শ্বিলঙৰ গধূলি-   অমৰেন্দ্ৰ দাস

pc Shutterstock
শ্বিলঙৰ গধূলি
মনত পৰেনে তোমাৰ
শ্বিলঙৰ গধূলি সময়
সেই বহল শিল টুকুৰাত বহি
দুয়ো ভৱিষ্যতৰ সপোন দেখা
লাহে লাহে নেদেখা হৈ যায়
দূৰণিৰ খাচী গাওঁখনি
উৰি যায় মোৰ মন ভোমোৰা হৈ
তোমাৰ বুকুৰ পাপৰিত মৌ পান কৰিবলৈ
আজিও মনত পৰে জানা
সেই এৰি অহা মধুৰ দিনবোৰ
তোমাৰ ওঁঠেৰে  মোৰ ওঁঠত দিয়া
মৌসনা মৰমৰ আলিংগন।।
কত সপোন বুকুত বান্ধিছিলোঁ
কেৱল তুমি আৰু মই
সন্ধিয়াৰ আকাশৰ তৰাবোৰলৈ চাই চাই
কত আশাৰ পুলি ৰুইছিলোঁ
তোমাৰ কাজল সনা দুচকুলৈ চাই
শ্বিলঙৰ গধূলি…
আজি স্মৃতিবোৰে বৰকৈ খুন্দিয়াইছে
হৃদয়ৰ এটি কোণত
মনত পৰিছে সেই দিনবোৰলৈ
পাম নেকি আকৌ তোমাক কাষত
শ্বিলঙৰ গধূলি পৰত
হেঙুলীয়া আবেলিত তুমি আহিবা
মই ৰৈ থাকিম সেই বহল শিল টুকুৰাত…!!
  অমৰেন্দ্ৰ দাস
          শোলমাৰ,নলবাৰী