শিশুৰ অপৰাধ প্ৰৱণতা পাৰুল বৈশ্য

pc The Logical Indian

শিশুৰ অপৰাধ প্ৰৱণতা

পাৰুল বৈশ্য,
গুৱাহাটী

বুকু ক’পি যোৱা ঘটনা,
কৰ’না ভাইৰাছে মানুহৰ প্ৰাণ
কাঢ়ি নিয়াৰ লগতে, অনলাইন ক্লাচে শিশুৰ হাতত তুলি দিলে
মোবাইল আৰু ইন্টাৰনেট সেৱা।
কলিয়াবৰ কাণ্ডই ক’পাই
গৈছে ৰাজ্য।
অশ্লীল ভিডিও নচোৱাৰ
অপৰাধত ,কন্যা শিশুকে হত্যা ?
ছয়মাহ আগতে মাতৃহাৰা হোৱা
কণমানি জনী, আইতাকৰ কোঁচত
শুই সাধুকথা শুনাৰ বয়সতে
নৃশংস ভাৱে হত্যা কৰিলে দানৱৰূপী কেইজনমান শিশুৱে।
উহ:এয়াই নেকি আধুনিকতা আৰু ডিজিটেল যুগৰ শেষ পৰিণতি।
শিলৰ দ’মত বহি পৰ্ণ ভিডিও
চাবলৈ টানি অনা কণমানি
শিশু কন্য জনীয়ে যেতিয়া
অসন্মতি প্ৰকাশ কৰিলে,
তেতিয়া, বিবেকহীন শিশু কেইজনে, শিলেৰে মাৰি মাৰি
হত্যা কৰি, শৌচাগাৰত পেলাই
থৈ যোৱা দৃশ্য, কোনে জানো
কৰিব পাৰিব সহ্য।
পৃথিবীলৈ আহি এটা চুক
ভালকৈ নেদেখাকৈ , ল’ৰা শিশুৰ
হাতত কন্যা শিশু হত্যা—–??
গাৰ নোম শিহ’ৰি যোৱা দৃশ্য।
সেয়েহে সমাজ সচেতন ব্যক্তি,
অভিভাবক, সকলোকে কৰিছো
অনুৰোধ, শিশু সকলক এই
অপৰাধ প্ৰৱণতা ৰ পৰা বচাওঁক।
নহ’লে সমাজ খন অধ:পতনৰ
পথেৰে গৈ, সততা, মানৱতা,
সুষ্ঠ মানসিকতা, সু- মানৱ সম্পদ, এই শব্দবোৰ বিস্মৃতিৰ গৰ্ভত বিলীন হৈ গ’লে সমাজ
বুলিবলৈ একো নাথাকিব।