শীতকালীন অলিম্পিকত কানাডাই আমেৰিকা যুক্তৰাষ্ট্ৰক ৩-২ গ’লত পৰাস্ত কৰি মহিলাৰ আইচ-হকীত স্বৰ্ণ জয় 

pc theguardian

শীতকালীন অলিম্পিকত কানাডাই আমেৰিকা যুক্তৰাষ্ট্ৰক ৩-২ গ’লত পৰাস্ত কৰি মহিলাৰ আইচ-হকীত স্বৰ্ণ জয় 

ৰঙিলী বাৰ্ত্তাসেৱা-  বেইজিংত অনুষ্ঠিত শীতকালীন অলিম্পিকত কানাডাই আমেৰিকা যুক্তৰাষ্ট্ৰক ৩-২ গ’লত পৰাস্ত কৰি মহিলাৰ আইচ-হকীত স্বৰ্ণ পদক জয় কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই ২০১৮ শীতকালীন অলিম্পিকৰ ফাইনেলত কানাডাক পৰাস্ত কৰিছিল। কানাডাই কোৱাৰ্টাৰ ফাইনেলত ছুইডেনক ১১-০ আৰু ছেমি ফাইনেলত চুইজাৰলেণ্ডক ১০-৩ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাখন অপৰাজিত ভাৱে সমাপ্ত কৰে। কানাডাই যোৱা বছৰ বিশ্ব চেম্পিয়নশ্বিপত আমেৰিকা যুক্তৰাষ্ট্ৰক ৩-২ গ’লত পৰাস্ত কৰিছিল।