সময় ঠিক এনেকুৱাই- মানসী মিশ্ৰ

Pc Toppr

অনুভৱ একান্ত আন্তৰিকতাৰে

সময় ঠিক এনেকুৱাই

মানসী মিশ্ৰ

আজি ইংৰাজী নতুন বছৰটোৰ পহিলা মাহৰ প্ৰথমটো দেওবাৰ ।ইংৰাজী বছৰটো এইবাবেই আমাৰ বাবে অধিক গুৰুত্পূৰ্ণ হৈ পৰে যিহেতুকে আমি এই মাহ কেইটাক অনুসৰণ কৰিয়েই সময়ৰ সতে আগবাঢ়ি যাওঁ।

সময় ঠিক এনেকুৱাই ।মেন এখন খৰস্ৰোতা বোৱতী নৈ।কতো কাৰোবাবে লবলৈ সময় নাই ।ঠিক এনেদৰে আগবাঢ়ে প্ৰতিটো দিন ,তাৰ পিছত দিনসমূহ লগলাগি মাহ হয় আৰু এনেকৈয়ে বাৰটা মাহ খৰ গতিৰে পাৰ হৈ যোৱাৰ পিছত বছৰটোৰ শেষ হৈ যায় ।প্ৰতি বছৰে একত্ৰিত ডিচেম্বৰৰ দিনা হে আমি হিচাপনিকাচ কৰোঁ ,বছৰটোৱে আমাক কি দিলে ,কি নিলে।

আকৌ সকলোৱে আদৰি লয় এটি নতুন বছৰক। কোনো এটা বছৰেই সম্পূৰ্ণভাৱে সফল নহয়।কিয়নো বছৰৰ কোনোবাটো দিনে কাৰোবাৰ বাবে লৈ আনে বুকুভৰা বিষাদ ,কাৰোবাৰ বাবে সীমাহীন আনন্দ। কাৰোবাৰ বাবে বিফলতাৰ , কাৰোবাৰ বাবে সফলতা।সেইবাবেই হয়তো বছৰৰ প্ৰতিটো দিনতেই আমাৰ বাবে বহুত মূল্যবান।

এই সকলো বোৰ জানি ও আমি ৰৈ দিম জানো ।কেতিয়াও নিদিওঁ ।আমি সকলোৱে সমুখলৈ আগবাঢ়ি যাবলৈ লাগিব। কিয়নো আমাৰ সকলোৰে সমুখত বেলেগ বেলেগ সপোন আছে ।সপোন আছে বাবে আশাৰ জন্ম হয় ।এই সপোন বোৰক বাস্তৱ কৰিবলৈ মানুহে এবুকু আশা লৈ আগবাঢ়ি যায় ।সেইবাবেই আমি আগবাঢ়ি যাব পাৰোঁ জীৱনত।আশা আছে বাবেই আমি নিজকে জীয়াই ৰাখিব পাৰোঁ সুন্দৰ সুন্দৰ কামকাজ আৰু ইতিবাচক চিন্তাধাৰাৰ ৰমাজেৰে। এইখিনি য়ে সচাঁ আমাৰ সকলোৰে জীৱনত । সেইবাবে আহক আমি সকলোৱে বছৰৰ পহিলা মাহটোৰ পৰা এনেদৰেই আগুৱাই যাও।সকলোলৈ বহুত শ্ৰদ্ধা ,মৰম আৰু শুভ কামনা থাকিল।