শেষ বাৰ গাই যাওঁ- দেৱ প্ৰসাদ বৰা

p.c. Digital photography School

শেষ বাৰ গাই যাওঁ –
বিষাদৰ গান 

আকাশলে ডিঙি মেলি
সিহঁতে চিঁ-চিঁয়াইছিল –
কলকলাই আওৰাইছিল
সুমধুৰ সংগীতৰ আদিপাঠ
সা – ৰে -গা -মা – পা-
সমবেত কলস্বৰ..

ৰুণ দিয়া ক্ৰৌঞ্চ পখীৰ
গানে গানে নাচিছিল,
সিহঁতৰ পাখিহীন ডেউকাত
বিশ্ব জিনাৰ আখৰা,
চকু মেল নাখাওঁতেই
সপোনৰ অযুত উন্মাদনা –
পাখি গজিলেই
কুৰুৱা লহৰত মেলি দিব –
দিগন্ত প্ৰসাৰী
আলফুল দুখনি ডেউকা..

জান-জুৰি নদ-নদী বিশাল সাগৰ
হেলাৰঙে অতিক্ৰমি পৰ্বত কণ্ডৰ
প্ৰতিটো প্ৰভাতত গায় যাব
প্ৰভাতী পখীৰ গান….
….
কিন্তু হায় !
ক’ৰ জানো পছোৱা এজাক
হথাতে ধুমুহা হৈ
বোকোচাত বান্ধি আনি
বলীয়া ঘোঁৰাৰ দৰে
মেলি দিলে অলক্ষিতে
হাজাৰ লক্ষ তীখাল তীৰ
দুৰ্জেয় অভ্ৰভেদী…

হথাৎ মৌন হ’ল কাকলি কণ্ঠ
পলকতে নিমাওমাও
চৌদিশ – চৌপাশ,
ভয়ত বিতত হৈ
স্তব্ধ হ’ল সপোনৰ দৌৰ,
ধুমুহাত হেৰাল
ৰুণ দিয়া ক্ৰৌঞ্চ পখীৰ
কুৰুলিৰ ৰাগিনী…

এজাক –
দুজাক –
তিনিজাক…
তীব্ৰবেগী পছোৱাৰ সোঁ-সোঁৱনিত
অনুৰণিত হ’ল –
‘ মা নিষাদ.. মা নিষাদ.. মা নিষাদ…’
আকাশে বতাহে ধ্বনিত হ’ল
ত্ৰাহি ত্ৰাহি আতুৰ কণ্ঠ…

বৈ আঁহা ফাল্গুনী
লগত লৈ জুৰ মলয়া
ভেটা দিয়া পছোৱাক
শেষ হওক তাণ্ডৱ,
শেষ বাৰ গাই যাওঁ
বিষাদৰ গান –
‘ মা নিষাদ প্ৰতিষ্ঠাং ত্বমগম
শ্বাশ্বতীঃ সমাঃ….’
মা নিষাদ – মা নিষাদ – মা নিষাদ…

( ক’ভিদ কালত বিশেষকৈ যিসকল শিশুৰ শাৰিৰীক, শৈক্ষিক বা অন্যধৰণে বাধাগ্ৰস্ত হ’ল তেওঁলোকৰ বাবে মোৰ সামান্য অনুভৱ)
দেৱ প্ৰসাদ বৰা
কছাৰীহাট, গোলাঘাট