সময় আৰু সজাগতা — দিলীপ কুমাৰ বৰা

pc-steemint

সময় আৰু সজাগতা

তাহানি আৰু আজিৰ দিনবোৰ কিমান পৰিৱৰ্তন হ’ল নিৰিবিলি সময়ত অকলশৰে থাকিলে কেতিয়াবা মনলৈ আহে তেতিয়া মনতো ভাল লাগে যিমান কেতিয়াবা দুখো লাগে সিমান একেই হাৰত।

আমাৰ দৰে বয়সৰ ব্যক্তিসকলৰ ক্ষেত্ৰত বৰ্তমানৰ প্ৰজন্মৰ লগত মিলিবলৈ যথেষ্ঠ অসুবিধা হয়।
কাৰণ তেওঁলোক কিছুমান ৰ বাবে আমাৰ বয়সীয়া সকল তেনেই Outdated!
পঞ্চোৰ্ধৰ আমি প্ৰায়খিনিয়েই নাজানো নতুন টেকনলজিৰ ব্যৱহাৰ।মবাইল, কম্পিউটাৰ বা লেপটপ জাতীয় উন্নত যন্ত্ৰবোৰৰ ব্যৱহাৰ আমাৰ বাবে কঠিন।ভয়ে ভয়ে আনকি হাতত ম’বাইল টো তুলি লওঁ,কিজানি ভূলতে হাত লাগি কʼৰবাত হৈ যায় অঘটন..।
ফেচবুক বা হোৱাটছএপৰ নাম শুনি এবাৰ ব্যৱহাৰ কৰাৰ মন মোৰো জাগিছিল।
আজিৰ এক যোগাযোগৰ মাধ্যম হোৱাটছএপ টেকনলজিৰ বিৰল অৱদান।মোৰ জীৱনৰ এক অভিজ্ঞতাৰ বিষয়ে লিখাৰ সামান্য প্ৰয়াস কৰিলো টেকনলজিৰ ক্ষেত্ৰত।
তেতিয়া দুইদশকৰ সময় তেতিয়াৰ ম’বাইল বোৰত আজিৰ দৰে সুবিধা নাছিল বুলিব পাৰি বিশেষকৈ মই লোৱা নকিয়াৰ ১১০০ মডেলৰ ম’বাইল টোত।নম্বৰৰ চুইছ টিপি মাত্ৰ ফোন আৰু মেচেজহে কৰিব পাৰি।সেইয়াই সুখ।নৱবৰ্ষত বন্ধুবোৰৰ পৰা অহা শুভকামনা,বিপদ আপদত খা খবৰ,ফোন কল..সেইয়া আছিল স্বৰ্গীয় আনন্দ যি সামান্য ফোনটোতে সোমাই আছিল।এইটোৰেই প্ৰায় বহুবছৰ ব্যৱহাৰ কৰিলো মই।
 লাহে লাহে বজাৰলৈ উন্নত আৰু বহু সুবিধা থকা ম’বাইল আহিব ধৰিলে।
উঠি গ’ল পূৰণা মডেলৰ ম’বাইল বোৰ।
লগৰ বন্ধু সকলৰ হাততো উন্নত মানৰ ম’বাইল দেখি মোৰ লাজ লাগিছিল। অৱশেষত এদিন হাৰ মানি এটা উন্নত মানৰ মবাইল লবলৈ বাধ্য হলোঁ মইও। কাৰ্য্যক্ষেত্ৰত দেখা গ’ল আজিৰ পৰিপেক্ষিতত এনে এটা ম’বইল  দেখোন খুউবেই জৰুৰী।
কি নাই এনে ম’বাইল ত? সময়,বতৰ, নিদিষ্ট ঠাইৰ বিৱৰন,ইত্যাদি বোৰৰ লগতে ফেচবুক আৰু হোৱাটছএপ,আৰু যে কত কি!
অৱশ্যে মই সকলো ব্যবহাৰ কৰিব নাজানো একমাত্ৰ উল্লেখিত দুটাৰ বাহিৰে। ফেচবুকত এটা একাউন্ট খুলি লʼলো আনৰ হতোৱাই।আচৰিত..এখন নতুন প। পৃথিৱী.. চিনাকী অচিনাকী মানুহৰ ফটো বোৰ দেখি প্ৰথমে আচৰিত হৈছিলো,কাৰবাক সুধিবলৈও লাজ লাগে বা নিজকে একো নাজানো বুলি ভাবি তলত পৰিব বিচৰাও নাছিলো বাবেই নেকি নিজেই শিকো বুলি দৈনিক মই ম’বাইলৰ ভিতৰত বাস কৰাৰ দৰে হৈ পৰিছিলো।
 একেই অৱস্থা হোৱাটচএপৰ ক্ষেত্ৰতো।
দে বুলিলেই এখন গুৰুত্বপূৰ্ণ নথি পত্ৰ প্ৰয়োজনত ম’বাইলৰ যোগেৰেই সৰবাহ কৰিব পাৰি দেখোন দূৰেৰ ঘৰৰ পৰা,নোযোৱাকৈ।
অনুভৱ কৰিছো এইবোৰ মাধ্যমে আমাক যে বহু শিক্ষা দিছে লগতে আগবঢ়াই নিছে,খৰতকীয়া কৰিছে সকলোবোৰ।
আচলতে,মূল কথা হল উচিত ব্যৱহাৰিক জ্ঞানৰ,যিটোৰ অপব্যৱহাৰ এচামে কৰি আছে বাবেই মোৰ বয়সীয়া প্ৰায়সংখ্যক লোকৰ‌ মনত ম’বাইল আৰু চচিয়েল মিডিয়াৰ প্ৰতি এটা‌ নঞাৰ্থক,নকৰাত্মক বা সম্পূৰ্ণ ভূল এটা ধাৰণা গঢ়ি উঠে অজানিতেই।
নিজেই ব্যৱহাৰিক জগতত সোমাই হে উপলব্ধি কৰিব পাৰিলো আচলতে ভূল কোন। ম’বাইলটো নে ম’বাইল ব্যৱহাৰকাৰী জন?
মোৰ শিক্ষা জীৱনত লগ পোৱা বন্ধু বান্ধৱী সকলক যোগাযোগ আৰু সময়ৰ অভাাৱৰ বাবে লগপোৱা আৰু দেখা পোৱাৰ সৌভাগ্য নোহোৱাৰ দৰেই হৈ হ
গৈছিল। কিন্তু চচিয়েল মিডিয়াৰ জৰিয়তে এতিয়া সকলোৰে লগত কথাবতৰাটো হয়েই,দেখাও হ’বলৈ সুবিধা পালো।যেন এটা শ্ৰেণী কোঠাত আৱদ্ধ হৈ আছো আমি.. সঁচাকৈয়ে এৰি অহা সোনোৱালী দিন বোৰক ৰোমন্থন কৰি বৰ আনন্দ পাওঁ,নিজকে তেতিয়া শত্তিশালী ব্যক্তি হিচাপে অনুভৱ কৰো। এইবোৰ সুবিধাই আমাৰ দৈনন্দিন জীৱনত বহু শিক্ষা দিয়ে,আনন্দ,খবৰ বিনিময় কৰি আমাক অকলশৰীয়া ভাৱৰ পৰা আতঁৰাই ৰাখে।সুখী হ’বলৈ এটা নতুন বাট দিয়ে।
ব্যক্তিগত ভাৱে,মই ভাৱো‌ যে মাত্ৰ উচিত সময় আৰু ব্যৱহাৰে কেতিয়াও কাকো অপযশ নানে লাগিলে ই জীৱিত বা যন্ত্ৰয়েই হওঁক। কিন্তু সেইবুলি সম্পূৰ্ণ Addicted হোৱাও বেয়া।মই মোৰ উদাহৰণ কে দিওঁ যে সদায় মুখৰ আগত বাৰ,তাৰিখ মনত ৰখা মই বা মোৰ দৰে আনকো দেখিছো যি  আজি তাৰিখ/বাৰ কি বুলি সুধিলে ম’বাইলটো হে চাই।দুইয়ে দুইয়ে কিমান বুলিলেও হিচাপ ইত্যাদিবোৰ  পাহৰা যেন ভাৱ লৈ ম’বাইল ব্যৱহাৰ কৰি সঠিকতা নিৰূপন কৰে বা Confrim হয়।এনে বোৰে আমাৰ স্মৃতি শত্তিক ক্ষতি কৰিব যেন লাগে।
যা হওঁক আজিৰ পৰিস্থিতিত আমি সময়ৰ লগত যোৱাতো উচিত যদিওঁ ইংৰাজীৰ সেই কথা ফাকি সদায়েই মনত ৰখা ভাল যে–old is always gold.
দিলীপ কুমাৰ বৰা
9365023240