শিশুৰ মনস্তত্বত প্ৰাৰ্থনাৰ প্ৰভাৱ-বন্দিতা শৰ্মা কন্দলি

Pc-walpapercave

শিশুৰ মনস্তত্বত প্ৰাৰ্থনাৰ প্ৰভাৱ

‘হে সৰ্বশক্তিমান!
মোৰ দেশক দিয়া/ স্বপ্ন দেখা আৰু শ্ৰম কৰাৰ শকতি / নিত্যতাতকৈও অধিক শাশ্বত / অধ্যৱসায়ৰ গুণতহে আহে / দেশৰ সুখ – সমৃদ্ধি ।’
( ডঃ এ পি জে আব্দুল কালাম )
গভীৰ বিশ্বাস আৰু একাত্মতাৰে সৰ্বশক্তিমান জনৰ অন্তৰৰো অন্তৰত স্থাপন কৰি স্বতঃস্ফুত ভাবে নিজকে সমৰ্পণ কৰি সুখে দুখে আকুতিৰে আবেদন কৰাই হৈছে প্ৰাৰ্থনা । প্ৰাৰ্থনা এক মহা শক্তি ।ই মানৱ জীৱনৰ অন্যতম সকাহ । প্ৰাচীন কালৰে পৰাই মহাপুৰুষ সকলে প্ৰাৰ্থনাৰ শক্তিত বিশ্বাস কৰি আহিছে আৰু উত্তৰ পুৰুষক সেই শিক্ষা প্ৰদান কৰি আহিছে ।
‘তুমি – চিত্ত বৃত্তি মোৰ
প্ৰৱৰ্তক নাৰায়ণ
তুমি নাথ মই নাথৱন্ত …’শৈশৱতে আইৰ সৈতে একেলগে বহি গধূলি গোঁসাই ঘৰত গোৱা প্ৰাৰ্থনা এক নজহা নপমা স্মৃতি ।প্ৰাৰ্থনাই শিশুৰ চৰিত্ৰ গঠনত আৰু মানসিক উৎকৰ্ষ সাধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।একান্ত মনে ভগৱানক কৰা ধ্যানে মনৰ দৃঢ়তা আৰু ধৈৰ্য্য আনে ।প্ৰাৰ্থনা ৰ শক্তিয়ে সন্তানক অপকৰ্মৰ পৰা আঁতৰাই ৰাখে।প্ৰাৰ্থনা ৰ লগল শিশুক পৰিচয় কৰি দিয়াতো পিতৃ -মাতৃ অথবা অভিভাৱকৰ একান্ত কৰ্তব্য ।ঈশ্বৰ বিশ্বাসে মানুহৰ চিত্ত বৃত্তি ক নিয়ন্ত্ৰণ কৰে ।চিত্ত -বৃত্তি নিয়ন্ত্ৰণ নহলে মানৱ সত্তা সাৰ্বজনীন হ’ব নোৱাৰে ।ডিউক ইউনিভাৰ্চিটি ৰ মেডিচিন আৰু মানসিক বিভাগৰ সহকাৰী অধ্যাপক Harold Koening
য়ে বিভিন্ন সমীক্ষা আৰু গৱেষণাৰ অন্তত কৈছে – ”প্ৰাৰ্থনা এক বিস্ময়কৰ শক্তি আৰু ইয়াৰ জৰিয়তে মানুহে সুস্বাস্থ্য,আৰোগ্য, মুক্তি আৰু অফুৰন্ত মানসিক শক্তি লাভ কৰিব পাৰে ।”
অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ আৰু অৰ্থসৰ্বস্ব বৰ্তমানৰ আধুনিক জীৱন যাত্ৰা প্ৰণালী ত অভিভাৱক সকলৰ প্ৰাৰ্থনা শক্তি ৰ জৰিয়তে ৰিপু সমুহক নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে প্ৰতিযোগিতা মূলক ভাৱধাৰাৰে, হিংসা, খিয়াল, আত্মকেন্দ্ৰিকতা ভাবহে প্ৰতিফলিত হোৱা দেখা যায় ।এনে সমাজ ব্যৱস্থাত সুস্থিৰ ঘৰুৱা পৰিবেশ লাভ কৰিবলৈ আমি প্ৰাৰ্থনা ক গুৰুত্ব প্ৰদান কৰিব লাগিব । যাৰ ফলত সন্তান সকল শাৰীৰিক মানসিক আৰু আধ্যাত্মিক দিশত উৎকৰ্ষ সাধন কৰিব পাৰিব । গৱেষক চিকিৎসক ডা:হাবাৰ্ট বেনছনে কৈছে, প্ৰাৰ্থনাৰ সময়ত মানুহৰ হৃদযন্ত্ৰৰ পৰিচালনা, ৰক্তচাপ নিয়মিতভাৱে চলাচল হয় ।মগজুৰ সুস্থিৰতা আহে। শান্তভাৱে মনক নিয়ন্ত্ৰণ কৰিব পাৰে প্ৰাৰ্থনাই ।ফলস্বৰূপে ব্যক্তিৰ স্বভাৱ চৰিত্ৰ আৰু আচৰণৰ ওপৰত ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী ।সেয়ে বিদ্যালয় সমূহত দিনটোৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ আগতে প্ৰাৰ্থনা কৰা হয় ।এই কাৰ্যই ছাত্ৰ ছাত্ৰীৰ মন বিনম্ৰ, ধীৰ স্থিৰ কৰাৰ সমান্তৰালকৈ দহ বা পোন্ধৰ মিনিট সময় চকু মুদি অৰ্থাৎ বাহ্যিকতাৰ পৰা দৃষ্টি আঁতৰাই ভক্তি ভাবেৰে একান্ত মনে সৃষ্টিকৰ্তা ৰ লগত একাত্ম হৈ সুমতি আৰু সুজ্ঞান পাবলৈ কৰা আকুল আহ্বানে আধ্যাত্মিক ভাবে সবল কৰাৰ লগতে ধৈৰ্য্য গুণ বৃদ্ধি কৰায় ।
প্ৰাৰ্থনা পবিত্ৰতাৰ সৈতে সংপৃক্ত ।উচিত মনোভাৱেৰে কৰা প্ৰাৰ্থনাৰ শব্দ বোৰৰ শক্তিয়ে মনোবল, বিশ্বাস আৰু প্ৰাৰ্থনাৰ প্ৰতি আগ্ৰহী কৰি তোলে ।পুৱা গধূলি কৰা প্ৰাৰ্থনাই ব্যক্তিক বিশেষ মানসিক শক্তি প্ৰদান কৰে ।জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল ”সকলো প্ৰাণীৰে প্ৰতি যাতে আমি সদ্ব্যৱহাৰ কৰিব পাৰোঁ তাৰ কাৰণে ঈশ্বৰক প্ৰাৰ্থনা কৰাতকৈ নো আৰু কি মহত্ত্বপূৰ্ণ কাম হব পাৰে? ”
বন্দিতা শৰ্মা কন্দলি ।
দেৰগাঁও