সংৰক্ষণৰ অভাৱত ঐতিহাসিক আৰিমত্তগড়- জয়ন্ত কলিতা

pc Facebook

সংৰক্ষণৰ অভাৱত ঐতিহাসিক আৰিমত্তগড়

প্রাচীন অসমত নিৰ্মিত ঐতিহাসিক কীৰ্তিচিহ্ন সমূহৰ ভিতৰত কামৰূপৰ বৃহত্তৰ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত আৰিমত্ত কিম্বা বৈদ্যগড় প্রাচীন অসমৰ এক অন্যতম কীৰ্তিচিহ্ন। বুৰঞ্জীৰ তথ্য অনুসৰি,গৌড় ৰাজকুমাৰ পাল সেনাপতি বৈদ্যদেৱে কামৰূপৰ পশ্চিম অংশ জয় কৰি কমতাপুৰ নামে সুকীয়া স্বাধীন ৰাজ্য ঘোষণাৰে নিজৰ ৰাজ্য ৰক্ষাৰ বাবে ১১৪২ খ্ৰীষ্টাব্দত বেতনাত ৰাজধানী পাতে। সেই অনুসৰি গড়টো পূৱৰ পৰা পশ্চিমলৈ ছয় মাইল দৈৰ্ঘ আৰু উত্তৰৰ পৰা পৰা দক্ষিণলৈ প্ৰায় চাৰি মাইল প্ৰস্থৰে নিৰ্মাণ কৰে সমসাময়িক ৰজাগৰাকীয়ে৷
১১৩৮ খৃষ্টাব্দৰ পৰা ১১৮৫ খৃষ্টাব্দলৈ কামৰূপ তথা প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰা ৰজা বৈদ্যদেৱে পোনপ্ৰথমে নির্মাণ কৰোৱাইছিল ঐতিহাসিক গড়টো। যাৰ বাবে গড়টো বৈদ্যগড় নামেৰে জনাজাত ৷ একাংশৰ মতে, আকৌ গড়টো পৰৱৰ্তী সময়ত জিতাৰি বংশৰ ৰজা আৰিমত্তই পুনৰ নিৰ্মাণ কৰোৱাৰ বাবে আৰিমত্ত গড় নামেৰেও জনাজাত।গুৱাহাটীৰ পশ্চিমত ৰামচন্দ্ৰ নামৰ এজন ৰজা আছিল। এওঁৰে পুতক ৰজা আৰিমত্তই পৰৱৰ্তী সময়ত ১৩৬৫ খ্ৰীষ্টাব্দত গড়টো পুনৰ নিৰ্মাণ কৰি ৰাজধানী বেতনাৰ পৰা আয়ত আকাৰ গড়ৰ ভিতৰলৈ অৰ্থাৎ বৰ্তমানৰ ৰঙিয়ালৈ স্থানান্তৰ কৰে।১২ খন ৰাজহ গাঁৱেৰে ভৰা গড়টোৰ পৰিসীমাৰ মুঠ মাটিকালিৰ পৰিমাণ ২৮,৯৬০ বিঘা, ৯ কঠা, ১৬ লেচা। কিন্তু কেইবা শতিকা পুৰণি সেই গড় আজি ধ্বংসৰ গৰাহত। স্থানীয় লোকৰ মতে পূৰ্বতে গড়টোৰ উচ্চতা আছিল প্রায় ৬০-৭০ ফুট আছিল। ১৮৯৭ চনৰ বৰ্ভুইকঁপত এই গড়টো বহুখিনি তললৈ বহি যায় যদিও আজিও ঠায়ে ঠায়ে এই গড়টোৰ উচ্চতা ২০-৩০ ফুট মানলৈহে পোৱা যায়। ইয়াৰ ওপৰিও ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথে কেইবাঠাইতো প্ৰচ্ছেদ কৰা গড়টোৰ পৰা প্ৰায়ে স্থানীয় ৰাইজৰ লগতে অন্য লোকে মাটি কাটি লৈ যায়। নিশাৰ এন্ধাৰৰ সুযোগ গ্রহণ কৰি গড়টোত থকা বহু পুৰনি ঔষধি গছ মুল্যবান গছসমূহ এচাম লোভি মানুহে কাটি লৈ যায়। নিজৰ ঘৰৰ ভেটি নিৰ্মাণ কৰা তথা কেচা ঘৰত মাটিৰ লেপ দিবলৈ ইয়াৰ কাষৰীয়া লোক সকলে প্রতি দিনে গড় টোৰ কাষে কাষে ডাঙৰ ডাঙৰ সুবৃহৎ গাত খান্দি মাটি নিব ধৰিছে।
এই নিকৃষ্ট মানসিকতাৰ লোক সকলৰ পৰা গড় টোক ৰক্ষাৰ্থে বা গড় টোৰ প্ৰতি গুৰুত্বৰ ক্ষেত্ৰত অসম চৰকাৰে বৰ্তমান লৈকে একো পদক্ষেপ গ্রহণ কৰা নাই। অসম চৰকাৰৰ প্ৰত্নতাত্ত্বিক বিভাগেও ইয়াৰ সংৰক্ষণৰ বাবে কোনো পদক্ষেপ গ্রহণ কৰা নাই।ৰঙিয়া সমষ্টিৰ স্থানীয় বিধায়ক তথা বৰ্তমানৰ বিজেপি অসম ৰাজ্যিক কমিটিৰ সভাপতি মাননীয় ভৱেশ কলিতাই আড়িমত্ত কিম্বা বৈদ্যগড় টোক সৌন্দর্যবর্ধনৰ বাবে প্রশাসনক তাৎক্ষনিকভাবে নিৰ্দেশনা দিছিল যদিও ইয়াৰ কোনো প্রভাৱ দেখা নগল বৰ্তমানেও।এয়া যেন কেৱল ফুটুকাৰ ফেন হে যেন আছিল!এনে গুৰুত্ব হীনতাৰ বাবে যে লাহে লাহে এদিন ৰঙিয়া বুকুত থকা ইতিহাস প্রসিদ্ধ এই আৰিমত্তগড় বা বৈদ্যগড়ৰৰ অস্তিত্ব যেন নোহোৱা হৈ পৰাৰ লক্ষন দেখা হৈছে।

ৰঙিয়াৰ ৫০ জনমান উদিয়মান যুৱক একত্রিত হৈ ” মই আড়িমত্ত ” নামৰ এটি অভিযান ইতিমধ্যেই আৰম্ভ কৰিছে।গড় টোত বৃক্ষ ৰোপনৰ জৰিয়তে আড়িমত্ত গড় কিম্বা বৈদ্যগড় টোক সংৰক্ষণ কৰাটোৱেই ”মই আড়িমত্ত” অভিযানৰ প্রধান উদ্দেশ্য।আজি ৰঙিয়াত বাস কৰা প্রায় ভাগ ল’ৰাই নিজৰ জন্মদিনত গড় টোত এডাল কৈ বৃক্ষ ৰোপন কৰিব ধৰিছে।ইয়াৰ আৰত আমি ” মই আড়িমত্ত ” অভিযান টোৰ আৰত থকা লোকক নিচ্ছয় কে শলাগিব লাগিব।

শেষত আজি যিদৰে চৰকাৰে ইতিহাস প্রসিদ্ধ অগ্নিপাহৰ ,সূর্যপাহাৰ ,চৰাইদেউ মৈদাম, মদন কামদেৱ আদিক সংৰক্ষণ কৰি পৰ্যটনৰ ব্যৱস্থা কৰিছে ঠিক তেনেদৰে বৃহত্তৰ ৰঙিয়া অঞ্চলত বুকুত বেৰিয়াই থকা ইতিহাস প্রসিদ্ধ আড়িমত্ত কিম্বা বৈদ্যগড় টোকো সংৰক্ষণ কৰি পৰ্যটনৰ অন্যএক ব্যৱস্থা অসম চৰকাৰে কৰিব পৰে। উপযুক্ত আচনি লাভ কৰিলে আজি আৰিমত্তগড়ো চৰাইদেউ মৈদামৰ দৰে অসমৰ এখন অন্য তম পৰ্যটন স্থলি হিচাপে ৰঙিয়া গড় লৈ উঠিৱ।ইয়াৰ বাবে মাথো চৰকাৰ সদিচ্ছা আৰু উপযুক্ত পৰিকল্পনাৰ দৰকাৰ।

জয়ন্ত কলিতা
তুলসীবাৰী