সপোন তুমি আহিবা! – সত্যজিৎ কলিতা

ৰাতি হোহোৱাই অহা ধুমুহাজাকত
খিৰিকীৰ কাঁচত বৰষুণৰ চিটিকনিৰ শব্দত
মোৰ হৃদয়ত উমলৈ থকা
তোমাৰ নামৰ সপোনটোৱে সাৰপাই উঠে!
সপোন তুমি আহিবা!!

ফাগুনৰ পছোৱাত
মদাৰ-পলাশৰ সৰাফুলে
মোৰ হৃদয় বাগিচাত
তোমাৰ নামৰ দলিছা পাৰে!
সপোন তুমি আহিবা!!

শাৰদী জোনাকী এটি সন্ধিয়াত
জোনৰ নিৰ্মল পোহৰত
সকলো বাধা নেওচি
শেৱালিৰ সুগন্ধি ভাঁহি আহে
মোৰ সপোন দেশলৈ
আমোলমলাই দহোদিশ!
সপোন তুমি আহিবা!!

বাৰিষাৰ প্ৰথমজাক বৰষুণে
নমাই অনা জাৰত
কম্পিত মোৰ দেহ!
শিহৰিত মোৰ মন!
সপোন তোমাক সজোৰে সাবটি
প্রবাহিত হবলৈ দিম মোৰ দেহৰ উষ্ণতা
সপোন তুমি আহিবা!!