শ্বাসৰুদ্ধকৰ খেলত শ্বাইনছ প্লেয়াৰ্ছৰ জয়

শ্বাসৰুদ্ধকৰ খেলত শ্বাইনছ প্লেয়াৰ্ছৰ জয়

দেৱাশীষ গোস্বামী, ৰঙিলী বাৰ্ত্তাসেৱা,নগাঁও-  নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা অসম ক্ৰিকেট সন্থাৰ অন্তৰ্গত চতুৰ্থ বাৰ্ষিক অসম প্ৰিমিয়াৰ আন্তঃক্লাব ক্ৰিকেট চেম্পিয়নশ্বিপৰ (এ.এন.কিডৱাই ট্ৰফী ক্লাষ্টাৰ -১)৩০ ডিচেম্বৰ বৃহস্পতি বাৰৰ এখন অতি গুৰুত্বপূৰ্ণ খেলত নগাঁওৰ আগশাৰীৰ দল শ্বাইনছ্ প্লেয়াৰ্চে উদয় সংঘক এখন শ্বাসৰুদ্ধকৰ তথা ৰোমাঞ্চকৰ খেলত মাত্ৰ তিনি ৰাণত পৰাস্ত কৰি ‘A’ডিভিজন লীগত নিজৰ স্থান অক্ষুন্ন ৰাখে।তীব্ৰ প্ৰতিদ্বন্ধিতামূলক খেলখনত পোনতে বেটিং কৰি ময়ূৰ জ্যোতি বৰাৰ ৩৭,বিৰাজ বৰাৰ অপৰাজিত ৩৪,ছিনিয়ৰ প্লেয়াৰ্ছ ক্ৰমে শিবম হাজৰিকাৰ অপৰাজিত ২৪,সহঃঅধিনায়ক দেৱজ্যেতি গোস্বামীৰ ২১ৰাণৰ উল্লেখযোগ্য অৱদানেৰে নিৰ্ধাৰিত ৩৫ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৬৯ ৰাণ সংগ্ৰহ কৰে।উদয় সংঘৰ হৈ বলিঙত নাজিৰ হুছেইন আৰু সুমন্ত শৰণীয়াই তিনিটাকৈ আৰু কাজল দত্ত তথা গুদু হাটোৱালে ১টাকৈ উইকেট দখল কৰে।১৭০ ৰাণৰ লক্ষ্যৰে বেটিং কৰিবলৈ লৈ উদয় সংঘই অধিনায়ক মনোজ কুমাৰ দে’ৰ অপৰাজিত ৬০,গুদু হাটোৱালৰ ৫১ আৰু সুমন্ত শৰণীয়াৰ ১২ ৰাণৰ উল্লেখযোগ্য বৰঙণিৰে নিৰ্ধাৰিত ৩৫ অভাৰত ৭উইকেটৰ বিনিময়ত ১৬৬ৰাণত থমকি ৰয়।বিজয়ৰ ইস্পিত লক্ষ্যৰ নিচেই কাষ চাপিও উদয় সংঘ ব্যৰ্থ হোৱাৰ মূলতে শ্বাইনছ প্লেয়াৰ্ছৰ বিশাল গোস্বামীৰ অতি গুৰুত্বপূৰ্ণ সময়ত অনবদ্য নিয়ন্ত্ৰিত বলিং য’ত তেওঁ ক্ৰমাগত ৩টা উইকেট হস্তগত কৰি প্লেয়াৰ অব দা মেচ বিবেচিত হয়।একোটাকৈ উইকেট দখলেৰে বিশাল গোস্বামীক সুন্দৰ সহযোগিতা আগবঢ়াই ক্ৰমে অধিনায়ক বিদেশ ব্ৰত দত্ত,শিৱম অশোক যাদব,ময়ূৰ জ্যোতি বৰা আৰু চিৰঞ্জীব কৌশিকে। শ্বাসৰুদ্ধকৰ তথা তীব্ৰ উত্তেজনা পূৰ্ণ খেলখনে সকলোকে ভাৰত-পাকিস্তানৰ খেলৰ দৰে এখন ৰোমাঞ্চকৰ খেল উপহাৰ দিয়ে। প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলখন আজি শুকুৰবাৰে নগাঁৱৰ দুটা ‘A’ ডিভিজন লীগৰ আগশাৰীৰ দল ক্ৰমে ষ্টাৰ স্পটিং আৰু ৰেডিয়েল ক্লাবৰ মাজত অনুষ্ঠিত হৈছে।