শুভেচ্ছা-ডাঃ যুতিকা ওজা – অধ্যাপিকা, কমিউনিটী মেডিচিন বিভাগ, জি এম চি

PC-shutterstock

-শুভেচ্ছা-

বন্ধু আজি শুভক্ষণত
শুভেচ্ছা শব্দেৰে ভৰক
প্ৰতিটো ক্ষণ
সপোনবোৰ ফুলি উঠক
দিঠকৰ ফুলে হৈ
সাতৰঙী ৰামধেনু
দিগন্ত বিয়পি পৰক
পূৰ্ণ হওক প্ৰতিটো আশা
বৈ থাকক পানচৈ
ভগৱানৰ আশীৰ্বাদেৰে
সময়ৰ পৰা সময়লৈ।