শূন্য বিশেষ–জয়ন্ত শৰ্মা,যোৰহাট

শূন্য বিশেষ
০০০০
শূন্য ব্যাপক, শূন্য বৃহৎ
ধৰাতো শূন্য, আকাশতো শূন্য
অন্তৰীক্ষ ও মহাশূন্য।

শূন্য নেদেখি, অথচ ব্যাপক
য’ত “একো নাইকিয়াখিনি” থাকে সিয়ে শূন্য ।
শূন্যৰ সান্নিধ্যত সন্মুখৰ জন
মান্য হয়,দহগুণ….এশগুণ,
শূন্যৰ স্থান চ্যুতিয়ে মান্যতাত আউলো লগায়,
তথাপি শূন্য নিৰ্বিকাৰ ।

শূন্যৰ পৰা শূন্য বিয়োগ কৰা, ফলাফল শূন্য, যোগ কৰা, ফলাফল শূন্য, যিয়েই কৰা ফলাফল একে ।
শূন্য অব্যয়, শূন্য স্থিৰ ।

শূন্য গোলাকাৰ, পৃথিৱী ও !!
শূন্যৰ পৰিধি বঢ়াবও পাৰি, কমাবও পাৰি ;
কিন্তু ভিতৰৰ”একো নাইকিয়াখিনি” সদায় সমানেই থাকে ।

অহা-যোৱাত ও শূন্যই-
ক’ ৰ পৰা আহিলা – শূন্যৰ পৰা,
ক’লৈ যাবাগৈ – শূন্যলৈ ।
তাৰমানে সকলো শূন্যতে থাকেগৈ,
তথাপিও শূন্যত হেনো একো নাই !
নিৰুত্তাপ, নিৰ্বিকাৰ জীৱন
সিয়ো এক সুকীয়া শূন্য ।

০০০০০০০০০০০০
জয়ন্ত শৰ্মা,যোৰহাট