শিখৰ ধাৱানৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অপেনাৰ হিচাবে ১০০০০ ৰাণ সংগ্ৰহ

শিখৰ ধাৱানৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অপেনাৰ হিচাবে ১০০০০ ৰাণ সংগ্ৰহ

অনলাইন বাৰ্ত্তাসেৱা– শিখৰ ধাৱানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অপেনাৰৰূপে অৰ্জন কৰিবলৈ সক্ষম হয় ১০০০০ ৰাণ। উল্লেখ্য যে অপেনাৰ হিচাপে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দহ হেজাৰৰো অধিক ৰাণ সংগ্ৰহ কৰিছে ভাৰতৰ বীৰেন্দ্ৰ সেহৱাগ, শচীন তেণ্ডুলকাৰ, সুনীল গাভাস্কাৰ আৰু ৰোহিক শৰ্মাই। শ্ৰীলংকাৰ বিৰুদ্ধে আৰম্ভ হোৱা এদিনীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়াতে আন এক অভিলেখৰ গৰাকী হ’ল অধিনায়ক শিখৰ ধাৱান। প্ৰথমখন মেচতে ৮৬ ৰাণৰ এক অপৰাজিত ইনিংছ খেলি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ধাৱানে সেই মেচখনতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অপেনাৰৰূপে ১০ হেজাৰ ৰাণ সংগ্ৰহ কৰা কৃতিত্ব অৰ্জন কৰে। একেদৰে এইখন এদিনীয়াতে ৬০০ঙ্ম ৰাণ সংগ্ৰহ কৰা ভাৰতৰ দশম জন বেটছমেন হিচাপে পৰিগণিত হ’ল শিখৰ ধাৱান।

(R.T)