শৈক্ষিক সমস্যা সম্পর্কে শিক্ষামন্ত্রীক স্মাৰকপত্ৰ প্ৰদান অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ

শৈক্ষিক সমস্যা সম্পর্কে শিক্ষামন্ত্রীক স্মাৰকপত্ৰ প্ৰদান অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ বিশ্বৰ সৰ্ববৃহৎ অৰাজনৈতিক ৰাষ্ট্ৰীয়তাবাদী ছাত্র সংগঠন । জন্মলগ্নৰে পৰা ৰাষ্ট্ৰৰ প্ৰতি সমর্পিত হৈ সমাজৰ হিতৈষী হিচাপে দেশ তথা ছাত্র সমাজৰ হিতার্থে কাম কৰি আহিছে । সময়ে সময়ে হোৱা শৈক্ষিক সমস্যাসমূহ সমাধান কৰাৰ বাবে মাত মাতি আহিছে আৰু ছাত্র সমাজৰ লগত থিয় দি ছাত্র সমাজৰ হিতৰ কাৰণে কাম কৰি আহিছে । একবিংশ শতিকাত সামগ্রিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ শৈক্ষিক ব্যৱস্থা যথেষ্টখিনি আগবাঢ়ি গৈছে যদিও কিছু ক্ষেত্ৰত শৈক্ষিক ব্যৱস্থাৰ সংস্কাৰ তথা সংযোজনৰ প্ৰয়োজনীয়তা আহি পৰিছে।

সেই মর্মে ইং ১৮ জানুৱাৰী ২০২২ মঙ্গলবাৰে অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ অসম প্ৰদেশৰ তৰফৰ পৰা এটা সঁজাতী দলে ৰাজ্যিক সম্পাদক সীমান্ত কুমাৰ বৈশ্য ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু ডাঙৰীয়াৰ হাতত ২৭ তম্ ৰাজ্যিক অধিৱেশনত অনুমোদিত হোৱা অসমৰ সামগ্ৰিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি শৈক্ষিক বিষয়ৰ ওপৰত যি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল তাৰ পৰিপ্ৰেক্ষিতত এক স্মাৰক পত্ৰ প্ৰদান কৰে । গুৱাহাটী বিশ্ববিদ্যালয়কে কেন্দ্র কৰি পৰীক্ষাৰ ফলাফলক লৈ সৃষ্টি হোৱা আসোঁৱাহ্ সমূহ অনতিপলমে দূৰ কৰাৰ বাবেও দাবী জনায়।

স্মাৰকপত্ৰত প্ৰধানতঃ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰৱৰ্তনৰ জৰিয়তে ভাৰতকেন্দ্ৰিক, বৌদ্ধিক তথা ছাত্র ছাত্ৰীৰ কল্যাণৰ্থে স্বাৱলম্বী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে । ৰাজ্যৰ সকলো আগশাৰীৰ বিশ্ববিদ্যালয় সমূহত বিশিষ্ট ভাষাবিদ, সাহিত্যিক, শিল্পীসকলৰ সোঁৱৰণত একোটাকৈ গৱেষণা কেন্দ্র স্থাপনৰ ব্যৱস্থা কৰিব লাগে বুলিও অৱগত কৰায়। তদুপৰি ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ পর্যাপ্ত পৰিমাণৰ ‘চেনিটেৰি ভেনদিং মেচিন’ৰ লগতে ‘ডেচট্রয়’ মেচিনৰ ব্যৱস্থা কৰিব লাগে বুলিও স্মাৰকপত্ৰখনৰ জৰিয়তে মত প্ৰকাশ কৰে।