শিক্ষাৰ্থীৰ আচৰণত আনুষ্ঠানিক শিক্ষা বিৰতিৰ প্ৰভাৱ  -লক্ষ্যধৰ   দাস

pc- Hindustan Times

শিক্ষাৰ্থীৰ আচৰণত আনুষ্ঠানিক শিক্ষা বিৰতিৰ প্ৰভাৱ  -লক্ষ্যধৰ  দাস

শিকনৰ সঠিক উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ আচৰণত সংশোধন বা পৰিবৰ্তন সাধন কৰা। শিক্ষানুষ্ঠানত বিভিন্ন পাঠ্যক্ৰমৰ জৰিয়তে প্ৰজ্ঞাৱান আৰু পূৰ্ণাংগ ব্যক্তিত্বৰ অধিকাৰী কৰি সামগ্ৰিক উৎকৰ্ষ সাধন কৰে। শিক্ষাৰ প্ৰভাৱসমূহ গুণগত আৰু পৰিমানগত দুই ধৰণেৰে প্ৰতিফলিত হয়। গুণগত বিস্তৃতিত শিক্ষাৰ্থীজনৰ এটা বিকশিত ব্যক্তিত্ব, আচৰণ শিষ্টাচাৰ, ভদ্ৰতা-নম্ৰতা, সৌজন্যতাবোধ, নিয়মানুৱৰ্তিতা, অনুশাসন, মূল্যবোধ, নীতি-আদৰ্শ যুক্তিবাদ চিন্তাৰ উন্মেষণ ইত্যাদিত পৰিলক্ষিত হয়। আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি যেতিয়া কৰ্মজীৱন আৰম্ভ কৰে তেতিয়া এইসমূহ গুণে কৰ্মজীৱন আৰু ব্যক্তিগত জীৱন সম্ত্তলিত ভাৱে চলাই নিয়াত ফলপ্ৰসূতা আনি দিয়ে। অনিবাৰ্য্য কাৰণত যদি অধ্যয়নৰত শিক্ষাৰ্থীৰ শিকন সময়চোৱা চলি থকাৰ মাজতে আনুষ্ঠানিক শিক্ষা অনিৰ্দিষ্ট কালৰ বাবে যতি পৰে বা থমকিবলগীয়া হয়, তেতিয়া শিক্ষাৰ্থী সকলক নিয়ন্ত্ৰণ কৰি ৰখা দৈনন্দিন কৰ্মসূচী তেওঁলোকৰ নিজ ইচ্ছাধীন হৈ এটা অনুশাসনমুক্ত বা নিয়মানুৱৰ্তিতাহীন বেপৰোৱা জীৱন-যাপন কৰিবলৈ লয়। বহুত কম অভিভাৱক থাকে যিসকলৰ এইসমূহত (বিশেষকৈ উচ্চতৰ মাধ্যমিক আৰু স্নাতকাধীন শিক্ষাৰ্থীসকল) চকু দি লʼৰা ছোৱালীক নিয়ন্ত্ৰণ কৰি ধৰি ৰখাৰ সামৰ্থ থাকে। বিৰতিৰ সময়ছোৱাত শিক্ষাৰ্থীৰ এনে স্বাধীন নিৰ্ভিক আৰু বেপৰোৱা জীৱনৰ নাথাকে কোনো সময়ানুৱৰ্তিতা বা অনুশাসন, কাৰোবাৰ প্ৰতি বাধ্যতামূলকভাৱে প্ৰদৰ্শন কৰিবলগীয়া ন্যূনতম শিষ্টাচাৰ, ভয় বা সন্মান, সৌজন্যমূলক আচৰণ বা নম্ৰতা ভদ্ৰতা। অৰ্থাৎ, আনুষ্ঠানিক শিক্ষাৰ বিৰতি যেতিয়া অনিৰ্দষ্টভাবে দীঘলীয়া হৈ গৈ থাকে আৰু একচাম ছাত্ৰ-ছাত্ৰী যাৰ ঘৰুৱা পৰিৱেশো পৰিশীলিত নহয় তেওঁলোকে আনুষ্ঠানিক সম্পৰ্কত ঊধ্বতন ব্যক্তি বা শিক্ষকৰ সৈতে দেখুওৱা আচৰণত প্ৰদৰ্শন কৰিবলগীয়া সৌজন্যতাৰ কথা পাহৰি পেলাই আনুষ্ঠানিক সম্পৰ্ক অনানুষ্ঠানিকৰ লগত একাকাৰ কৰি পেলায়। নামভৰ্তি কৰিও শিক্ষানুষ্ঠানত অনিয়মীয়া শিক্ষাৰ্থীৰ আচৰণত এনে নিয়মবিহীনতা(যিয়ে নিজৰ ব্যক্তিগত দৰকাৰী তথ্যও পাহৰি যায়) সঘনাই পৰিলক্ষিত হয়। অনলাইন যোগে পাঠদানত শিক্ষাৰ্থী এটা ঘৰুৱা পৰিৱেশত কি অৱস্থাত থাকে শিক্ষকে গম নাপায়, সেয়ে এনে অৱস্থাত শিক্ষাৰ্থীৰ আচৰণৰ আনুষ্ঠানত আহি গ্ৰহণ কৰা সময়ৰ আচৰণৰ সৈতে প্ৰভেদ পৰিলক্ষিত হৈছে। শিকন বা প্ৰশিক্ষণ প্ৰক্ৰিয়াৰ অসম্পূৰ্ণ অৱস্থাত আহি যোৱা দূৰত্বৰ বাবে এনে পৰিঘটনাসমূহ সংঘটিত হয়। শিক্ষা বিৰতি সত্বেও শিক্ষাৰ্থীয়ে পৰিমানগত বা সংখ্যাগত মূল্য থিকেই বা সম্পূৰ্ণভাৱে লাভ কৰে যদিও মূল্যবোধকে প্ৰমূখ্য কৰি শিক্ষাৰ গুণগত মান সমূহ প্ৰদান আৰু গ্ৰহণত সাৰ্থকতা লাভ নকৰে। অৰ্থাৎ মূল্যবোধৰ শিক্ষা আধৰুৱা হৈ যোৱা যেন অনুভৱ হয়।

     গ্ৰাম্য অঞ্চলৰ বিপৰিতে নগৰ অঞ্চলত জনগাঁথনিৰ পৰিৱৰ্তনৰ আৰু আমদানিকৃত বাহিৰ সংস্কৃতিৰ পয়োভৰৰ ফলত পুৰনি নীতি আৰু আদৰ্শৰ (অসমীয়া)সমাজখন এতিয়া লাহে লাহে হেৰাব ধৰিছে। ইয়াৰ উপৰিও কিছুমান প্ৰহসন মূলক নাটক, চলচিত্ৰ, ৱেব চিৰিজ, ইউটিউবৰ ব্যঙ্গণত্মক ভিডিঅʼত দেখুওৱা(শিক্ষকক ছাত্ৰ-ছাত্ৰীয়ে পেংলাই কাৰ) ভাল বেয়াৰ বিচাৰ কৰিব পৰা বয়স অতিক্ৰম নকৰা বয়সন্ধি কালৰ নৱ-প্ৰজন্মই অনীতিকে নীতি আৰু ভূল আৰু অশুদ্ধকে প্ৰকৃত সত্য আৰু শুদ্ধ বুলি একাকাৰ কৰি পেলায়।