সংসাৰৰ জটিলতা- জুনু গোস্বামী খাওন্দ

Pc Unspalsh

সংসাৰৰ জটিলতা

বৃদ্ধকালত পুত্ৰৰ দ্বাৰা এলাগী হোৱা পিতৃ-মাতৃয়ে বৰ দুখ কৰি কোৱা শুনো যে ছোৱালী এজনী থকা হ’লে ভাল আছিল। ছোৱালীবোৰে মাকৰ দুখ বুজে, ল’ৰাবোৰে এজনী অনাৰ পাছত পিতৃ-মাতৃলৈ পিঠি দিয়ে । প্রথম কথা হ’ল, ককাক-আইতাকৰ দিনৰ পৰা চলি অহা বংশানুক্রমিক যাত্ৰা সৰুৰে পৰা সন্তানে দেখিব লাগিব। সু-নীতিশিক্ষা আৰু কাৰ্যৰে সন্তানক গঢ় দিবলৈ যথেষ্ট ত্যাগ কৰিব পাৰিব লাগিব, নহ’লে সিহঁতৰ পৰা আশা কৰাটো ভুল। সৰুৰে পৰা যদি সিহঁতে ককাক-আইতাকক, পিতৃ-মাতৃয়ে আদৰ-যতনেৰে ৰখা দেখে, সেই ছবি শিশুমনে কেতিয়াও পাহৰিব নোৱাৰে। ‘মাক চাইহে জীয়েক’ বোলা কথা এষাৰ তাহানিৰ দিনৰ পৰা প্ৰচলিত হৈ আহিছে। অর্থাৎ যি মাতৃয়ে নিজৰ ছোৱালীক সৰুৰে পৰা এখন ঘৰ সুচাৰুৰূপে চলাবলৈ পাঠ্যপুথিৰ শিক্ষাৰ লগতে নীতিশিক্ষাৰে উপযুক্ত কৰি তুলিব পাৰিব, সেই ছোৱালীয়ে শাহু শহুৰেকক কেতিয়াও অৱহেলা কৰিব নোৱাৰে। বৰ্তমান যুগটো অধিক আগবঢ়া। এক শ্ৰেণী ছোৱালীক কোনো কথাই শিকাব নোৱাৰি। যি মাতৃয়ে জীয়েকৰ দোষ দেখিও আঙুলিয়াই দিব নোৱাৰে তেওঁ ছোৱালীক হাতত ৰাখিবও নোৱাৰে। যদি বিয়া হৈ ওলাই অহা ছোৱালীয়ে ককায়েক-বৌৱেকহঁত থকাৰ পাছতো মাকৰ ঘৰখনত সকলো কথাতে অনধিকাৰ প্ৰৱেশ কৰি তেওঁলোকক উপেক্ষা কৰে আৰু মাকৰ পৰাও সঁহাৰি পায়, তেনেক্ষেত্ৰত এদিন ভাল বোৱাৰীগৰাকীয়েও আপোন বুলি ভবা ঘৰখনত নিজৰ স্বাধীনতা হেৰুৱাই ভাগি পৰে। স্বামীয়েও দেখে যে তেওঁলোকৰ কোনো কথাত ঘৰখনে গুৰুত্ব নিদিয়ে, তেতিয়া মনত আক্ষেপ লৈ ঘৰখনৰ পৰা আঁতৰি যাবলৈ বাধ্য হয়। গতিকে বিয়া হোৱা জীয়ৰীয়ে মাকৰ ঘৰৰ, কিছুমান সমস্যাত পৰামৰ্শ বিচাৰিলে দিয়াটো বেলেগ কথা, কিন্তু পৰাপক্ষত আঁতৰি থাকিলে সু-সম্পর্ক অটুট থাকে। যিবিলাক ছোৱালীয়ে নিজৰ শিক্ষা, উচ্চ মন আৰু জ্ঞান-বুদ্ধিৰে দুয়োখন ঘৰৰ লগত সু-সম্পৰ্ক ৰক্ষা কৰি চলিব পাৰে, তেওঁৰ পৰা কোনো পৰিয়ালত অশান্তিৰ সূত্ৰপাত হ’ব নোৱাৰে আৰু তেওঁক আদৰ্শ বোৱাৰী হিচাপে সকলোৱে আদৰি লয়। আজিকালি প্ৰায়বিলাক ছোৱালী আত্মনিৰ্ভৰশীল নোহোৱাকৈ বিয়াত বহিবলৈ নিবিচাৰে। সেইটো ভাল চিন্তা আৰু অৰ্থৰ ক্ষেত্ৰত আজিৰ যুগত প্রয়োজনো ৷ ঘৰখনক আর্থিকভাৱে সহায় কৰাও হয় পুত্ৰ সন্তান নথকা ঘৰ হ’লে আজিকালি মাকৰ ঘৰখনো ছোৱালীয়ে চাব লগা হয়। তাতে মাত্র সমতা বজাই চলিব পাৰিলে ভাল। যদি আত্মনিৰ্ভৰশীল হোৱাৰ সুযোগতে ঘৰখনৰ সদস্যক অকণো গুৰুত্ব নিদি, নিজে ঘটিছোঁ, দৰকাৰ হ’লে আঁতৰি যাম ধৰণৰ মনোভাব হয়, তেতিয়া ঘৰখনলৈ অমানিশা নামি আহে। সেইবাৰে গভীৰ মৰম আৰু বুজাবুজি থাকিলে এনে পৰিস্থিতি নাপায়গৈ। কাৰোবাৰ ছোৱালী কাৰোবাৰ বোৱাৰী হৈছে আৰু কাৰোবাৰ বোৱাৰী কাৰোবাৰ ছোৱালী হৈছে। গতিকে ছোৱালী আৰু বোৱাৰীৰ মাজত জানো পাৰ্থক্য আছে? শাহুসকলে এই কথাটো গভীৰভাৱে উপলব্ধি কৰিব পাৰিব লাগিব ।

জুনু গোস্বামী খাওন্দ ,
পাঞ্জাবাৰী, গুৱাহাটী