সংযম পৰিশুদ্ধ আচৰণ – শ্ৰী ধীৰেণ ভট্টাচাৰ্য্য

ইন্দ্ৰিয় নিগ্ৰহ দমন কৰা [restraining of passions] ক্ষমতাসম্পন্ন ব্যক্তিক সংযমী বুলি কোৱা হয়। সংযম প্ৰকাৰন্তৰে যোগৰ প্ৰতীতি, ব্যক্তিৰ ভূষণ সংস্কাৰৰ পৰিকাঠামো।

ৰূঢ় প্ৰকৃতি, ৰুক্ষ পৃথিৱী ৰুষ্ট পৰিপাশ্চিক। প্ৰকৃতিৰ ওপৰত জীৱশ্ৰেষ্ঠৰ নিষ্ঠুৰতাৰ প্ৰতিফলন ৰূঢ় প্ৰকৃতিৰ বিমৰ্দন ৰূপান্তৰ। ক্ৰোধাম্বিত প্ৰকৃতিৰ বিচাৰত ভ্ৰষ্টমান বিশ্ব। প্ৰভাৱশালী ৰাষ্ট্ৰ মূৰব্বীৰো শিৰ নত হৈ পৰিছিল। বিজ্ঞানৰ উত্তৰণৰ উপহাস কৰি শীøত আগবাঢ়িছে অতিমাৰী ‘ক’ৰোনাৰ’ অশ্বমেধৰ ঘোঁৰা।

ক’ৰোনা সংক্ৰমনৰ স্বাৰ্থত বহু সতৰ্কতামূলক পণ্ঠা লৈছিল সমগ্ৰ বিশ্বৰ শাসনকৰ্তা প্ৰত্যেকে। বহু মাহ ব্যাপি লক-ডাউনৰ কবলত ভাৰতবৰ্ষত লক-ডাউন কালত বহুজন ভিক্ষাৰী হোৱাৰ উপক্ৰম হ’ল, বহুজনে জীৱিকা হেৰুৱালে। লক-ডাউনে ইতিবাচক প্ৰভাৱ পেলালে প্ৰকৃতিৰ ওপৰত। গছ-গছনি উদ্ভিদ প্ৰজাতিয়ে উশাহ লোৱাৰ সুযোগ পালে।
সময়ত লক-ডাউনৰ অন্ত পৰিল। জীৱন যাত্ৰা প্ৰায় নিয়মিয়া হৈ পৰিল। ক’ৰোনাৰ প্ৰাদূৰ্ভাৱ কম হোৱা ঘোষণা কৰিলে চৰকাৰে। তথাপি কণ্টকমুক্ত নহয় জনগণ। সুযোগ বুজি পুনৰ আৰম্ভ হ’ল প্ৰকৃতিৰ ওপৰত জীৱশ্ৰেষ্ঠ দৌৰাত্ম্য। চিণ্ডিকেটৰ খবৰে প্ৰচাৰ মিডিয়া ভৰি পৰিল। স্পৰ্শকাতৰ হাবিৰ মূল্যবান গছ কাটি চিণ্ডিকেট বেহেৰাই পুনৰ প্ৰকৃতি ধ্বংস আৰম্ভ কৰিলে। এইসকল চিণ্ডিকেটৰাজৰ বেহেৰা পৰিশুদ্ধ হ’ব কেতিয়া? সংযমী সত্ত্বা এইসকলৰ হৃদয় নোহোৱা প্ৰমানিত হ’ল।

ক’ৰোনা সংক্ৰমণৰ বাবে লক-ডাউন ঘোষণা কৰাৰ প্ৰাকমূহুৰ্ত আৰু লক-ডাউনকালৰ বহু অসংযমী কাৰ্য্য দৃষ্টিত পৰিছিল। সুযোগ বুজি সময়ৰ শৰ মৰাৰ প্ৰয়াস কৰিলো।
‘অতিমাৰি ক’ৰোনা’ সন্ত্ৰাসিত জনতাক সম্বোধি প্ৰধানমন্ত্ৰীজনাই ভাষণ আগবঢ়াব। পানীত পৰাজনৰ মনত খেৰ-কুটা আশ্ৰয় হোৱাৰ দৰে প্ৰধানমন্ত্ৰীৰ ভাষণ শুনাৰ বাবে আগ্ৰহী জনগণ। বিপদ কালত প্ৰধানমন্ত্ৰী ভাষণে যেন মৃত সঞ্জিৱনী দান কৰিব এনে ভাৱে যথাসময়ত দূৰদৰ্শনৰ পৰ্দাৰ সন্মুত বহি পৰিলো। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মানি জনতা সান্ধ্য আইন পালি, গধূলি কাঁহী-বাতি বজাই নিকা নিষ্পদীপ পালন কৰি ‘ক’ৰোনা’ খেদাৰ বৃথা প্ৰয়াস কৰা হৈছিল।

সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি দূৰদৰ্শনৰ পৰ্দাত ভাঁহি উঠিল। প্ৰধানজনাই মুখ মেলোতে কি নৌমেলোতে অঞ্চলটোৰ আঠ দহটা উপাসনা থলীৰ পৰা মাইকযোগে ভাঁহি অহা প্ৰাৰ্থনাধ্বনীয়ে কাণ তাল মাৰি ধৰিলে। কাৰো মাত নুশুনা এটা পৰিৱেশৰ সৃষ্টি হ’ল। এটা সৰু অঞ্চলত অতবোৰ ধ্বনীৰ চিঞৰে কেনে পৰিবেশৰ সৃষ্টি কৰে সহজে অনুমেয়। প্ৰধানমন্ত্ৰীৰ ভাষণৰ বহুলাংশে শুনাৰ সুভাগ্য নহ’ল। কাহিলি পূৱাৰ চিঞৰে চিকুন ঘূমতি ভঙাৰ দৰে সেই মূহুৰ্তৰ প্ৰাৰ্থনাধ্বনী অধিক বেদনাদায়ক চিহ্নত হৈ ৰ’ল। উপাস্য দেৱতাৰ উপাসনা প্ৰাৰ্থনা কৰাত কাৰোৰে দ্বিমত থাকিব নোৱাৰে। কিন্তু এনে এটা স্পৰ্শকাতৰ সময়ত মৌন প্ৰাৰ্থনা কৰিলেও কোনো ধৰ্মৰ অতিচাৰ নহয়। উপাশ্য দেৱতা অদৃশ্যমান অন্তৰ্যামী। মৌন প্ৰাৰ্থনা কৰিলেও দেৱতাই নুশুনাকৈ নাথাকে। মাইকত চিঞৰি প্ৰাৰ্থনা কৰা কাৰ্য্য নিতান্তই অবিবেকী আৰু অসংযমী। ধৰ্মধ্বজাবাহীৰ এনে কাৰ্য্য হৃদয়হী আচৰণ বুলি একমুখে কোৱাৰ যুক্তি আছে।
লক-ডাউন অথবা তলাবন্ধ কালত খাতি খোৱা জনতাই নিত্য পয়োজনীয় ভাত মুঠিৰ বাবে হাঁহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হয়। সৰ্বহাৰা কৃষক বনুৱা অসংগঠিত প্ৰতিস্থানত কাম কৰা কৰ্ম হেৰুৱা শ্ৰমিকৰ জীৱনলৈ নামি আহে চৰম বিপৰ্যয়। তলাবন্ধৰ বিপৰ্যয় মোকাবিলা কৰাৰ স্বাৰ্থত ক্ষুধাতুৰ জনতাৰ মুখত এমুঠি অন্ন তুলি দিয়াৰ বাবে বহু আচনি ৰূপায়ন কৰা হ’ল। জনদৰদী  চৰকাৰৰ জনহিতৈষী আঁচনিৰ অঘোষিত ভাৱে অংশীদ্বাৰিত্ব ল’বলৈ নামি পৰিল চৰকাৰী আতিথ্যপ্ৰাপ্ত এচাম দালাল শ্ৰেণীৰ পালিনেতা। ফলত আচনিৰ ৰূপায়ন বুমেৰাং হৈ পৰিল। পালিনেতাৰ কৰ্মকৰ্তাই বাতৰিৰ শিৰোনাম দখল কৰিলে। অনুসন্ধান ফলশূণ্য হৈ পৰিল। কোৰে  কাতি ঘাঁ চপোৱাৰ ইচ্ছা চৰকাৰৰ নাই। কৃষকৰ মুখৰ ভাত কাঢ়ি খোৱা কাকতি ফৰিঙৰ দৰে এনে পালিনেতাই চৰকাৰৰ ভঙা-গঢ়াৰ বুনিয়াদ। ক’ৰোনাতে মৰক বা ক্ষুধাতে মৰক কাৰ কি আহে যায়। শ্ৰমিকৰ শিল ভঙা হাতুৰিৰ শব্দ কানত নেবাজে। এওঁলোকৰ কাণত প্ৰতিধ্বনীত হয় ৰিজাৰ্ভ বেংকৰ খমখমীয়া নোটৰ বাণ্ডিল গণনা কৰা শব্দ।

চৰকাৰৰ আশীষধন্য পালিনেতা সকলোবোৰ চৰকাৰী আচনিৰ মধ্যভোগী, ফেভিকল এঠাৰে লাগি থকা চৰকাৰ যন্ত্ৰৰ উপযন্ত্ৰাংশ। এনেস্থত দৰিদ্ৰৰ সুখৰ আহাৰৰ চান কাঢ়ি খোৱা পালিনেতাসকল অপৰিশুদ্ধ অসংযমী। দামোদৰ বিপ্ৰৰ চিৰীমুঠিৰ লোভ সামৰিব নোৱাৰা চৰকাৰ বিবৰ্ণ ছবি এখন জনতাৰ চকুত ভাঁহি উঠে। পালিনেতাৰ এনে অসংযমী কাৰ্য্যৰ বাবে প্ৰকৃতিৰ ওচৰত এদিন জবাবদিহি হ’ব লাগিব। গছৰ কঁুহিপাত এদিন হালধিয়া হৈ সৰি পৰা সত্য পাহৰা উচিৎ নহয়।
প্ৰকৃতিৰ অভিসাপ অতিমাৰি ‘ক’ৰোনাৰ দৰে পালিনেতাৰ অসংযমী কাৰ্য্য ক্ষুধাতুৰ জনতাৰ বাবে এক অনিয়ন্ত্ৰিত পেনডেমিক ৰূপে চিহ্নত হৈ ৰ’ব।