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদকৰ পদবীত অধিষ্ঠিত হৈ থকা অনিমেষ ভূঞাৰ দৰে তেজাল যুবকৰ গণ প্ৰহাৰত মৃত্যু হোৱা ঘটনা অসম আৰু অসমীয়াৰ বাবে চৰম দুৰ্ভাগ্যজনকেই নহয় লজ্জা জনক হিচাপেও ইতিহাসত লিপিবদ্ধ হৈ থাকিব। এনে ধৰনৰ চৰম বেদনাদায়ক আৰু দুৰ্ভাগ্যজনক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিবলৈ সমগ্ৰ অসমৰ অসমবাসী জনসাধাৰন হিন্দু , মুছলমান , খ্ৰীষ্টান ধৰ্মী আদি , বি জে পি , কংগ্ৰেছ , অ গ প , এ আই ইউ ডি এফ , ধৰ্ম ৰক্ষক আদি হ’বলৈ শিকাৰ পূৰ্বে পূৰ্ণতাপ্ৰাপ্ত অসমীয়া মানুহ হ’বলৈ শিকিব লাগিব । তেতিয়াহে আমি অসমবাসীয়ে সম্প্ৰীতি-সমন্বয় , উন্নয়নমুখী আৰু ঐক্যবদ্ধ সোনৰ অসম লাভ কৰিব পাৰিম আৰু অনিমেষ ভূঞাৰ হত্যাৰ দৰে দ্বিতীয়টি মৰ্মান্তিক ঘটনা পুনৰ নঘটিব।