“সন্তানৰ মোবাইল আসক্তি” (অভিভাৱকৰ ভূমিকা) – ড০ মিজানুৰ ৰহমান

PC Innovation Montreal

কিশোৰ-কিশোৰীৰ মাজত সামাজিক যোগাযোগ মাধ্যম ব্যৱহাৰ এক মানসিক ব্যাধি হৈ পৰিছে। সম্প্রতি এদল মার্কিন শিশু কল্যাণ বিশেষজ্ঞই ফেচবুকৰ প্রতিষ্ঠাতা মার্ক জোকাৰবাৰ্গলৈ ‘মেছেঞ্জাৰ কিড্‌ছ’ নামৰ কিশোৰবোৰৰ এটা এপ বন্ধ কৰাৰ বাবে আহ্বান কৰিছে। এই বিশেষজ্ঞসকলে উল্লেখ কৰে যে কিশোৰ-কিশোৰীসকলক এই প্লেটফৰ্মটি ব্যৱহাৰ কৰি উৎসাহিত কৰাটো এক দায়িত্বজ্ঞানহীন কাণ্ড। সেয়েহে ক’ব বিচাৰিছো যে যি সময়ত কিশোৰ-কিশোৰীৰ স্বপ্ন দেখা সময়, কেৰিয়াৰ গঢ়াৰ সময়, সেই সময়ত অভিভাৱকে অতিমাত্ৰা মৰমৰ অজুহাতত তুলি দিয়ে এটা আইফোন, স্মার্টফোন ইত্যাদি আৰু সিহঁতে ব্যস্ত থাকে ‘পাব জী’ দৰে আত্মঘাতী খেলত, ফেচবুকত আপলোড দি কিমানটা লাইক, শ্বেয়াৰৰ সোঁত বয় তাৰে প্ৰতিযোগিতাত যাৰ ফলত সিহঁতৰ ঘটে বুদ্ধিৰ বন্ধ্যাত্ব, বিঘ্নিত হয় মেধাৰ বিকাশ। এই সামাজিক মাধ্যম ব্যৱহাৰৰ প্ৰতি তীব্র আসক্তি তৈয়াৰ হোৱাৰ কাৰণ হ’ল অভিভাৱকৰ শিথিল অনুশাসন, যাৰ ফলত কিশোৰ-কিশোৰীবোৰৰ অধিক সময় ব্যয় হয়, টোপনিত ব্যাঘাত জন্মে আৰু যৌন অভিপ্রায় বৃদ্ধি হয় আৰু সিহঁতক এই প্ৰভাৱে বিকাৰগ্ৰস্ত কৰি তোলে ৷ আটাইতকৈ নেতিবাচক দিশটো হ’ল কিশোৰ-কিশোৰীসকলে পৰ্নছাইটত প্ৰৱেশ কৰি উন্মুক্ত হৈ পৰে। সহজতে বয়স্কসকলৰ ছাইটত প্ৰৱেশ কৰি সিহঁতৰ অপৰিপক্ক মানসিকতাত ক্ষতিকৰ প্ৰভাৱ পেলায়। অভিভাৱসকল নিজ সন্তানক পৰামৰ্শ বা পৰিচালনা কৰাত অভিজ্ঞ, কিন্তু নিজ সন্তানৰ প্ৰতি অত্যাধিক মৰম দেখুৱাই হাতত এণ্ড্ৰয়ড মোবাইল তুলি দি পাছলৈ সন্তানবোৰ কিমানদূৰ সিহঁতৰ নিয়ন্ত্রণাধীন হয় সেয়া ভুক্তভোগী অভিভাৱকসকলে নিশ্চয় জানে। এজন শিক্ষকতাৰ বৃত্তিত থাকি দেখিবলৈ পাইছো একাংশ অভিভাৱকে নিজৰ সন্তানক পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিলে এণ্ড্ৰয়ড মোবাইল দিব বুলি প্রতিশ্রুতি দিয়ে। অভিভাৱসকলৰ এই ধ্বংসমুখী পদক্ষেপৰ ফলত সন্তানে নিজৰ পৰীক্ষাৰ ফলাফলতকৈ পৰীক্ষা শেষ কৰাৰহে অপেক্ষাত থাকি পাবলগীয়া এণ্ড্ৰয়ড মোবাইলৰ সপোনত বুৰ গৈ থাকে৷ ইয়াৰ পৰা ল’ৰা-ছোৱালীৰ কিমান লাভ-লোকচান হৈছে সংশ্লিষ্ট অভিভাৱকসকলে পাছত অনুভৱ কৰে। ল’ৰা-ছোৱালীক প্রথমে হাতত মোবাইল তুলি দি পাছত মোবাইল আসক্তিৰ পৰা নিয়ন্ত্রণাধীন নহ’লে বর্তমান-ভৱিষ্যৎ বুজি নোপোৱা ল’ৰা-ছোৱালীক অভিভাৱকে অত্যধিক চাপ দি থাকে আৰু পাছত মোবাইলত বুৰ গৈ থকা ল’ৰা-ছোৱালীক নিজে নিজৰ ভৱিষ্যৎ বুজি পাবা বুলি গা এৰা দি থাকিবলৈ বাধ্য হ’ব লগা হয়। নিজ সম্ভানক নিয়ন্ত্রণাধীন কৰিব নোৱাৰাৰ পাছতো অভিভাৱকে সন্তানৰ পৰা ভাল কেৰিয়াৰ আশা কৰিব পাৰেনে? এইক্ষেত্ৰত অভিভাৱসকলে কোনো মনোবিজ্ঞানী বা চিকিৎসাবিদৰ পৰা নিজৰ সন্তানৰ মংগলৰ বাবে পেৰেণ্ট কাউন্সিলিং লোৱাটো কেতিয়াও দেখা নাযায় যিটো অত্যন্ত দৰকাৰ। কিয়নো ল’ৰা-ছোৱালীক প্ৰথমতে অতি আদৰৰ অজুহাতত মোবাইল তুলি দি পাছত মোবাইল ব্যৱহাৰ নিষেধ কৰিবলৈ, পাব জী নেখেলিবলৈ সঘনে নির্দেশনা দি থাকিলে অত্যাধিক মানসিক চাপত কেতিয়াবা ল’ৰা-ছোৱালীয়ে কৈশোৰকালতে নিদ্রাহীনতা, আচৰণৰ বিসংগতি, কেতিয়াবা আত্মহত্যাৰ দৰে চৰ্ম ঘটনাও দৃষ্টিগোচৰ হোৱা দেখা গৈছে।

একাংশ ছাত্র-ছাত্রীয়ে পিতৃ-মাতৃৰ ওচৰত পাঠ্যক্ৰমৰ বিষয়বস্তুবোৰ ইণ্টাৰনেটত উপলব্ধ হয় বুলি স্মার্টফোন দাবী কৰে আৰু পিতৃ-মাতৃয়ে নিজৰ সামর্থ্য থকা বুলি ভাবি কিনিও দিয়ে। কথাটো হয় যে ইণ্টাৰনেটত বস্তুবোৰ উপলব্ধ হয়, NEET, JEE, NDA আদিৰ দৰে প্রতিযোগিতামূলক পৰীক্ষাৰ কাৰ্যসূচী, প্ৰ-পত্ৰ পূৰণ কৰা,  কিছুমান অধ্যয়ন সামগ্রী উপলব্ধ হয় কিন্তু হাইস্কুল শিক্ষান্ত বা উচ্চতৰ মাধ্যমিকৰ দৰে চূড়ান্ত পৰীক্ষাৰ আগতে ইণ্টাৰনেটত উপলব্ধ অধ্যয়ন সামগ্রী বিচাৰিব গৈ ল’ৰা-ছোৱালীয়ে এইটো বয়সত সামাজিক মাধ্যমত কিমান সময় অপচয় কৰিছে আৰু ইয়াৰ প্ৰতি আসক্তি হৈ নিজৰ কিদৰে অৱক্ষয় ঘটাইছে তাৰ প্ৰতি অভিভাৱক সচেতন হৈছেনে? ইণ্টাৰনেটত উপলব্ধ সামগ্ৰীবোৰ ছাত্র-ছাত্রীয়ে পিতৃ-মাতৃ বা শিক্ষকৰ সহায়তো সম্পন্ন কৰি ল’ব পাৰে।

ব্ৰিটেইনৰ ড°ৰঞ্জন চেটাৰ্জীয়ে কৈছে যে কিশোৰ-কিশোৰীৰ মাজত সামাজিক যোগাযোগ মাধ্যম ব্যৱহাৰ এটা মানসিক সমস্যা। চট্টগ্রাম বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত এক গৱেষণাত পাইছে যে সামাজিক মাধ্যমৰ ফলত অনৈতিক কর্মকাণ্ড বৃদ্ধি পাইছে। ল’ৰা-ছোৱালীক সামাজিক মাধ্যম হাতৰ মুঠিত তুলি নিদি পিতৃ-মাতৃ নিজে সামাজিক হওক তাৰ পাছত ল’ৰা-ছোৱালীক সামাজিক হোৱা শিকাওক। পিতৃ-মাতৃয়ে সন্তানক স্মার্টফোন ব্যৱহাৰ কৰিবলৈ দিয়াৰ আগতে নিজে স্মার্ট হওক। ল’ৰা-ছোৱালীক হাতত মোবাইল তুলি নিদি অধ্যয়নৰ লগতে সমান্তৰালকৈ সম্ভৱপৰ অইন কিছুমান ক্রিয়াকলাপ যেনে— নাচ-গান, অভিনয় আদি প্রতিযোগিতামূলক দিশত ব্যস্ত ৰাখিলে নিশ্চয় মোবাইলৰ প্ৰতি এনে আসক্তি কম থাকিব। আন এটা উপায়েৰে ল’ৰা-ছোৱলীক কমপক্ষে নিয়ন্ত্রণ কৰিব পাৰি এইটো হ’ল প্রযুক্তিবিদ্যাই উলিওৱা ‘Famisafe Parentral Control and Location Tracker’ নামৰ এটা এপৰ দ্বাৰা পিতৃ-মাতৃয়ে ল’ৰা-ছোৱালীক দৈনিক কিমান সময় সামাজিক মাধ্যম ব্যৱহাৰ কৰিছে তাক চাব পাৰিব আৰু নিয়ন্ত্রণো কৰিব পাৰিব। এইটোও বাস্তৱ যে আজিৰ সময়ত মোবাইল অপৰিহাৰ্য হৈছে। লাহে লাহে হার্ডকপি নোহোৱা হৈ পৰিছে, online, E-Book আদি আহি পৰিছে। কিন্তু এটা নিৰ্দিষ্ট বয়সলৈ ল’ৰা-ছোৱালীৰ হাতত মোবাইল দিয়াটো সমীচীন নহয়।

***