সময়–চাহিল ইছলাম

সময,
আছে জানো কাৰোবাৰ শক্তি
তোক ৰুধিবৰ।
তোৰ গতিশীল অভ্যাস
শক্তিৰে ভেদিবৰ।

হয়,
তোৰ গতিত বাধাৰ হেঙাৰ দিব
পৰাতো কোনো নাই।
কিন্তু,
তোৰ প্ৰতিযোগী হৈ তোতকৈ বেগাই যোৱাৰ
ক্ষমতা বহুতৰে আছে।
সেইবোৰ কোনো দৈব্য-ঈশ্বৰ নহয়,
সিহঁতৰ দৈব্য শক্তি ও নাই,
সেইবোৰ হ’ল একো একোজন কৰ্মথ পুৰুষ।

বোৱতি নৈৰ বেগেৰে গৈও
তই পৰাজিত হবই লাগিব, সময়।
সেইজন পুৰুষৰ আগত পৰাজয় বৰণ
কৰিবই লাগিব তই।
কৰনীয় কৰ্ম কৰিবলৈ যিজনে
তোৰ নিৰ্ভৰশীল নহয়।

হ’ব পাৰʼ
প্ৰতিজন নিষ্কৰ্মাৰ প্ৰতিদ্বন্দি ,
কৰিব পাৰʼ
কেৱল এলেহুৱাক হে তই বন্দী,
আজি প্ৰত্যাহ্বান জনালোঁ তোক
এজন সক্ৰিয় পৰিশ্ৰমিক
তই পৰাজিত কৰি দেখা
পাৰʼ যদি………

  ‌             — চাহিল ইছলাম