সমাজ কল্যাণ বিভাগৰ ই-নিৰীক্ষণ ৱেব পʼৰ্টেল মুকলি কৰে মন্ত্ৰী অজন্তা নেওগে

pc- pratidin Times

সমাজ কল্যাণ বিভাগৰ ই-নিৰীক্ষণ ৱেব পʼৰ্টেল মুকলি কৰে মন্ত্ৰী অজন্তা নেওগে

অনলাইন বাৰ্ত্তাসেৱা-বিভাগীয় মন্ত্ৰী অজন্তা নেওগে উজানবজাৰস্থিত সমাজ কল্যাণ সঞ্চালকালয়ত এখন পৰ্যালোচনা বৈঠকত অংশ লৈ বিভাগটোৰ সামগ্ৰিক ব্যৱস্থাৰ ব্যাপক সংস্কাৰ সাধন আৰু নিৰীক্ষণ কৰাৰ লক্ষ্যৰে মুকলি কৰে ‘Enirikshyan’(ই-নিৰীক্ষণ) নামৰ ৱেব পʼৰ্টেলটো মুকলি কৰে। সমাজ কল্যাণ বিভাগৰ নতুন নিযুক্তি , বদলিকৰণ, অৱসৰ আদিৰ সকলো তথ্য এই ৱেব পʼৰ্টেলত উপলব্ধ হʼব। উক্ত পʼৰ্টেলটোত কাৰ্যালয়ৰ কৰ্মী, সহায়ক আৰু তেওঁলোকৰ প্ৰগতিৰ মাহিলি প্ৰতিবেদনৰ লগতে অংগনৱাড়ী কেন্দ্ৰ আৰু বেচৰকাৰী সংস্থাৰ বিভিন্ন কামৰ প্ৰতিবেদনো নিয়মিতভাৱে প্ৰকাশিত হʼব। পৰ্যালোচনা বৈঠকত ৰাজ্যৰ বিভিন্ন ঠাইত নতুনকৈ স্থাপন হʼবলগীয়া আৰ্দশ অংগনৱাড়ী কেন্দ্ৰবোৰৰ লগতে পুৰনি অংগনৱাড়ী কেন্দ্ৰবোৰত বিশুদ্ধ খোৱাপানী, বিদ্যুৎ সংযোগৰ সুব্যৱস্থাৰ বিষয়েও আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে শিশু, মহিলা, দিব্যাংগ আৰু বয়োজ্যেষ্ঠসকলে যাতে সমাজ কল্যাণ বিভাগৰ সকলো আঁচনিৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে বিভাগীয় কতৃপক্ষক চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে।

(R.T)