সংগ্রামী কৃষক – শ্রমিক সংঘৰ সংবাদ মেল

সংগ্রামী কৃষক – শ্রমিক সংঘৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা-  জলসিঞ্চন মন্ত্ৰী অশোক সিংহল আৰু ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ ছত্ৰছায়াত ৰাণী কঁপিলি আৰু কালমণি জলসিঞ্চন আঁচনি মেৰামতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে সংগ্ৰামী কৃষক শ্ৰমিক সংঘই৷ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদ মেলত অভিযোগ কৰি সংগঠনটোৰ সাধাৰণ সম্পাদক দীনেশ দাসে কয়- পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী বাকাৰাপাৰা আৰু নতুন ৰাণীত ১৯৫০ হেক্টৰ কৃষিভূমিত পানী যোগানৰ লক্ষ্যৰে স্থাপিত কালমণি ( ৪৩০০ মিটাৰ দৈঘ্য ) আৰু কপিলী ( ১৭,৭০০ মিটাৰ দৈৰ্ঘ্য ) জলসিঞ্চন আঁচনি দুখনৰ নলাসমূহ ভাঙি – চিঙি যোৱাৰ পাছত বিগত ২০২০-২১ বৰ্ষত ৯.৪০ কোটি টকা আৱণ্টিত হৈছিল । বিশেষকৈ কঁপিলিৰ ১৩০০০ মিটাৰ নলাৰ বাবে ৮ কোটি আৰু কালমণিৰ ১১০০ মিটাৰ নলাৰ বাবদ ১.৪০ কোটি ধন আৱণ্টিত হৈছিল । আনকি বিগত বৰ্ষটোতে নিবিদা আহ্বানৰ জৰিয়তে ১৪ জন ঠিকাদাৰক ‘ ৱৰ্ক অৰ্ডাৰ ‘ দিয়া হৈছিল আৰু ঠিকা লাভ কৰা ঠিকাদাৰসকলে বিগত বৰ্ষটোৰ শেষৰফালে নলাৰ কাম আৰম্ভ কৰিছিল । নলা চাফা কৰা , নলাৰ বেড দুটাত মাটি দি সমান কৰালৈ প্ৰায় ঠিকে আছিল । কিন্তু কৃষক ৰাইজৰ চকু কঁপালত উঠিল তেতিয়া যেতিয়া নলাৰ বেড দুটাত কোনো ধৰণৰ ৰ’ড , শিল অথবা ইটা নিদি অকল মাটিৰ ওপৰতে ঢালাই কৰা আৰম্ভ কৰিলে । এই সম্পৰ্কত ৰাইজে সুধিলে শাখা বিষয় হিমত উল্লাহে এনেকৈয়ে এইবাৰ অৰ্ডাৰ আহিছে বুলি কয় । ইয়াৰ পাছত আমি আৰ টি আই তথ্য লাভ কৰাৰ পাছত দেখিলো এক বিয়াগোম কেলেংকাৰি। য’ত ঠিকাপ্রাপ্ত ঠিকাদাৰসকলক ‘ বৰ্ক অৰ্ডাৰ’তে আৰ চি চি বীম আৰু ইটাৰ ওপৰত ঢালাই কৰাব বিভাগটোৱে দিয়া নির্দেশনা আছে । উল্লেখ্য যে ইতিপূর্বে ঠিকা আবণ্টিত ‘ আঁচনিখনৰ সালসলনি ৬ জানুৱাৰীত মৌখিকভাৱে অভিযস্তাসকলে ঠিকাদাৰক কাম কৰাৰ অৰ্ডাৰ দিছেই৷ শীর্ষ অভিযন্তাসকল মিলি ৰ’ড , ইটা নোহোৱা কৰি মাটিত ঢালাইৰ সিদ্ধান্ত লয় । কিন্তু তেওঁলোকে সলনি কৰা আৰ চি চি বীম আৰু ইটাৰ সলনি চিমেণ্টৰ বীম আমি নেদেখিলো । মাত্র প্রত্যক্ষ কৰিছো কৰবাত কৰবাত এক – ডেৰ ইঞ্চি দ ’ পাচ ইঞ্চিমান বহলকৈ মাটিতে খন্দা কিছু ৰেখা । পুনৰ পূৰ্বতে নলাটোৰ যি ঠাইত ইটা আৰু আৰ চি চি বীম আছিল আৰু ইয়াৰ ভাগি যোৱা অংশত মাটি লিপি সমান কৰি , য’ত ইটা নাই সেই অংশৰ কিছু ফাটি যোৱা জৰাজীর্ণ অৱশেষ পকী বেডৰ ওপৰতে নকৈ ঢালাই কৰিছে । অর্থাৎ পুনৰ মেৰামতি আৰু আধুনিকভাৱে নিৰ্মাণৰ নামত কৃষক ৰাইজক সমুলঞ্চে প্ৰতাৰণা কৰাৰ ফন্দি ৰচিছে বিভাগটোৰ অভিযন্তাসকলে । বিশেষকৈ ৰঙিয়াস্থিত কামৰূপ জিলা চক্ৰৰ অধীক্ষক অভিযন্তা আৰু পশ্চিম গুৱাহাটী – পলাশবাৰী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কংকন গোস্বামীয়ে দাঙি ধৰা মাটিত ঢালাই কৰাৰ সালসলনি নক্সাখনক ‘ ভাল হোৱা বুলি ’ পৰামৰ্শ দি চহী কৰে জলসিঞ্চন বিভাগটোৰ ডিজাইন ডিৰেক্টৰ গৰাকীয়ে আৰু শেষত চকুমুদি অনুমোদন জনাইছে বিভাগটোৰ মুখ্য অভিযন্তা ব্ৰজেন মালাকাৰে ৷