শিক্ষকক ৫ ছেপ্টেম্বৰৰ পূৰ্বে ভেকচিন প্ৰদানৰ সিদ্ধান্তঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

pc- WebMD

শিক্ষকক ৫ ছেপ্টেম্বৰৰ পূৰ্বে ভেকচিন প্ৰদানৰ সিদ্ধান্তঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অনলাইন বাৰ্ত্তাসেৱা– ৰাজ্য চৰকাৰে ৫ ছেপ্টেম্বৰৰ পূৰ্বে প্ৰতিগৰাকী শিক্ষকক ভেকচিন প্ৰদানৰ বাবে সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে শিক্ষকসকলক ভেকচিন প্ৰদানৰ বাবে ১২লাখ ভেকচিন অতিৰিক্তভাৱে অনা হৈছে। শিক্ষক দিৱসৰ পূৰ্বে ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষকক ভেকচিন প্ৰদান কৰিব।কৰʼনা তৃতীয় ঢৌৰ বাবে আই ডি এমে কেন্দ্ৰীয় চৰকাৰক সৰ্তক কৰি দিয়াৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে কৰʼনাৰ তৃতীয় ঢৌৰ বাবে ৰাজ্য চৰকাৰ সাজু। মহামাৰী দ্বিতীয় ঢৌ যিদৰে চৰকাৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে, তৃতীয় ঢৌ প্ৰতিহত কৰাৰ বাবে চৰকাৰ সাজু। চৰকাৰে ১ ছেপ্টেম্বৰ পৰা নৱম, দশম আৰু দ্বাদশ শ্ৰেণীৰ লগতে উচ্চ শিক্ষাৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ কৰিব লগতে পৰ্যায়ক্ৰমে চৰকাৰে আন শ্ৰেণীৰ পাঠদানো আৰম্ভ কৰিব সেয়ে পাঠদান আৰম্ভ হোৱাৰ পূৰ্ব্ ৰাজ্যৰ শিক্ষক সকলক ভেকচিন প্ৰদান কৰিব। মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি ছেপ্টেম্বৰ মাহৰ পৰা আন্তঃজিলা যাতায়ত মুকলি কৰিব বিচাৰিছে। কাৰফিউৰ ক্ষেত্ৰতো কিছু শিথিলতা আৰোপ কৰিব বিচাৰিছে। ১০০ দিনত চৰকাৰে বহুখিনি কাম আগবঢ়াই নিছে আৰু এই গতিয়ে ৰাজ্যখনক উন্নয়নৰ নতুন ধাৰা প্ৰদান কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ছেপ্টেম্বৰ মাহত অসম আৰক্ষী আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হʼব।

 

(RT)