“সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ ২১০৭ জন কৰ্মচাৰীক মাৰ্চ মাহৰ ভিতৰত নিযুক্তি দিব”- শিক্ষামন্ত্ৰী ডা০ ৰনোজ পেগুৰ আশ্বাস

“সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ ২১০৭ জন কৰ্মচাৰীক মাৰ্চ মাহৰ ভিতৰত নিযুক্তি দিব”- শিক্ষামন্ত্ৰী ডা০ ৰনোজ পেগুৰ আশ্বাস

আদিলুৰ ৰহমান,টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ ২১০৭ জন কৰ্মচাৰীক আগন্তুক মাৰ্চ মাহৰ ভিতৰত নিযুক্তি দিব বুলি আজি আশ্বাস প্ৰদান কৰে শিক্ষামন্ত্ৰী ডা০ ৰনোজ পেগুৱে। আজি জনতা ভৱনত সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাই শিক্ষামন্ত্ৰী ডা০ ৰনোজ পেগুক সাক্ষাৎ কৰি শিঘ্ৰে পদ প্ৰাদেশিকীকৰণৰ ফাইলৰ অনুমোদন দি ৩১ মাৰ্চৰ ভিতৰত নিযুক্তি দিবৰ বাবে আবেদন জনায়। শিক্ষামন্ত্ৰীয়ে সমিতিৰ বিষয়ববীয়া সকলৰ লগত বিষয়টোৰ ওপৰত আলোচনা কৰি আগন্তুক মাৰ্চ মাহৰ ভিতৰত নিযুক্তি দিব বুলি আশ্বাস প্ৰদান কৰে বুলি সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ হৈ সাধাৰণ সম্পাদক মহিদুল কবিৰে সাংবাদিকক জানিবলৈ দিয়ে। আজি জনতা ভৱনৰ শিক্ষামন্ত্ৰীৰ সাক্ষাৎ কাৰ্যসূচীত সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ হৈ সাধাৰণ সম্পাদক মহিদুল কবিৰ, সদস্য ক্ৰমে খাজা মাইনউদ্দিন, মাইনুল হক, শুকুৰ আলী, আব্দুল কৰিম, হজৰত আলী, শ্বহৰ আলী, বাদশ্বাহ আলী, বহুল উদ্দিন, আব্দুল ৰশ্বিদ, আব্দুল মতিন, প্ৰবীন ৰাজবংশী, জ্যোতিষ ৰায়, ইব্ৰাহিম খলিল, আব্দুল হামিদে শিক্ষামন্ত্ৰীৰ হাতত আবেদন দাখিল কৰে।