“সংগী আৰু নিঃসংগতা” – ববিতা বৰা

pc Conversation

সংগী আৰু নিঃসংগতা

ববিতা বৰা

এটা সম্পর্কত আপুনি কিমান সুখী ? কিমান সুখী আপোনাৰ অন্তৰাত্মা ? বহুতৰে হয়তো উত্তৰ— ‘মই বহু সুখী।’ বহুতৰে উত্তৰ— ‘মই হৃদয় উজাৰি ভালপোৱাৰ পাছতো, বিনিময়ত মই সকলো থাকিও অসুখী।’ কিয় অসুখী ? মনৰ অসুখী! এটা সম্পর্কত থকা সত্ত্বেও আপুনিও ভোগে নেকি এই অসুখত, যাৰ অন্য নাম নিঃসংগতা ? আপুনি আপোনাৰ আপোনজনৰ প্ৰতিটো কথাৰ খেয়াল ৰাখে, অন্তৰৰ গভীৰ কোণৰ পৰা উজাৰি দিয়ে সকলো । অথচ তেওঁ আপোনাক আপোনাৰ চকু কেইটা বুলি সুধিলেও যদি ভাবিব লগাত পৰে, দুখৰ সময়ত তেওঁৰ কান্ধত মূৰ থোৱাৰ বেলিকা যদি তেওঁ আপোনাক সকাহ দিব নোৱাৰে, আপুনি স্পষ্টকৈ আপোনাৰ ভাল-বেয়া লগা দিশবোৰ কোৱাৰ পাছতো ওলোটা প্রতিফল দিয়ে, এয়া আপোনাৰ প্ৰতি আপোনাৰ সংগীৰ চৰম অৱহেলা। গতিকে আপুনি স্বভাৱিকতেই অভাৱী হ’বই। আপুনি যদি সঁচা ভালপোৱাৰ প্রেমিক, ঈশ্বৰ বিশ্বাসী, প্রকৃত প্ৰেমৰ পূজাৰী ব্যক্তি, তেন্তে বিশ্বাস কৰক, আপোনাৰ এই মনৰ অভাৱটোৰ বাবে আপুনি দায়ী নহয় ৷ এগৰাকী যুৱতীৰ ক্ষেত্ৰত প্ৰায়েই এইধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ উদাহৰণ মোৰ হাতত আছে, যি এটা সম্পৰ্কত বান্ধ খাই থকাৰ পাছতো তেওঁৰ সংগীগৰাকীৰ তেওঁৰ প্ৰতি কৰা অৱহেলাই যুৱতীগৰাকীক কৰি তোলে নিঃসংগ। কিছু পুৰুষৰ ক্ষেত্ৰতো একেই সমস্যা। এগৰাকী যুৱতীৰ কথাৰে—‘সি যেতিয়া মই থকাৰ পাছতো অন্য কোনোবা নাৰীক অশালীন মেছেজবোৰ দি আনন্দ পাইছিল, ব্যস্ততাৰ অজুহাত দেখুৱাই যেতিয়া মোৰ লগত কথা নাপাতি অন্যৰ সৈতে প্রেমালাপ কৰিছিল, মই তালৈ ফোন কৰাৰ সময়ত যেতিয়া অন্য কলত ব্যস্ত পাওঁ, সি কামৰ তাগিদাত অহা ফোন বুলি অন্য কোনোবা ষোড়শীৰ লগত ভাব বিনিময় কৰি থাকিছিল, মই কিবা এটা কথা আত্মিকতাৰে কৈ থকা সময়ত ফালৰি কাটি যেতিয়া সি কথাবোৰ দৈহিকতালৈ পোনাইছিল, যিমান উৎপীড়িত হ’ব লাগিছিল মই, তাতোকৈ বেছি ঘৃণা কৰিবলৈ আৰম্ভ কৰিছিলো মই তাক, নিজক…। ধুনীয়া ছোৱালীবোৰৰ প্রতিখন ফটোত যেতিয়া তাৰ লাইক, কমেন্ট পাইছিলো, চম ঈৰ্ষাত দহন হৈছিল মোৰ অন্তৰ। বাধা দিয়াৰ পাছতো তাৰ চঞ্চল মনে খেলিবলৈ মন কৰা সুন্দৰী যুৱতীগৰাকীৰ লগত যেতিয়া সি মোৰ অজানিতে কথা পাতিছিল, মিহি-পাতল কথাৰে আকৃষ্ট কৰাৰ চেষ্টা কৰিছিল, যেতিয়া মোৰ উপস্থিতিৰ পাছতো সি তাৰ পূৰ্বৰ কোনো পচন্দৰ যুৱতীৰ লগত সম্বন্ধত আহিবলৈ তাৰ বন্ধুক খাটনি ধৰিছিল, তেতিয়া কান্দোনত ভাগি পৰিছিলো মই। মোৰ উচ্চাৰিত প্ৰতিটো শব্দত তাৰ পৰা যেতিয়া উপলুঙাৰ বিনিময় পাইছিলো, অন্তৰৰ কথাবোৰ তাৰ আগত ঢালি, সান্ত্বনাৰ পৰিৱৰ্তে অৱহেলা আৰু বিৰক্তিৰ ভাব তাৰ দুচকুত স্পষ্টকৈ যেতিয়াই দেখিছিলো, অন্তৰ ভুকুৱাই কান্দিছিলো মই ৷ যেতিয়া নতুন কাপোৰ এযোৰ পিন্ধি তাৰ কাষ চাপিছিলো, তাৰ দৃষ্টি যেতিয়া আনৰ ওপৰত নিবদ্ধ আছিল, মোৰ কাণখনে তাৰ পৰা এষাৰ মোৰ প্ৰতি মন্তব্য শুনিবলৈ উচপিচাইছিল, মোৰ সুন্দৰতাত মোৰ নিজৰেই প্ৰশ্ন জাগিছিল ।… বহু ৰাতি অন্তৰৰ গভীৰ শোকবোৰ তাৰ আগত উজাৰি দিয়াৰ সময়ছোৱাত সি যেতিয়া চিনেমাৰ নায়িকাৰ আকৰ্ষণীয় চেহেৰাৰ মাপকাঠী লোৱাত ব্যস্ত হৈ দলিয়াই পেলাইছিল মোক ।… সেইদিনাৰে পৰা ভালপোৱাত বিশ্বাসী মইজনীৰ মৃত্যু হৈছিল। এটা আত্মাৰ মৃত্যু হৈছিল। এটা অভাৱী কোঙা মন আৰু এসোপা অপ্রকাশ্য কথা সাবটি জ্বলি গৈছিল মোৰ নিষ্কলুষ মনটো আৰু মোৰ কলিজাৰ টুকুৰাটো ৰূপান্তৰ হৈছিল এটা যন্ত্ৰলৈ ৷ মই ভালপোৱাৰ ভোকাতুৰ হৈ পৰিছিলো ৷ অভাৱী মন এটা লৈ ছটফটাই ফুৰিছিলো। সকলো থাকিও কিয় নিঃসংগ হৈ পৰিছো মই ? ভালপোৱাৰ বিনিময়ত ভালপোৱা, বিশ্বাসৰ বিনিময়ত বিশ্বাস নাপাই মই মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰিছো। আটাইতকৈ ভালপোৱা সংগীজনেই যদি এনেকুৱা কৰে, মই কাক বিশ্বাস কৰিম? কি কৰিম?’

এই যে কি কৰিম বুলি প্ৰশ্নটো, ই এটা বৃহৎ প্রশ্ন। এনেকুৱাও নহয় যে আপুনি বাৰম্বাৰ নিজৰ সুখ ত্যাগ কৰি আপোনাৰ সংগীজনলৈ অপেক্ষা কৰিব বা বাৰম্বাৰ একেখিনি ভুল ক্ষমা কৰি কৰি আপুনি ন্যায়ৰ, ত্যাগৰ প্ৰতিমূৰ্তি হ’ব!

আমি কি বিচাৰোঁ এটা সম্পৰ্কত ? এনেকুৱা এজন সংগী, যাৰ দুচকুত আপুনি আপোনাক দেখা পাব পাৰে, যিজন আপোনাৰ শিতানৰ পৰা সুখ-দুখ, হৰ্ষ-বিষাদ প্ৰতিটো স্থিতিত সাবটি লʼব পৰা গাৰুৰ দৰে হʼব পাৰে, যি প্ৰতিটো বিষৰ উপশম, প্ৰতিটো সমস্যাৰ সমাধান, যাৰ উপস্থিতিত আপুনি পাব পাৰে মানসিক তৃপ্তি। মৰম-বিশ্বাস, পাৰস্পৰিক বুজাবুজিবোৰেইতো সম্পৰ্কৰ ভেটি। অর্থ, বিলাসিতা, এটা সুৰক্ষিত ভৱিষ্যৎ সকলোৰে বাবে কাম্য, কিন্তু এইবোৰতো একমাত্র প্রয়োজনীয় নহয়। আপোনাৰ সংগীৰ প্ৰতিটো ভুল ভালপোৱাৰ খাতিৰত আপুনি কিমান দিন ক্ষমা কৰিব? কিমান দিন মৌন হৈ থাকি সহ্য কৰিব?  কিমান দিন আত্মাহুতি দিব?   কিমান দিন বেদনাত ধৰফৰাই মুখ চেপি কান্দিব? আপোনাৰ ভালপোৱাৰ সুযোগ লৈ আপোনাৰ লগত প্ৰৱঞ্চনা কৰি থকা সংগীজনৰ আপোনালৈ একান্ত ভালপোৱা থাকিলে এনেধৰণৰ কাম কৰে জানো? আপোনাৰ মনৰ অৱস্থা কোৱাৰ পাছতো তেওঁ যদি আপোনাক আওকাণ কৰি আপোনাৰ মনটোক পঢ়ি চোৱাৰ পৰা বিৰত থাকে, তেন্তে আপুনি বুজি পাব যে কোনো এজন ভণ্ড ব্যক্তিৰ লগত আপুনি সম্পর্কত বান্ধ খাই আছে। সেই বাবেইতো যিজন সংগীক আপুনি আপোনাৰ পৃথিৱী গণ্য কৰে, তেওঁ থকা সত্ত্বেও আপোনাৰ পৃথিৱীখন তেনেই উকা, ভিৰৰ মাজতো আপুনি অকলশৰীয়া বা কোলাহলৰ মাজত আপুনি অনুভৱ কৰে মৌনতা। কোনো বিশেষ কাৰণতহে আপোনাৰ আপোনজন আপোনাৰ লগত বান্ধ খাই আছে। তেওঁৰ প্ৰয়োজনীয়তা শেষ হোৱাৰ পাছত আপুনি হয়তো বাদ পৰিব তেওঁৰ প্ৰিয়জনৰ তালিকাৰ পৰা! এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পাছত আপুনি ক্ৰমাৎ নিঃসংগতাৰ চিকাৰ হʼব। সেইদিনাই গম পাব যে হয়তো কোনোবাখিনিত আপুনি আপোনাক লগাতকৈ বেছি খুলি দিছে৷ তাৰেই সুযোগ লৈছে আপুনি আপোনাৰ বুলি ভাবি থকা সংগীজনে! কাৰণ তেওঁৰ দৃঢ় বিশ্বাস যে ভালপোৱাত ডুবি গদগদ হৈ থকা আপুনি তেওঁক সদায়েই আঁকোৱালি লʼব, লাগিলে তেওঁ যি ভুলেই নকৰক কিয়। নহয়নে? এখন হৃদয়ক কুঠাৰাঘাত কৰা এনে পুৰুষ মহিলাবোৰ হত্যাকাৰীতকৈ কোনোগুণে কম নহয়৷ একমাত্র ভালপোৱাৰ তাগিদাত কিমান দিনলৈ নিজকে অৱহেলাৰ পাত্ৰ কৰিব আপুনি? আচলতে আপোনাৰ প্ৰকৃত সংগীজন হৈছে আপুনি নিজেই। বিপৰীত লিংগৰ প্ৰতি থকা আকর্ষণ প্রাকৃতিক কাৰণ। সংগীহীন জীৱন যাপনত মাদকতা নাই৷ কিন্তু সেইবুলিতো অসম্ভৱ নহয়। প্রকৃত ভালপোৱা যদি আপোনাৰ সমান্তৰালকৈ আপোনাৰ সংগীৰো হয়, এটা সম্পর্কত কেতিয়াওতো আউল নালাগে। উমৈহতীয়া ভালপোৱাৰ বিনিময়তহে এটা সম্পৰ্কত স্বর্গসুখ পাব পাৰি৷ নহ’লে ই হৈ পৰে কাল। এডাল সাপৰ দৰে ই আপোনাক মেৰিয়াই ধৰে, যʼৰ পৰা সহজে ওলাই আহিব নোৱাৰি, উশাহ লʼব নোৱাৰি বা চিৎকাৰো কৰিব নোৱাৰি। বৰঞ্চ মৃত্যু নিশ্চিত বুলি জনাৰ পাছতো স্বয়ং কাষ চপাই দিয়াটো আমাৰ স্বভাৱ৷ যিকোনো এজনৰ অৱহেলাই আমাক নিঃসংগ কৰি তোলে আৰু ভালপোৱাৰ নগৰীত আমি হৈ পৰোঁ ভালপোৱাৰেই ভোকাতুৰ ভিক্ষাৰী।