শিক্ষা-গৌতম শৰ্মা

pc- Shutterstock
শিক্ষা
অনলাইন ক্লাছত দিয়া হোমৱৰ্ক খিনি কৰি হোৱাৰ পিছত ল’ৰাটো মবাইলটোটে গেম খেলাত লাগিল | কাম কৰা বাইজনীয়ে ল’ৰাটোৰ ৰুমটো চাফা কৰি উঠি মালিকনীক কলে ” বাইদেউ, আজি মই যাওঁ, মোৰ ছোৱালীজনীক চৰকাৰী সাহাৰ্য্যৰ চাউলৰ লাইনত ৰব দি আহিছো, তাহাতৰ এল পি স্কুলতে দিব বুলি কৈছে “..
     ” তোৰ ছোৱালীয়ে লৱ পাৰিবদে চাউল খিনি, নিজৰ স্কুলতে আছে, আমাৰ বাবুৰ অলপ পিছত জুমত ভিডিঅ ক্লাছ আৰম্ভ হ’ৱ, কিবা এটা খাবলৈ বনাই দে “.. মালিকনীয়ে কলে..
জুম ভিডিঅ ক্লাছ তাই নুবুজে..”কিবা খুব দৰকাৰীয়ে হ’ব চাগে”.. ভাবি তাই পাকঘৰত সোমাল..
গৌতম শৰ্মা