সপ্তাহত দুদিনকৈ জ্যোতিচিত্ৰবনত প্ৰদৰ্শন হওক অসমীয়া ছবি-গোপাল জালান

সপ্তাহত দুদিনকৈ জ্যোতিচিত্ৰবনত প্ৰদৰ্শন হওক অসমীয়া ছবি

গোপাল জালান

অসমীয়া ছবিত দৰ্শক নাই৷ অসমীয়া ছবি নচলে৷ অসমীয়া ছবিৰ প্ৰতি দৰ্শকৰ আগ্ৰহ কম৷ অসমীয়া ছবিক নৱ প্ৰজন্মই গুৰুত্ব নিদিয়ে… ইত্যাদি কথাবোৰ দীৰ্ঘদিনৰ পৰাই শুনি আহিছো৷ ভৱিষ্যতেও শুনিয়েই থাকিব লাগিব৷ কিন্তু সেইবোৰ কথাৰ ওপৰত কিমান গৰাকীয়ে সূক্ষ্ম আৰু গঠনমূলক পৰামৰ্শ আগবঢ়াইছে৷ কেৱল নেতিবাচক মনোভাবেৰেই আমিবোৰ আগুৱাই গৈছো৷ আমি আত্মসমালোচনা আৰু আত্মবিশ্লেষণ নকৰাকৈয়ে এইবোৰ কথা সদায় কৈ আহিছো৷ আনকি এইবোৰ কথা শুনি শুনি বহুতেই বিৰক্ত৷ আনহাতে বহুলোকেই এনে ধৰণৰ চৰ্চিত বচন শুনিবলৈ আগ্ৰহীয়েই নহয়৷ আমি সদায় অসমীয়া চলচ্ছিত্ৰ সন্দৰ্ভত নেতিবাচক মনোভাৱেৰে আগুৱাইছো বাবেই আজিলৈকে এই সন্দৰ্ভত ইতিবাচক আলোচনা হোৱা নাই৷ দৰাচলতে অসমীয়া চিনেমাৰ মান নিম্ন নে আৰু নেতিবাচক প্ৰচাৰ সদায় চলাই আহিছো বাবে আজিও এই পৰিধিৰ পৰা ওলাব পৰা নাই৷ এইখিনিক এই কথা মনলৈ আহিছে– অসমীয়া ছবিত দৰ্শক নাই, নে দৰ্শকক আকৰ্ষণ কৰিবলৈ যিবোৰ পদক্ষেপৰ প্ৰয়োজন সেয়া আমি ভালদৰে বিশ্লেষণ কৰিব পৰা নাই? কেবল সমালোচনাৰে সমস্যাৰ সমাধান কৰিব নোৱাৰি৷ ইয়াৰ বাবে প্ৰয়োজন উপযুক্ত পৰিকল্পনাৰ৷
জ্যোতি চিত্ৰবন বুলি ক’লেই সকলোৰে মনলৈ আহে অসমীয়া ছবিৰ কথা৷ অসমীয়া চলচ্ছিত্ৰৰ সৈতে জড়িত হৈ থকা জ্যোতি চিত্ৰবন হৈছে এনে একক্ষেত্ৰ য’ত প্ৰচুৰ সমল বিচাৰি পোৱা যায়৷ অসমীয়া চলচ্ছিত্ৰ জগতৰ আত্মা বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷ সেয়েহে সম্প্ৰতি অসমীয়া ছবি ছবিগৃহত নচলে বুলি চলি থকা কথাৰ অন্ত পেলাবলৈ জ্যোতি চিত্ৰবনে বিশেষভাব পদক্ষেপ গ্ৰহণ কৰাৰ থল আছে৷ বহুতো দৰ্শকৰ এতিয়া চিনেমা চোৱাৰ ইচ্চা থকাৰ পিছতো অসমীয়া চলচ্ছিত্ৰ প্ৰদৰ্শন কৰা হ’লৰ টিকটৰ উচ্ছ হাৰ হোৱা বাবে এখোজ আগুৱাই দুখোজ পিছুৱাবলগীয়া হৈছে৷ কাৰণ যি সকলে চিনেমা চাৱ খোজে তেওঁলোকৰ হাতত যিমান ধনৰ প্ৰয়োজন তাৰ অৰ্ধেকো লগত নাথাকে৷ আনহাতে, বহুতো চিনেমা হলত দৰ্শক থকাৰ পিছতো এসপ্তাহ চলোৱাৰ লগে লগেই বন্ধ কৰি দিয়ে৷ হিন্দী অথবা ইংৰাজী ছবি প্ৰদৰ্শন কৰে৷ এইবোৰত টিকটৰ বাবে হেতা ওপৰা নলগালেও চলাই থাকে৷ সেইবাবে জ্যোতি চিত্ৰবনত প্ৰতি শনিবাৰ আৰু দেওবাৰে দুটাকৈ দৰ্শনীত অসমীয়া ছবি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিব লাগে৷ কিয়নো যিসকল চিনেমাপ্ৰেমী ৰাইজে ধনৰ অভাৱত ছবি উপভোগৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে তেওঁলোকে নি(য়কৈ সুবিধা পাব৷ সপ্তাহত দুদিনকৈ অসমীয়া ছবি প্ৰদৰ্শন কৰা হ’লে অসমীয়া ছবিৰ দৰ্শকৰ সংখ্যাও বৃদ্ধি হ’ব আৰু প্ৰয়োজক তথা পৰিচালক সকলেও উৎসাহ পাব৷ যিমানেই এনে উৎসাহ লাভ কৰিব, সিমানেই ছবিৰ সংখ্যাও বাঢ়িব৷ নৱ প্ৰজন্মক অসমীয়া ছবি চাবলৈ সুযোগ কৰি দিবলৈ এতিয়া এনেধৰণৰ চিন্তা-চৰ্চাৰ প্ৰয়োজন কৰা যায় তেতিয়াহলে প্ৰায়ভাগ লোকৰ চিনেমা জগতৰ অন্যতম গুৰুত্বপূৰ্ণ ঠাইখিনিলৈকে অগণন দৰ্শকৰ ভিৰ হ’ব৷ এনে কৰাৰ ফলত যি পৰিমাণত ধন সংগ্ৰহ হ’ব সেয়া জ্যোতি চিত্ৰবনৰ উন্নয়নৰ বাবে নি(য় ব্যয় কৰিব পাৰিব৷ তেতিয়া জ্যোতি চিত্ৰবনেও লাভ কৰিব আন এক পৰিচয়৷ এইখিনিতে কোনোবাই হয়তো প্ৰশ্ন কৰিব পাৰে যে এতিয়া জ্যোতি চিত্ৰবনৰ পৰিচয় নাই নেকি? নিশ্চয় আছে৷ এই পৰিচয়ৰ উপৰি-নৱ প্ৰজন্মৰ মাজত এনেধৰণে যদি প্ৰচাৰ কৰিব পৰা যায় তেতিয়া হ’লে হয়তো এই ক্ষেত্ৰখনে আৰু নতুন গতি লাভ কৰিব৷ প্ৰতিগৰাকী-অসমত বসবাস কৰা লোকে বিচৰা ধৰণে এতিয়াও জ্যোতি চিত্ৰবনে লাভ কৰা নাই৷
এই প্ৰদৰ্শনী দুটাৰ সময় এনেদৰে নিদ্দিৰ্ষ্ট কৰিব লাগে যাতে গ্ৰামাঞ্চলৰ পৰা চিনেমা চাবলৈ অহা লোকসকলেও এখন চিনেমা প্ৰত্যক্ষ কৰি সময় মতে ঘৰলৈ উভতিব পাৰে৷ কাৰণ গ্ৰামাঞ্চলৰ পৰা অহা বহু সংখ্যক লোকৰেই এইখন মহানগৰীত নিশা থাকিবলৈ ঠাইৰ অভাব৷ আনহাতে, হোটেল আদিত বাহৰ পাটিও থাকিবলৈ যথেষ্ট অৰ্থৰ প্ৰয়োজন৷ যদি একেলগে বহুতো লোকে চিনেমা চাবলৈ আহে তেতিয়া হ’লে বাছ ভাড়াও কম হ’ব আৰু একেলগে ছবি চাবলৈ অহাতো আছে সুকীয়া আনন্দ৷ তদুপৰি যেতিয়া কেইবাখনো বাছ দূৰ দূৰণিৰ পৰা আহি একঠাইত গোট খায় তেতিয়া হ’লে ৰাইজৰ মাজত প্ৰচাৰো হয় ইতিবাচক৷ তেতিয়া মানুহৰ এই সন্দৰ্ভত থকা ধাৰণাৰো সলনি হব৷
পৰীক্ষামূলকভাবে জ্যোতি চিত্ৰবনত সপ্তাহত দুদিনকৈ চিনেমা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিলে প্ৰতিটো ক্ষেত্ৰতেই হ’ব লাভ৷ এয়া প্ৰত্যক্ষ অথবা পৰোক্ষ লাভালাভ হ’ব পাৰে৷ যদি কেনেবাকৈ সফল-হয় তেতিয়া হলে অসমৰ বিভিন্ন ঠাইত স্মৃতি বিজড়িত অনুষ্ঠানত এনেদৰে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিলে নিশ্চয় সকলোৱে আদৰি ল’ব৷