সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সংবাদ মেল

সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা- ১৯১২ চনত প্রতিষ্ঠা লাভ কৰা সদৌ অসম কোচ ৰাজবংশী সন্মিলনী অসমৰ প্রাচীন সর্ববৃহৎ জাতীয় সংগঠন। এই সন্মিলনী প্রতিষ্ঠা কালৰ পৰাই নিজস্ব সংবিধানৰ আধাৰত পৰিচালিত হৈ আহিছে। সন্মিলনীৰ সংবিধান অনুসৰি পৰিচালিত স্বাভিমানী জাতীয় সংগঠনটো সম্প্রতি সাংবিধানিক সংকটৰ গৰাহত পৰিছে। এই কথা সদৰি কৰে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে৷ দিছপুৰ প্ৰেছ ক্লাবত সংগঠনটোৱে অনুষ্ঠিত কৰা সংবাদ মেলত সভাপতি মহেন্দ্ৰ ডেকা,মহিলা সন্মিলনীৰ সভানেত্ৰী ছন্দা সিংহ তালুকদাৰে কয়- সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সংবিধান অনুসৰি সন্মিলনীৰ দ্বি-বার্ষিক অধিৱেশনখন বন্ধ সভাগৃহৰ ভিতৰত প্রতিধিনিত্ব মূলক সাধাৰণ সভাই সর্বসন্মতভাৱে প্ৰস্তাৱ গ্ৰহণ কৰে আৰু পৰৱর্তী দ্বি বার্ষিকৰ বাবে নতুন কার্যনির্বাহক সমিতিখন গঠন কৰে।সেই অনুসৰি ২০২১ বৰ্ষৰ ২০ ফেব্ৰুৱাৰীত টংলাৰ ভেৰগাওঁত সন্মিলনীৰ ভাৰপ্রাপ্ত সভাপতি দিলীপ কুমাৰ বৰা আৰু সাধাৰণ সম্পাদক ৰঞ্জিত কুমাৰ ৰায়ৰ আহ্বান ক্রমে অনুষ্ঠিত ৩০ সংখ্যক দ্বি-বার্ষিক অধিৱেশনত অসমৰ বিভিন্ন জিলাৰ প্রতিনিধিক নিমন্ত্রণ কৰাই প্রতিনিধি সভাৰ নামত আয়োজিত সভাত হােৱা উশৃংখল পৰিস্থিতি সম্পৰ্কত ইতিমধ্যে প্ৰচাৰ হৈছে৷সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ স্ব-স্বীকৃত সভাপতি প্রণৱ নাৰায়ণৰ লগতে টংলাৰ ভেৰগাওঁ দ্বি-বার্ষিক অধিৱেশনৰ প্রতিনিধি সভাৰ সভাপতি দিলীপ কুমাৰ বৰাৰ বিৰুদ্ধে ইতিমধ্যে সন্মিলনীৰ ১১ গৰাকীকৈ জ্যেষ্ঠ সদস্য তথা ভেৰগাওঁ অধিৱেশনৰ প্রতিনিধি ক্রমে মহেন্দ্ৰ ডেকা, প্রকাশ দত্ত, কনক চন্দ্ৰ ৰায়,নাৰায়ন ৰাজবংশী, প্রদীপ কুমাৰ বৰা,  ইন্দ্রমােহন ডেকা, সতীশ মেধি,প্ৰবীন চন্দ্র বৰা, কৈল্যাণ ডেকা, প্রবীৰ কুমাৰ বৰা, দিগন্ত ডেকাই ন্যায়লয়ৰ দ্বাৰস্থ হৈ ৫৫/২০২২ আৰু ৫৭/২০২২ নম্বৰৰ দুটাকৈ গােচৰ আদালতত ৰুজু কৰিছে।সংবাদ মেলত যুটীয়া সম্পাদক দীপক বৰ্মন,নাৰায়ন ৰাজবংশী,সুবোধ তালুকদাৰ উপস্থিত থাকে৷