শ্রীলংকা ভ্রমণলৈ যাবলগীয়া ভাৰতীয় ক্রিকেট দলটোৰ নেতৃত্ব প্ৰদান কৰিব শিখৰ ধৱনে

pc CricFann

অনলাইন বাৰ্ত্তাসেৱা –  শুকুৰবাৰে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে এই কথা প্ৰকাশ কৰে যে শ্রীলংকা ভ্রমণলৈ যাবলগীয়া ভাৰতীয় ক্রিকেট দলটোৰ নেতৃত্ব প্ৰদান কৰিব শিখৰ ধৱনে। টীম ইণ্ডিয়াৰ এদিনীয়া দলৰ একাংশ জ্যেষ্ঠ খেলুৱৈয়ে এই সময়ছোৱাত ইংলেণ্ডত ব্যস্ত থকাৰ বাবে একাংশ নৱাগত খেলুৱৈক লৈ আজি গঠন কৰা দলটো ঘোষণা কৰা হয়। দলটোৰ অধিনায়কৰ দায়িত্ব শিখৰ ধাৱানক অৰ্পণ কৰাৰ বিপৰীতে সহঃ অধিনায়ক হিচাপে দায়িত্বভাৰ দিয়া হৈছে ভূৱনেশ্বৰ কুমাৰক ৷ দলটোলৈ আমন্ত্ৰণ লাভ কৰিছে দেশৰ একাংশ প্রতিভাৱান তৰুণ ক্রিকেটাৰে ৷ আমন্ত্ৰণ লাভ কৰা ক্রিকেটাৰসকলৰ ভিতৰত অন্যতম হ’ল— চেতন ছাকাৰিয়া, নীতিশ ৰাণা, দেৱদত্ত পাড্ডিকাল আৰু ৰিতু ৰাজ গাই কোৱাড । উলেখ্য যে এই চাৰিজন নৱাগত ক্রিকেটাৰে শেহতীয়াকৈ ঘৰুৱা ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ লগতে আই পি এলতো উন্নত প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰে দেৱদত্ত পাডিক্কালে ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন দাঙি ধৰিছে। ইয়াৰ বিপৰীতে সৌৰাষ্ট্ৰৰ নৱাগত খেলুৱৈ চেতন ছাকাৰিয়াই এইবাৰ আই পি এলত চমকপ্রদ প্ৰদৰ্শন কৰি নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। তেওঁ এইবাৰ ৰাজস্থান ৰয়েলছৰ হৈ আই পি এলত অংশ লৈছিল আৰু প্ৰতিযোগিতাখনত দাঙি ধৰা উন্নত প্ৰদৰ্শনৰ বাবে প্ৰথমবাৰৰ বাবে জাতীয় দললৈ আমন্ত্ৰণ লাভ কৰিলে।