শাৰদ সুষমা- জয়ন্ত শৰ্মা

PC - Interview Times

শাৰদ সুষমা

শৰৎৰ আগমন মানেই যেন দুৰ্গোৎসৱৰ পুৰাতন সুবাস;শেৱালিৰ মৃদুগোন্ধ আৰু ৰঙীন বেলুনৰ সংমিশ্ৰনে গঢ়ি তোলা এক আপোন পৰিৱেশ।গ্ৰীষ্ম,বৰ্ষাৰ উগ্ৰতাৰ পৰা আঁতৰি আহি শৰৎৰ মায়াসনা জোনাক বিধৌত পৰিৱেশত দেৱী দুৰ্গাৰ আগমনে সমস্ত প্ৰকৃতিক ন ৰূপেৰে সজায়।নদীৰ পাৰৰ কঁহুৱা,বিৰিণায়ো আনে শাৰদী ৰাণীৰ আগমনৰ বতৰা।সকলোৰে শৈশৱ বা কিশোৰ কালত শাৰদীয় পূজাৰ কিবা নহয় কিবা এটা মধুৰ স্মৃতি আজীৱন লগৰী হৈ গৈ থাকে।শাৰদীয় শুভেচ্ছা বিনিময়,নতুন কাপোৰ পোৱাৰ আনন্দ, পুৱা শেৱালী ফুল বোটলাৰ বা জিভাৰ ৰস নিগৰোৱা জেলেপি খোৱাৰ আনন্দ-সকলোতে মাথো শৰৎৰ জিপাল সুবাস।মুঠতে আকাশে বতাহে বিয়পি থকা শেৱালীৰ মৃদু সুবাস,ৰঙীন বেলুনে চঞ্চল কৰা উৎসৱৰ চপলতা আৰু কৰুণাময়ী মাতৃ দেৱী দূর্গাৰ আগমন,এই তিনিটিৰ সমাহাৰে শৰৎক প্ৰদান কৰিছে অপৰূপ সৌন্দৰ্য্যৰ এক অনন্য মাত্ৰা।

জয়ন্ত শৰ্মা
যোৰহাট