সতেজ শুভ্ৰতা- প্ৰাণ প্ৰতিমা বড়া

Pc- Sunrise Sunset Times Lookup
সতেজ শুভ্ৰতা
গৰবী মনৰ এসাজ পোচাক পিন্ধিলো
অনিত্য চিন্তাৰে বুটাবছা
সাজযোৰৰ ৰঙ তেনেই মদৰুৱা
জীৱনৰ বিয়লিবেলাত
বুজি উঠিলোঁ
সাজযোৰৰ ভৰেই সহিব নোৱাৰা হ’লোঁ
এপদদুপদকৈ মই মোৰ পৰা আতঁৰি আহিলোঁ
মনৰ ভিতৰত মদৰুৱাই ৰং সলালে
মদৰুৱাৰ ঠাই ল’লে সতেজ শুভ্ৰতাই
প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী