শিশু উপন্যাস- ‘পঞ্চমী’ উন্মোচন

শিশু উপন্যাস- ‘পঞ্চমী’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা,নগাঁও- ‘পঞ্চমী’ শীৰ্ষক শিশু উপন্যাসখন  তামিল কবি পঞ্চবৰ্ণম ওৰফে ইলামপিৰাইৰ জীৱনৰ আধাৰত ৰচনা কৰিছে অসমৰ এগৰাকী বিশিষ্ট লেখিকা তথা গ্ৰন্থ সমালোচক অঞ্জু শাণ্ডিল্য বাইদেউৱে।গ্ৰন্থ খন পঢ়াৰ সৌভাগ্য এতিয়ালৈকে মোৰ হোৱা নাই যদিও তেখেতৰ মুখেৰে উপন্যাসখনৰ কথা খিনি শুনি ভাল লাগি তেখেতক আমাৰ কাকত খনলৈ গ্ৰন্থখনৰ বিশষে অকনমান লিখিদিবলৈ কোৱাত তেখেতে অকনমান লিখি দিলে।আহকচোন উপন্যাসখনৰ বিশষে অলপমান আভাষ লওঁ। কিছুমান কথা,ঘটনা উপন্যাসখনত বর্ণনা কৰা হৈছে, যিবোৰ পঞ্চবৰ্ণমৰ জীৱনত ঘটা নাছিল৷ অসমৰ পটভূমিত তামিল কবি গৰাকীৰ শিশুকাল বর্ণনা কৰোঁতে, বহুক্ষেত্ৰত কল্পনাৰ ৰহন সানিব লগা হৈছে । তথাপিও কবি গৰাকীৰ বাস্তব কাহিনী অক্ষুন্ন ৰখা হৈছে। পঞ্চবৰ্ণমৰ মূল কাহিনী অক্ষুণ্ণ ৰাখি, কন্যা শিশুক অভিভাৱকে শিক্ষা-দীক্ষাও গুৰুত্ব আৰোপ নকৰা, শিশুৰ আৰত যৌন-নির্যাতন, উপযুক্ত বয়সত শিশু-চেমনীয়াক যৌন-শিক্ষা প্রদান নকৰা আদি কথাবোৰ উপন্যাসখনত উপস্থাপন কৰা হৈছে। শিশুৰ মন বুজি, শিশু সকলে বুজি পোৱাকৈ কিছুমান কথা খোলাখুলিভাবে অর্থাৎ মুকলিকৈ লিখিব লগা হৈছে, যাতে কেনেকুৱা এক পৰিৱেশ-পৰিস্থিতিত পৰিলে, শিশু এটি বিপদত পৰিব পাৰে,সেই কথা বুজিব পাৰে। বর্তমান সময়ত শিশুৰ ওপৰত যৌন নির্যাতনৰ ঘটনা প্ৰায়ে ঘটিবলৈ ধৰিছে। সেয়ে এই কথাও উপন্যাসখনত বর্ণোৱা হৈছে। প্রকৃততে এনে ঘটনা পঞ্চবর্ণমৰ জীৱনত ঘটা নাছিল। পঞ্চবর্ণমৰ জীৱ্নৰ দুঃখভৰা কাহিনী আছে। সৰুতে ঘৰৰ মানুহে স্কুললৈ পঢ়িবলৈ পঠোৱা নাছিল; কিন্তু ককায়েক-ভায়েকহঁতক স্কুলত পঢ়া দেখি, মাক-দেউতাকক অনুনয়-বিনয় কৰি, স্কুললৈ যাব পৰা হ’ল।সৰুৰে পৰা মানুহৰ দৰিদ্রতা, দুঃখ-কষ্ট, যন্ত্রণা দেখি দেখি স্কুলীয়া অবস্থাতে কবিতা লিখিবলৈ লয়। হাইস্কুলৰ ওপৰ শ্রেণীত পঢ়োতে,পঞ্চবৰ্ণমে এখন ৰাষ্ট্ৰীয় পর্যায়ৰ কবি সন্মিলনলৈ আমন্ত্রিত হয়। লাহে লাহে পঞ্চবৰ্ণমে খ্যাতি লাভ কৰে। আৰু এদিন উচ্চবৰ্ণৰ এক যুৱকৰ সৈতে প্ৰেমত পৰে আৰু বিবাহপাশত আবদ্ধ হয়। অৱশ্যে সেই দাম্পত্য জীৱন সুখৰ নহ’ল। শাৰীৰিক-মানসিক নিৰ্যাতন সহিব নোৱাৰি, পঞ্চবৰ্ণম স্বামীৰ পৰা আঁতৰি আহিল ।তথাপিও পঞ্চবর্ণমে শান্তি নাপালে। এটা কবিতা প্রকাশ হৈছিল যিটো কবিতা পঢ়ি, স্বামী গৰাকীয়ে ভাবি ল’লে যে, কবিতাটো তেওঁক অপমান, তুচ্ছ তাচ্ছিল্য কৰি লেখা হৈছে। সেয়ে কবিতা লিখিব নোৱাৰাকৈ পঞ্চবৰ্ণমৰ সোঁহাতত আঘাত কৰি, হাতখনৰ হাড় ভাঙি দিছিল। স্বামীয়ে আঘাত হনা হাতখনৰো সু-চিকিৎসা কৰিবলৈ পঞ্চবর্ণমৰ হাতত পর্যাপ্ত টকা-পইচা নাছিল। ইফালে কণমানি পুত্র সন্তানৰ দায়িত্বও পালন কৰিব লাগে। এসময়ত ঘৰুৱা চিকিৎসাৰে হাতখনৰ হাড় জোৰা লাগিল।পুনৰ পঞ্চবর্ণমে কলম হাত তুলি ললে। ‘পঞ্চমী’ উপন্যাসখনত ইমানবোৰ কাহিনী মানে পঞ্চবর্ণমৰ সমগ্র জীৱন-কাহিনী বর্ণোৱা নাই। মাত্র শিশু উপন্যাসৰূপে শিশুকালচোৱাহে বর্ণোৱা হৈছে। আচলতে সাংবাদিক ঔপন্যাসিক গোবিন কুমাৰ খাউণ্ড আৰু প্ৰকাশিকা ববিতা শর্মাৰ বাবেই পঞ্চবর্ণমৰ কাহিনীৰে ‘পঞ্চমী’ ৰ সৃষ্টি হ’ল। অসমীয়া খবৰ’ৰ ‘মৌ-মেল’ত ‘শিশু গল্প প্রবন্ধ আদি লিখিলেও এক শিশু-উপন্যাসৰূপে ‘পঞ্চমী’ য়েই প্রথম। ইতিপূর্বে ‘পোনাকণ শীর্ষক শিশু-উপন্যাসখন প্রকাশ হৈছে যদিও তাৰ আগতেই ‘পঞ্চমী’ পাণ্ডুলিপি প্রস্তুত কৰা হৈছিল। আৰু যোৱা ২৫ ডিচেম্বৰত শুভ বৰদিনৰ পবিত্র ক্ষণত, যোৰহাট প্রেম ক্লাবত প্ৰশান্ত কুমাৰ মহন্তই গ্রন্থখন উন্মোচন কৰে।আশাকৰো ‘পঞ্চমী’ক আমাৰ পাঠক সমাজে আকোঁৱালি ল’ব।