শুভ জন্মাষ্টমী-সংযুক্তা দত্ত

pc- Wallpaper Cave

শুভ জন্মাষ্টমী

ভগৱান শ্ৰীকৃষ্ণৰ পৰা শিকিব লগীয়া ৫ টা কথা — ভগৱান শ্ৰীকৃষ্ণই জীৱনটোত বহুত কিবা কিবি হেৰুৱাইছিল প্ৰথমতে নিজৰ মাক দেউতাকক তাৰ পাছত নন্দ যশোদাক তাৰ পাছত ৰাধাক আকৌ তাৰ পাছত গকুল আৰু মথুৰা। জীৱনটোত কিবা নহয় কিবা হেৰুৱাইছিল। কিন্তু হেৰুৱা নাছিল শ্ৰীকৃষ্ণৰ সকৰাত্মকতা আৰু ভগৱান শ্ৰীকৃষ্ণৰ হাঁহি। ইয়াৰ পৰাই আমি বুজো যে আমি জীৱনৰ যিকোনো পৰিস্থিতি তে ভাল চিন্তা কৰিব লাগে আৰু হাঁহি থাকিব লাগে।
১) কৰ্ম কৰা ফলৰ আশাবাদ দিয়া — যেতিয়া অৰ্জুনে যুদ্ধক্ষেত্ৰত আপোন মানুহ খিনিক দেখি যুদ্ধ নকৰো বুলি যুদ্ধক্ষেত্ৰ ত্যাগ কৰিব খুজিছিল তেতিয়া শ্ৰীকৃষ্ণই কৈছিল — কৰ্মৰ ওপৰত মন দিয়া সেই ফলৰ আশাবাদ দিয়া। ঠিক তেনেদৰেই আমি কিবা এটা কাম কৰিলে সেই কামটো ভালকে কৰিব লাগে তাৰ ফলৰ কথা চিন্তা কৰিব নালাগে, কাৰণ — কৰ্ম ভাল হ’লে তাৰ ফলো নিশ্চয় ভাল হয়। ২) পৃথিৱীত যি হয় তাৰ পিছত কিবা এটা কাৰণ থাকে — যদি কিবা আমাৰ লগত বেয়া হয় তেতিয়া আমি ভগৱানক চিন্তা কৰো। যদি বেয়া হয় তেতিয়া সেয়া আমাৰ কৰ্মৰ ফল কিয়নো আমি নিজেই সেয়া আকৌ ঘূৰিই পাওঁ। ৩) বৰ্তমানত জীয়াই থাকক — বৰ্তমানত থাকিবলৈ যত্ন কৰক, ভৱিষ্যতে যি হয় দেখা যাব। ৪) নিজৰ খং নিজৰ অধীনত ৰাখক । কাৰণ – খংঙে ভ্ৰমৰ সৃষ্টি কৰে , ভ্ৰমে বুদ্ধিক শেষ কৰি দিয়ে, যেতিয়া বুদ্ধি শেষ হ’ব তেতিয়া মানুহৰ সকলো শেষ হৈ যাব। ৫) কোৱা হয় যে — পাণ্ডৱহে মহাভাৰতৰ যুদ্ধত জয় হৈছিল কিন্তু নহয় সাৰথি ভগৱান শ্ৰীকৃষ্ণই যুদ্ধ নকৰাকৈয়ে যুদ্ধত জয় হৈছিল। ইয়াৰ জনা যায় যে কামৰ কোনো সৰু বৰ নাই।

সংযুক্তা দত্ত