সদৌ অসম আৰক্ষী সন্থাই সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক

pc-Dna India

সদৌ অসম আৰক্ষী সন্থাই সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক

অনলাইন বাৰ্ত্তাসেৱা– মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সদৌ অসম আৰক্ষী সন্থাৰ জ্জজনীয়া দল এটাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সাক্ষাৎ কৰি দলটোৱে মুখ্যমন্ত্ৰীগৰাকীক এখন ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে আদৰণি জনায়। শুভে২৬ামূলকভাৱে কৰা আলোচনাকালত অসম আৰক্ষীৰ পৰিয়ালৰ বাবে কেন্দ্ৰীয় আৰক্ষী বাহিনীসমূহৰ নিচিনাকৈ ‘কেচ-লেচ হেলথ পলিচি’খনৰ অতি শীঘ্ৰে প্ৰৱৰ্তন কৰি আৰক্ষীক সকাহ দিয়াৰ লগতে এ পি আৰ অ’ কনিষ্টবল, হেড কনিষ্টবল, এ এছ আই সকলৰ গ্ৰেড-পেৰ আসোঁৱাহ, বেটেলিয়ান বাহিনীসমূহৰ [এ বি] হাবিলদাৰ আৰু এছ বি সংগঠনটোৰ [এ বি] হাবিলদাৰসকলৰ গ্ৰেড-পেৰ আসোঁৱাহসমূহ দূৰ কৰা, অসম আৰক্ষীৰ এছ আই সকলক পে বেণ্ড ২১ পৰা পে বেণ্ড 3লৈ উন্নীত কৰা, ইন্সপেক্টৰসকলৰ গ্ৰেড পে বৃদ্ধি কৰা, আৰক্ষী বাহিনীটোৰ অ-ৰাজপত্ৰিত ভুক্তভোগী আৰক্ষীসকলক টাইম বাউণ্ড প্ৰমোচন’ পদ্ধতিৰ সহায়ত অতি শীঘ্ৰে পদোন্নতি দিয়াৰ লগতে চাকৰি কালত অতি কমেও ৪ টালৈকে প্ৰমোচন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু অসম আৰক্ষীৰ এছ আই ইন্সপেক্টৰসকলৰ লগতে এ পি এছসকলৰ ইউনিফৰ্ম এলাউঞ্চ বৃদ্ধি কৰা ইত্যাদি দাবী সম্বলিত ‘স্মাৰকপত্ৰ’ মুখ্যমন্ত্ৰীগৰাকীৰ হাতত প্ৰদান কৰা হয়। আলোচনাৰ শেষত মুখ্যমন্ত্ৰীগৰাকীয়ে সঁজাতী দলটোক কয় যে আৰক্ষী সঞ্চালক প্ৰধান আৰু সন্থাৰ বিষয়-ববীয়াসকলৰ লগত আলোচনাত মিলিত হৈ আৰক্ষীৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে আতি শীঘ্ৰে এখন আলোচনা সভাত মিলিত হৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিয়ে। এক প্ৰেছ বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে সদৌ অসম আৰক্ষী সন্থাৰ সাধাৰণ সম্পাদক তাহেৰউদ্দিন আহমেদে।