শিক্ষানুষ্ঠানসমূহত ১ছেপ্টেম্বৰৰ পৰা নিয়মীয়া পাঠদান

pc-twitter

শিক্ষানুষ্ঠানসমূহত ১ছেপ্টেম্বৰৰ পৰা নিয়মীয়া পাঠদান

অনলাইন বৰ্ত্তাসেৱা- ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ১৫ আগষ্টৰ পাছত ৰাজ্যখনত প্ৰতিদিনে সন্ধিয়া ৬ বজালৈকে দোকান তথা অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানসমুহ খোলা ৰখাৰ ব্যৱস্থা কৰ হব। নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাজ্যৰ কোভিড পৰিস্থিতি সন্দৰ্ভত কয় যে যদি ১ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যখনত দৈনিক কোভিড পজিটিভ লোকৰ সংখ্যা ৫০০ ৰ তললৈ হ্ৰাস পায় অথবা কোভিড ভেকচিন লোৱা লোকৰ সংখ্যা ডেৰ কোটি স্পৰ্শ কৰে তেন্তে ৰাজ্যত পৰ্যায়ক্ৰমে বিদ্যালয়সমুহ মুকলি কৰাৰ কথা চিন্তা কৰিছে ৰাজ্য চৰকাৰে। দেশৰ অন্য ৰাজ্যসমূহত ইতিমধ্যে পাঠদান পৰ্ব আৰম্ভ হৈছে আৰু অসমতো বিদ্যালয়সমূহ পুনৰ মুকলি কৰাৰ চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত সাংবাদিকৰ আগত কয় যে কৰ’নাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ ধাৰা যদিহে পৰৱৰ্তী দিনকেইটাত অব্যাহত থাকে তেন্তে অহা ১৬ বা ১৭ আগষ্টৰ পৰা ইমান দিনে বন্ধ হৈ থকা ইখন জিলাৰ পৰা সিখন জিলালৈ যাতায়াত ব্যৱস্থা মুকলি কৰি দিয়া হ’ব। সকলো যান-বাহন একেলগে মুকলি কৰি দিয়াৰ পৰিৱৰ্তে যুগ্ম-অযুগ্ম সংখ্যাৰ গাড়ী চলোৱাৰ নিৰ্দেশনা দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে।

 

(R.T)