শীতল যুদ্ধ সমাপ্ত কৰা ছোভিয়েট নেতা মিখাইল গৰ্বাচেভৰ ৯১ বছৰ বয়সত মৃত্যু 

Pc Hindustan Times

শীতল যুদ্ধ সমাপ্ত কৰা ছোভিয়েট নেতা মিখাইল গৰ্বাচেভৰ ৯১ বছৰ বয়সত মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা- শীতল যুদ্ধৰ অন্ত পেলোৱা ছোভিয়েট ইউনিয়নৰ নেতা মিখাইল গৰ্বাচেভৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মস্কোৰ এখন চিকিৎসালয়ত ৯১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। শেষৰজন ছোভিয়েট নেতা হিচাপে গৰ্বাচেভে আমেৰিকাৰ সৈতে অস্ত্ৰ হ্ৰাসৰ চুক্তি আৰু পশ্চিমৰ সৈতে অংশীদাৰিত্ব কৰি দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপক বিভাজিত কৰি ৰখা লোহাৰ পৰ্দা আঁতৰাই পেলাইছিল।