শৈশৱৰ ৰসাল কাহিনী – অঞ্জুমণি শইকীয়া

শৈশৱৰ ৰসাল কাহিনী 

        সেই সময়ত আমাৰ ঘৰত বহুত ৰিক্সা আৰু ঠেলা গাড়ী আছিল ৷ ৰিক্সা ঠেলাবোৰ ভাড়ালৈ দিয়ে৷ কিন্তু , কিবা বিজুতি হ’লে বাবাই ( দেউতা ) নিজে ভাল কৰে ৷ ৰিক্সা ঠেলাৰ বেলেগ বেলেগ অংশবোৰ কিনি বাবাই নতুনকৈ সেইবোৰ সাজিব জানিছিল ৷

 

মায়ে কেইবাদিনো কৈ আছিল ছাগলীৰ মূৰৰ মাংস খাবলৈ মন গৈছে বুলি ৷ বাবাই আজি আনিম , কালি আনিম কৈ থাকে ৷ মানে , ব্যস্ততাৰ বাবে পাহৰে ৷ এদিন মায়ে ক’লে , “দুপৰীয়াৰ ভাত ৰান্ধিবৰ হ’ল ৷ মাংস আনিব নে ? ”বাবাই ৰিক্সা এখন মেৰামতি কৰি আছিল ৷ ৰিক্সা চালক জনক পইচা দি ক’লে , ” তয়ে যা , ছাগলীৰ মূৰৰ মাংস লৈ আহিবি ৷ ” মায়ে নহৰু , পিয়াঁজ , মচলা পতাত ( শিল পতা ) পিচিবলৈ ল’লে ৷

কিছু সময়ৰ পিছত ৰিক্সাৱালাজন আহি মালৈ মোনাটো আগবঢ়াই ক’লেে , “মাংস ল “৷

মায়ে মোনাৰ পৰা উলিয়াই “এইটো কি ” বুলি চিঞৰি মাটিত পেলাই দিলে ৷ ওৱাক ওৱাক কৰা শুনি বাবাই “কি হ’ল “সুধিলে ৷ মায়ে আঙুলিয়াই দেখুৱাই ক’লে , এইটো আঁতৰাই নিয়ক ৷ মই মাংস নাখাওঁ ৷ “ছাগলীৰ কটা মূৰটো শিং দুটাৰ সৈতে চকু দুটা মেলি পৰি আছে ৷

“অই ’ , কি মাংস আনিলি এইবোৰ ? ”

“মালিক , ছাগলীৰ মূৰ ৷”

“এনেকৈ খাই নেকি ? কাটি নানিলি কিয় ? ”

“কাটি দিব খুজিছিল ৷ মইহে নালাগে বুলি ক’লো ৷”

“কিয় ? ”

” মানে মালিক , ছালটো পুৰি খাই মই ভালপাওঁ ৷ ময়ে ছালটো গুচাই দিম , মাংসটো তহঁতি খাবি ৷”

বাবাই শিংটোত ধৰি মূৰটো ৰাষ্টাৰ সিপাৰে ফুটুকানীডৰালৈ দলিয়াই দিলে ৷ ৰিক্সাৱালাজন সেমেনা সেমেনিকৈ গুচি গ’ল ৷ ছাগলীটোৰ কটা মূৰটোৰ চকু দুটা ডাঙৰকৈ মেল খাই থকা দৃশ্যটো এতিয়াও মোৰ মানসপটত জিলিকি আছে ৷

– অঞ্জুমণি শইকীয়া 

যোৰহাট , মালৌ আলি ( তিনি আলি )