সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক,শিক্ষাৰ্থী ক’ৰানাত আক্ৰান্ত

সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক,শিক্ষাৰ্থী ক’ৰানাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক,শিক্ষাৰ্থী ক’ৰানাত আক্ৰান্ত।মহানগৰ প্ৰশাসনে মহাবিদ্যালয়খনক মাইক্ৰ’কণ্টেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।৭ দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ মহাবিদ্যালয়।আগন্তুক ৭ ডিচেম্বৰলৈ মহাবিদ্যালয়খনক বন্ধ ঘোষণা কৰা হৈছে৷মহাবিদ্যালয়খনৰ সকলো শ্ৰেণীৰ পাঠদানৰ লগতে পৰীক্ষাসমূহো পৰৱৰ্তী জাননী নিদিয়ালৈকে স্থগিত কৰা হৈছে।চৌহদৰ ভিতৰত অকৰ্তৃত্বশীল লোক তথা বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।শেহতীয়াকৈ মহানগৰত ক’ভিড-১৯ৰ সংক্ৰমণৰ ঘটনা পুনৰ বৃদ্ধি পোৱা দেখা গৈছে।ক’ৰনাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ শিক্ষানুষ্ঠান খুলি দিয়া হৈছিল যদিও বহু কেইখন শিক্ষানুষ্ঠানৰ শিক্ষক,শিক্ষাৰ্থীৰ দেহত কোৰোনা সংক্ৰমণ হোৱাৰ বাবে পুনৰ পাঠদান বন্ধ কৰিবলগীয়া হৈছে।