সত্ৰৰ মাটিত উচ্ছেদ অভিযানত বাধা দিয়া বিধায়ক শ্বেৰমান আলীক আটক

সত্ৰৰ মাটিত উচ্ছেদ অভিযানত বাধা দিয়া বিধায়ক শ্বেৰমান আলীক আটক

ৰঙিলী বাৰ্ত্তাসেৱা- বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক আটক।বৰপেটা আৰক্ষীয়ে আটক কৰিলে বিধায়ক গৰাকীক।উচ্ছেদ অভিযানত বাধা দিবলৈ গৈ আটক হ’ল বিধায়ক গৰাকী।বৰপেটা সত্ৰৰ ৪০০ বিধা মাটিত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ গৈছিলে।সেই সময়তে উচ্ছেদস্থলীত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী উপস্থিত হৈ উচ্ছেদ বন্ধ কৰিবলৈ কয়।উচ্ছেদ অভিযানত বাধা দিয়াৰ লগতে বিধায়ক গৰাকীয়ে ঘটনাস্থলীতে ধৰ্ণা দিবলৈ ধৰে।লগে লগে তাত উপস্থিত থকা বৰপেটা আৰক্ষীয়ে বিধায়ক গৰাকীক আটক কৰে।ইয়াৰ পূৰ্বেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিধায়ক শ্বেৰমান আলিক।