শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক অধিৱেশনখনৰ অন্তিম দিনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

pc Facebook

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক অধিৱেশনখনৰ অন্তিম দিনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১সংখ্যক অধিৱেশনখনৰ সফল সামৰণি পৰে।অধিৱেশনৰ অন্তিম দিনা মুকলি সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংবাদ প্রতিষ্ঠান বি বি চিৰ ছাউথ-ইষ্ট এছিয়াৰ কাৰ্যবাহী শচীন গগৈ, ক্রীড়া আৰু শক্তিমন্ত্রী বিমল বড়া, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি বহুকেইজন বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে সভাপতিত্ব কৰা আৰু মুখ্য উপদেষ্টা ভবেন্দ্ৰ নাথ ডেকাই উন্মোচন কৰা মুকলি সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষ শংকৰদেৱক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া বুলি অভিহিত কৰাৰ লগতে শংকৰদেৱক অসমবাসীয়ে নতুনকৈ অনুভৱ কৰিবলৈ সক্ষম হোৱাৰ পৰিৱেশ তেওঁৰ চৰকাৰে সৃষ্টি কৰিব বুলি কথা দিয়ে।মৃত্যুৰ পাঁচ শতিকাৰ পাছতো মহাপুৰুষজনা অতি প্ৰাসংগিক বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰদোৱাৰ পৰা কোচবিহাৰলৈ সমগ্ৰ অঞ্চলটো ভ্ৰমণ কৰা কালত গুৰুজনাই উপস্থিত হোৱা প্ৰতিটো অঞ্চলতে একোটাকৈ বিশাল নামঘৰ নিৰ্মাণৰ উদ্যোগ চৰকাৰে গ্ৰহণ কৰিব। লগতে এই অঞ্চলসমূহত বিশেষ বাছ সেৱাৰ প্ৰৱৰ্তন কৰিব। উল্লেখ্য যে মুখ্যমন্ত্রী ড° শৰ্মাই সংঘৰ উদ্যোগত স্থাপন হোৱা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে বার্ষিক ৬ কোটি টকাৰ অনুদান ঘোষণা কৰাৰ উপৰি অধিৱেশনৰ আদৰণী সমিতিক এটা নামঘৰ প্ৰতিষ্ঠাৰ বাবে ১ কোটি টকা আগবঢ়াব বলি ঘোষণা কৰে।