শুভ ক্ষণৰ কিছু আধৰুৱা অনুভূতি
পুলিন ডেকা
ৰ’দত তিতি থকা ভাগৰুৱা বতাহজাকে
এইমাত্ৰ জিৰাইছেহি
সিক্ত সুৰভিৰ এখন পথাৰত
তাত কেইটামান শব্দত থমকি ৰৈছে
কাৰোবাৰ হুমুনিয়াহ
এটা নিঠৰুৱা আশা
জ্বলি পুৰি যোৱা ঝাৰণিত ধূসৰিত এখন আকাশ
নিৰৱ জুৰিৰ সোঁতত নাচিছে
সেই একেই উপত্যকাৰ উলংগ বতাহজাকে
শিল উপঙিছে বালিৰ গভীৰতাত
বোৱঁতী কলধ্বনিত
সেই একেই স্থবিৰতা, কি যে অভিমানী সমীৰণ
হে মহানুভৱতা, তোমাৰ আঙুলিৰ স্পৰ্শত
বহু শতাব্দীৰ সাগৰীয়া স্তব্ধতাই
সাৰ পাইছে, বৰফে মেলি লৈছে নিজৰ
জোনাকী ছাঁ
কিমান লুকুৱাই ৰাখিম নিদানিত কণ্ঠৰ সুৰভি
এটা অশৈশৱ সপোন
বুজা-নুবুজা কিছু আৱেগ
আত্মাৰ জোকাৰণি শুনিব পাৰিলে
ক্রমশঃ নিশকতীয়া বতাহজাক
দিব পাৰিলোহেঁতেন
শুভ ক্ষণৰ কিছু আধৰুৱা অনুভূতি।