সন্দেহৰ অসুখীয়া মন – ৰূপালী মহন্ত

pc-dreatimes

সন্দেহৰ অসুখীয়া মন😢😢😢

অসুখীয়া মন এটা লৈ ফুৰিছো সণ্ঢালনি
লগত শৰীৰটো
কোনোবাই দেখিছেনেকি?
নাজানো
মনৰ মাজত ভয়ংকৰ ‘সন্দেহ’ নামৰ
চোকা এটা পোক
তীব্ৰ দংশনত সৰ্বশৰীৰত
দাগ বোৰ স্পষ্ট
সি নাজানে নুবুজে
কি শুনিছে কি ভাবিছে
অমৃতৰ ভাৰ বোৱা ৰথখন
চলাব নোৱাৰে
খিৰিকীৰে অহা সমীৰক নোশোধে
কিমান পৱিত্ৰ?
বাৰিষাৰ বহ্নিমান ব্ৰহ্মপুত্ৰক
অনুভৱ কৰিব নোৱাৰে
বিশালতাৰ কথা
মানসিক বিভ্ৰম
যেন ভুত বুলি ভয়খোৱা
মস্তিষ্কৰ ৰোগ
স্বপ্নকো কৰে উপহাস
ধৰ্মহীন মানুহৰ দৰে
স্বাৰ্থপৰ।
মনৰ ফলিখনত লিখা
টুপটুপীয়া কথা বোৰ
এতিয়া অস্পষ্ট
নাই সেই কোমলতা।
সন্দেহ বিদ্ৰোহ নিৰানন্দময়
এখন পূৰ্ণাংগ ছবি
সেয়ে লৈ ফুৰিছো এটা অসুখীয়া মন
পৃথিৱীখন শান্ত হওঁক
সন্দেহৰ ভাৰখন
লঘু হওঁক
জীয়া মানুহবোৰে
সুখী হৈ অসমাপ্ত
জীৱন আঁচনিক
উজ্জ্বলাই সৃষ্টিৰ
পাতনি মেলক
বাস্তৱ সুন্দৰ পৃথিৱীৰ।🙏🏼🙏🏼🙏🏼

ৰূপালী