শিক্ষা বিভাগৰ ৰাজ্যৰ বিদ্যালয়ক উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ অনুমোদন

pc-Wikipedia

শিক্ষা বিভাগৰ ৰাজ্যৰ বিদ্যালয়ক উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ অনুমোদন

অনলাইন বাৰ্ত্তাসেৱা– অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক পি জিদুঙে আদেশ দিয়া মৰ্মে ৰাজ্যখনৰ ২৬খন শিক্ষানুষ্ঠানক উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে অনুমতি প্ৰদান কৰে। অনুমতি লাভ কৰা শিক্ষানুষ্ঠানসমূহৰ ভিতৰত আছে নগাঁও ৰ নৱৰূপ জাতীয় বিদ্যালয়, পানীগাঁও; ৰামপুৰ চলাপথাৰ জাতীয় বিদ্যালয়, আদৰ্শ জাতীয় বিদ্যালয়, দ-গাঁও; অসম ভেলী একাডেমী, লংকা; দৰং জিলাৰ ক্ৰমে আঞ্চলিক জাতীয় বিদ্যালয়, কুৱৰী পুখুৰী জাতীয় বিদ্যালয়, কাণ্টিৰাম কলিতা জাতীয় বিদ্যালয়, জাতীয় বিদ্যালয় হাজৰিকাপাৰা, আদৰ্শ জাতীয় বিদ্যালয়, জ্ঞান মন্দিৰ জাতীয় বিদ্যালয়, ধুবুৰী জিলাৰ একমাত্ৰ আৰাধনা একাডেমী, গোলাঘাট জিলাৰ ক্ৰমে জাতীয় বিদ্যাীলয়, মেৰাপানী, কছাৰীঘাট জাতীয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু বোকাখাত জাতীয় বিদ্যালয়, কামৰূপ(মহানগৰ)জিলাৰ ক্ৰমে কদম জাতীয় বিদ্যালয় আৰু ঢকুৱাখানাজাতীয় বিদ্যালয়, শিৱসাগৰ বৰহাট জাতীয় বিদ্যালয়, চৰাইদেউ আৰু শিৱসাগৰ জাতীয় বিদ্যালয়, শোণিতপুৰৰ শ্ৰীমন্ত শংকৰ গুৰু জাতীয় বিদ্যালয়, বৰছলা জাতীয় বিদ্যালয়,শোণিতপুৰ জাতীয় বিদ্যালয়, তিনিচুকীয়া জাতীয় বিদ্যালয় আৰু ৰূপাই জাতীয় বিদ্যালয়, ৰুপাই চাইডিং।

 

(RT)