শৈশৱৰ পৰাই আত্মবিশ্বাসৰ প্ৰয়োজন – কৌশল্যা বৰা

pc- The Star Global school

শৈশৱৰ পৰাই আত্মবিশ্বাসৰ প্ৰয়োজন

কৌশল্যা বৰা

আত্মবিশ্বাস হৈছে মানুহৰ কৃতকার্যতাৰ চাবি-কাঠি। মানুহৰ মনত উদয় হোৱা সংকল্প, মনোবলৰ সৈতে আত্মবিশ্বাস লগলাগি অসাধ্য সাধন কৰিব পাৰে। আমি বহুতেই এটা ধাৰণা কৰোঁ যে টকা-পইচা, সকলো সা-সুবিধা দিব পাৰিলেহে আমাৰ সন্তানে নিজক গঢ় দিব পাৰিব। কিন্তু, প্ৰকৃত সত্যটো হ’ল টকা-পইচা বা সা-সুবিধাৰে জীৱনৰ এছোৱাহে আগবঢ়াই দিব পৰা হয়। জীৱনৰ বাকীছোৱাত অৰ্থ সংগ্ৰহ কৰিব লাগিব নিজে, জীৱনটোক যথাযথ ভাবে আগবঢ়াই নিব লাগিব নিজে। আত্মবিশ্বাসৰ অবিহনে সম্পদ আহৰণ কৰি মানৱ জীৱনৰ সঠিক সৌন্দর্য উপভোগ কৰাটো কঠিন হৈ পৰে। মানুহৰ গভীৰ আত্মবিশ্বাস, অদম্য ইচ্ছা, উদ্দেশ্যৰ দৃঢ়তা,কৰ্তব্যৰ প্ৰতি আন্তৰিকতা, আৰু কঠোৰ পৰিশ্ৰম কৰিব পৰা ক্ষমতাই মানুহক দেৱত্ব প্ৰদান কৰে। আনহাতে আয়াসতে পোৱা অৰ্থ বা সুবিধাই অনৰ্থৰহে সৃষ্টি কৰে। আকৌ আত্মবিশ্বাসৰ অভাৱত মানুহে কেতিয়াবা ন্যায্য প্ৰাপ্তিৰ হকে মাত মাতিব নোৱাৰে, উচিত অনুচিত বিচাৰত পিছহোঁহকা মাৰে, প্ৰাপ্যৰ পৰা বঞ্চিত হয়, আত্মপৰাজয়ক মানি ল’ব লগা হয় আৰু ব্যক্তিত্ব বিকাশত বাধা পৰে। আত্মবিশ্বাস নাথাকিলে বহুত ল’ৰা-ছোৱালীয়ে সাক্ষাৎকাৰত নিজৰ শুদ্ধতা প্ৰতিপন্ন কৰাত বিফল হয়। এতিয়া আমাৰ প্ৰসংগটো হ’ল যিমানেই প্ৰশিক্ষণ লৈ ল’ৰা-ছোৱালীক ডাঙৰ নকৰোঁ কিয়, তেওঁলোকৰ মনত সৰুৰে পৰাই আত্ম-বিশ্বাস জগাই তুলিব নোৱাৰিলে, শিশুৰ ব্যক্তিত্ব বিকাশত বাধা পৰিব। তেনে শিশু ভৱিষ্যতে ব্যক্তিগত জীৱনত দোদুল্যমান অৱস্থাত থাকিব।তেনেকুৱা হ’লে জীৱনৰ সকলোধৰণৰ সিদ্ধান্তত আনৰ সহায় ল’ব লগীয়া হয়। সেই বুলি আত্মবিশ্বাসে স্বেচ্ছাছাৰী মনোভাৱকো বুজোৱা নাই।আত্মবিশ্বাস সকলো মানুহৰ মাজতেই থাকে। কোনোলোকৰ মাজত সুপ্ত হৈ থাকে, কোনোলোকৰ মাজত জাগ্ৰত হৈ থাকে। ল’ৰা-ছোৱালীৰ ক্ষেত্রটো একেই কথা। বহুত ল’ৰা-ছোৱালীক সৰুৰে পৰাই আত্ম-বিশ্বাসী দেখা যায়। কেতিয়াবা দেখা যায় মাক-দেউতাকে -‘তুমি নোৱাৰিবা ‘ বুলি কোৱা কামটোও বহুত ল’ৰা-ছোৱালীৱে ‘মই পাৰিম’ বুলি আগবাঢ়ি আহি কৰে। মানে তাৰ আত্মবিশ্বাস আছে। আত্মবিশ্বাস সুপ্ত হৈ থকা সকলে সদায় কিবা এটা কৰিবলৈ লৈ ঠেৰোঁ-গেৰোঁ কৰে। অথচ তেওঁ সেই কামটো হয়তো আনতকৈ ভালকৈয়ে কৰিব পাৰে। তেনেক্ষেত্ৰত সুপ্ত আত্মবিশ্বাস জগাই তুলিবলৈ মতিভেশ্বন বা পাৰছুৱেশ্বনৰ প্ৰয়োজন হয়। আশা, উদ্দীপনা জাগ্ৰত কৰিব পৰা এজনৰ প্ৰয়োজন হয়। শিশুৰ ক্ষেত্রত পিতৃ-মাতৃয়েই একমাত্র, যি সন্তানক সাহস দিব, মনোবল সৃষ্টি কৰি উৎসাহিত কৰিব। শিশুৰ মনত আত্মবিশ্বাস জগাই তুলি যিকোনো বিষয়ত আগবঢ়াই নিয়াত পিতৃ-মাতৃৰ ওপৰত আন কোনো হ’ব নোৱাৰে। আবৃত্তি, গীত-মাত, তৰ্ক, আকস্মিক বক্তৃতাত বহু সময়ত ঘৰত সুন্দৰকৈ পাৰদৰ্শিতা দেখুৱাব পৰা ল’ৰা-ছোৱালীয়ে ৰাজহুৱা পৰিবেশত আগ বাঢ়িব নোখোজে। হয়তো কেতিয়াবা আত্মবিশ্বাসৰ অভাৱত তেওঁলোকে আনৰ dominating personality ৰ চিকাৰ হ’বও লগীয়া হয়। তেওঁলোকে সাধ্যৰ ভিতৰুৱা কামো নোৱাৰিম বুলি ভয় খায়। শিশুটিক সেইসময়ত এনেধৰণে ক’ব লাগে যে তেওঁহে সকলোতকৈ ভালকে ক’ব পাৰিব। কিন্তু, কেতিয়াও সমনীয়াৰ লগত তুলনা কৰিব নালাগে। শিশুক বুজাব লাগে যে সহযোগিতাহে অধিক আনন্দৰ, প্ৰতিযোগিতা নহয়। আনৰ ভালখিনি আলোচনা কৰিব লাগে শিশুৱে শুনাকৈ। কিন্তু, ‘-অমুক ইমান ভাল, তুমিহে এনেকুৱা-‘ বা ‘অমুকে গণিতত ১০০ নম্বৰ পায়, তুমিহে নোপোৱা-‘ ধৰণৰ কথা ক’ব নালাগে। শিশুৱে সদায় নিজে প্ৰশংসিত হ’বলৈহে ভাল পায়। বিশেষকৈ পিতৃ-মাতৃয়ে আনক বেছি গুৰুত্ব দিয়াটো ভাল নাপায়। কিন্তু, পিতৃ-মাতৃয়ে আনৰ ভাল খিনি শিশুৱে শুনাকৈ প্ৰশংসা কৰে, তেতিয়া শিশুটিয়ে তেনেকুৱা ভাল কাম কৰি মাক-দেউতাকক দেখুৱাই নিজে প্ৰশংসিত হ’বলৈ চেষ্টা কৰে। শৈশৱৰ পৰা আত্মবিশ্বাস গঢ়ি তুলিবলৈ পিতৃ-মাতৃয়ে সম্পূর্ণ সতৰ্কতা, সাৱধানতা মানি কিছুমান কাম ল’ৰা-ছোৱালীক নিজে কৰিবলৈ দিব লাগে। গা-ধোৱা, কাপোৰ পিন্ধা, খোৱা, কিতাপ বহী, নিজৰ পিন্ধা কাপোৰ সামৰা আদি।প্ৰতিটো কাম বা কথাতে অভিভাৱক যদি উবুৰিখাই পৰি আগবাঢ়ি গৈ কৰি দিয়ে নতু সকলো সময়তে এডাল ঢোকাৰ দৰে লাগি থাকে, শিশুৰ আত্মবিশ্বাসে গঢ় ল’ব নোৱাৰে। অলপ ডাঙৰ হৈ অহা ল’ৰা-ছোৱালীৰ ব্যক্তিগত পছন্দ-অপছন্দত সকলো সময়তে অভিভাৱকে নিজৰ সিদ্ধান্ত জাপি দিব নালাগে। কেৱল মতামতহে আগবঢ়াব লাগে। যিমানে তেওঁলোকৰ ভাল কামবোৰত উৎসাহ যোগাব সিমানে অধিক ভাল কাম নিজে বিচাৰি কৰিব। এটা বয়সত ল’ৰা-ছোৱালীয়েহে অভিভাৱকক বুজাব পৰা হ’বগৈ। হাইস্কুলৰ শিক্ষা শেষ কৰাৰ পাছত কি পঢ়িব- এই সিদ্ধান্তটো কিন্তু পিতৃ-মাতৃৰ নহয়, মাত্র পিতৃ-মাতৃৰ সহমতৰহে দৰকাৰ হয়। এই ক্ষেত্ৰত ল’ৰা-ছোৱালীৰ আকৌ আত্মবিশ্বাসৰে কথা আহি পৰে। বহু অভিভাৱকে নিজক সমাজৰ চকুত ওপৰত ৰখাৰ কথা ভাবি জোৰ-জুলুমকৈ তেওঁলোকৰ সন্তানৰ ওপৰত পঢ়াৰ ক্ষেত্ৰত বলে নোৱাৰা বোজা জাপি দিয়া দেখা যায়। কিন্তু, এই কথা ঠিক যে এটা সফল জীৱনৰ বাবে বৃত্তিৰ বা বিষয়ৰ (subject) ৰ সৰু-বৰ নাই। যিটো বিষয়ত ল’ৰা-ছোৱালীৰ আত্মবিশ্বাস থাকে,যিটোত তেওঁলোকৰ উদ্দেশ্যেৰ দৃঢ়তা থাকে, যিটোত কমেও দিনটোৰ দহ ঘণ্টা খাটিব পৰাৰ মনোবল থাকে সেই বিষয়হে পঢ়া উচিত বা পঢ়িবলৈ দিয়া উচিত। তেতিয়াহে ল’ৰা-ছোৱালীৱে জীৱনৰ সম্ভাৱনীয়তা বিকশাই তুলিবগৈ পাৰে। তাকে নকৰি পিতৃ-মাতৃয়ে জোৰ কৰি নিজৰ পচন্দ সিহঁতৰ ওপৰত জাপি দিলে তাৰ পৰিণতি হিতে বিপৰীত হ’ব, সুফল নুফুলিবগৈ। আধুনিক জীৱনৰ এন্দুৰ দৌৰৰ সন্মুখীন হোৱাত সি সহায়ক হোৱাৰ বিপৰীতে পৰিবৰ্তনৰ ধামখুমীয়াতো নিজকে বচাই ৰাখিবলৈ সক্ষম নহ’বগৈ পাৰে। সেই বাবেই সৰুৰে পৰা সন্তানৰ আত্মবিশ্বাস গঢ়িবলৈ সুবিধা দি সেই আত্মবিশ্বাসৰ ভৰতহে আগবাঢ়ি যাবলৈ দিব লাগে।