সমাগত নৱবৰ্ষ : ঠায়ে ঠায়ে তালাচী: কিন্তু জামুগুৰিত বৃদ্ধি অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়: নিষ্ক্ৰিয় জামুগুৰি আৰক্ষী

সমাগত নৱবৰ্ষ : ঠায়ে ঠায়ে তালাচী: কিন্তু জামুগুৰিত বৃদ্ধি অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়: নিষ্ক্ৰিয় জামুগুৰি আৰক্ষী

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- বর্তমান সময়ত নৱবৰ্ষ উদযাপন কৰিবলৈ গৈ যাতে এচাম সুৰা সেৱন কাৰিয়ে যান বাহন চলাই দুৰ্ঘটনা ঘটাব নোৱাৰে তাৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে মুখ্যমন্ত্ৰী জনৰ নিৰ্দেশত। সেই য়ে পুলিচ প্ৰশাসনে ঠায়ে ঠায়ে তালাচিৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মদ খাই মটৰ চাইকেল, গাড়ী চলোৱা চালকক ব্রেথ এনালাইযাৰে পৰীক্ষা চলাইছে আৰু মদ খোৱাৰ প্ৰমাণ পালে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে কিন্তু বৃহত্তৰ জামুগুৰি অঞ্চলত দিনক দিনে বৃদ্ধি পাই আহিছে এই অবৈধ বিলাতী সুৰা আৰু চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় । উল্লেখ্য যে জামুগুৰি অঞ্চলৰ তিনিআলি-চাৰিআলিৰ একাংশ সৰু সৰু দোকানত এতিয়া সহজলভ্য এই সুৰা । অতি সহজে উপলব্ধ এই সুৰা সেৱন কৰি একাংশ উদণ্ড লোকে মটৰ চাইকেল বা আন যান-বাঁহন চলাই অঞ্চলটোত আকস্মিক দুৰ্ঘটনা সংঘটিত কৰি অহাৰ লগতে অঞ্চলতটোৰ শৈক্ষিক, সামাজিক পৰিবেশ বিনষ্ট কৰি অহা পৰিলক্ষিত হৈছে। উল্লেখ্য যে আজি কিছুদিনৰ আগতে বদলি হোৱা জামুগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰবীন কলিতাক বিষয়টো অৱগত কৰাত তেখেতে গুৰুত্ব সহকাৰে লৈ বিহীত ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও তেখেতৰ বদলিৰ পিছত পুনৰ অঞ্চলতটোত বৃদ্ধি পাইছে এই অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়।