সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামক সাক্ষাৎ

সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামক সাক্ষাৎ

আদিলুৰ ৰহমান, টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে মংগলবাৰে জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামক সাক্ষাৎ কৰি অহা মাৰ্চ মাহৰ ১৪ তাৰিখে অনুষ্ঠিত হব লগিয়া বাজেট অধিবেশনত তেওলোকৰ বিভিন্ন সমস্যা সমূহ উত্থপন কৰিবলৈ অনুৰোধ জনাই। তেওলোকে বিধায়ক গৰাকীক দিশপুৰৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি পদ প্ৰাদেশিকীকৰণৰ বিষয়টো বিশেষকৈ কেতিয়াৰ পৰা নিযুক্তি, কেতিয়াৰ পৰা দৰমহা মুকলি আৰু ফাইলৰ পুনৰীক্ষণ প্ৰক্ৰিয়া অতি সোনকালে শেষ কৰিবলৈ, সম্পূৰ্ণ দৰমহা কাৰনে দাবী উত্থাপন কৰি শিক্ষামন্ত্ৰী লৈ প্ৰশ্ন উত্থাপন বাবে অনুৰোধ জনাই। বিধায়ক হাফিজ ৰফিকুল ইছলামেও বিষয়টো গুৰুত্বসহকাৰে লৈ প্ৰশ্ন সমূহ বিধানসভাৰ অধ্যক্ষলৈ প্ৰেৰন কৰিব বুলি আশ্বাস প্ৰদান কৰে। যোৱা কালি বিধায়ক গৰাকীক সাক্ষাৎকালত সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক মহিদুল কবিৰ, প্ৰনয় নাথ, অমল সূত্ৰধৰ, দিপ্তী ৰয়, ধনঞ্জয় দাস, আবুল বাতেন, হজৰত আলী, বদশ্বাহ আলী, আব্দুল জলিল কাজীকে আদি কেইবাগৰাকী লোকে অংশ গ্ৰহণ কৰে।