সমগ্ৰ ইউৰোপক ৫০ ডিগ্রী চেলছিয়াছ পর্যন্ত তাপমানৰ বাবে সাজু থাকিবলৈ সকীয়নি

pc Business - Insier

সমগ্ৰ ইউৰোপক ৫০ ডিগ্রী চেলছিয়াছ পর্যন্ত তাপমানৰ বাবে সাজু থাকিবলৈ সকীয়নি

অনলাইন বাৰ্ত্তাসেৱা – ৪৮.৮ ডিগ্ৰী চেলছিয়াছ হয়গৈ ইটালিৰ ছিছিলিৰ তাপমান। স্থানীয় কৰ্তৃপক্ষই সদৰী কৰা মতে, এই তাপমান ইউৰোপৰ সৰ্বকালৰ সৰ্বাধিক৷ এনে উষ্ণ প্ৰবাহৰ বাবে সমগ্ৰ ইউৰোপক ৫০ ডিগ্রী চেলছিয়াছ পর্যন্ত তাপমানৰ বাবে সাজু থাকিবলৈ সকীয়াই দিয়ে। ইটালিৰ লগতে দক্ষিণ ইউৰোপত উষ্ণতাই অতি গুৰুতৰ ৰূপ ধাৰণ কৰে। ইতিমধ্যে, ছিছিলিত বনজুইৰ ফলত ৪ জনকৈ লোকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে। শতাধিক স্থানত সূত্রপাত হোৱা অগ্নিকাণ্ডৰ বাবে তাপমান অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে ইউৰোপৰ ঠাই বিশেষে। ব্ৰিটেইনৰ বতৰ বিজ্ঞান কার্যালয়ে সকীয়াই দিয়া মতে, এনে বৰ্ধিত তাপমানৰ প্ৰতি লক্ষ্য ৰাখি ইউৰোপ ৫০ ডিগ্রী পর্যন্ত তাপমানৰ বাবে সাজু থকা উচিত। জলবায়ুৰ পৰিৱৰ্তনৰ বাবে ইউৰোপত শেহতীয়াভাৱে উষ্ণতাই পূৰ্বৰ অভিলেখ ভংগ কৰিছে। ব্ৰিটেইনৰ জলবায়ু দপ্তৰৰ দায়িত্বত থকা অধ্যাপক পিটাৰ স্কটে সদৰী কৰা মতে ইউৰোপত ক্ৰমে বাঢ়িবলৈ লৈছে তাপমান। ২০১৯ চনত ফ্ৰান্সত প্ৰথমবাৰৰ বাবে ইউৰোপত তাপমান সর্বাধিক ৪৫ ডিগ্রী চেলছিয়াছ হৈছিলগৈ আৰু এই তাপমান ক্রমাৎ বাঢ়িবলৈ লৈছে জলবায়ুৰ পৰিৱৰ্তনৰ বাবে। প্ৰাক-ঔদ্যোগিক সময়ৰ পৰা পৃথিৱীৰ তাপমান ১.১ ডিগ্রী চেলছিয়াছ গড়ে বৃদ্ধি পাইছে যদিও ঠাই বিশেষেহে অধিক হৈছে তাপমান বৃদ্ধিৰ পৰিমাণ।

(UD.)