সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিমানবন্দৰৰ নাম সলনিত তীব্ৰ বিৰোধিতা

pc-Pratidin Times

সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিমানবন্দৰৰ নাম সলনিত তীব্ৰ বিৰোধিতা

অনলাইন বাৰ্ত্তাসেৱা– উত্তৰ-পূৰ্বাঞ্চলৰ এক মাত্ৰ আন্তৰ্জাতিক বিমানবন্দৰ বিচাপে পৰিগণিত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰটো আদানি গ্ৰুপক হস্তান্তৰ কৰাৰ লগতেঅসম আৰু অসমীয়া জাতিৰ স্বাভিমান লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নাম ষড়যন্ত্ৰমূলকভাৱে সলনি কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰিছে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকে এক বিবৃতিযোগে কয য়ে- সমগ্ৰ অসমীয়া জাতিৰ স্বাভিমান জড়িত হৈ থকা গুৱাহাটীৰ আন্তৰ্জাতিক বিমানবন্দৰটোৰ নাম ভৰতৰত্ন নোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত চিৰকাল থাকিব লাগিব।

 

(RT)