শান্তি , সম্প্ৰীতি আৰু সমণ্বয়ৰ অসম- ফখৰুদ্দিন আহমেদ

Pc- The Dispatch

শান্তি , সম্প্ৰীতি আৰু সমণ্বয়ৰ অসম

ফখৰুদ্দিন আহমেদ

প্ৰাকৃতিক সৌন্দৰ্যত চহকী অসম ।ঠিক তেনেদৰে ইয়াৰ বাসিন্দা সকলৰো মনবোৰ সেউজীয়া। শান্তি , সম্প্ৰীতি আৰু সমণ্বয়ৰ দ্বাৰা পৰিবেষ্টিত অসমৰ সমাজ ব্যবস্থা সঁচাকৈয়ে মোহনীয়।বিভিন্ন সময়ত সাতামপুৰুষীয়া এই শান্তি , সম্প্ৰীতি আৰু সমণ্বয়ক নস্যাৎ কৰিবলৈ কিছুমান অশুভ শক্তিয়ে যত্ন কৰি আহিছে যদিও সেয়া কোনো কাৰণতে সফল হোৱা পৰিলক্ষিত হোৱা নাই আৰু নিশ্চয়কৈ অনাগত ভবিষ্যতে সফল নহয়ো।

আমি বাস কৰা জিলা দৰঙত বহুতো গাঁৱৰ লগতে থকা দুখনি গাঁৱৰ নাম হৈছে বিষ্ণুপুৰ আৰু হুছেইন চুবুৰী। আচৰিত লগতে মোহনীয় বিষয়টি এই যে বিষ্ণুপুৰত এঘৰো হিন্দু ধৰ্মৰ মানুহ নাই আৰু হুছেইন চুবুৰীত এঘৰো ইছলাম ধৰ্মৰ মানুহ নাই। বছৰৰ পিছত বছৰ অতিক্ৰম কৰি গৈ আছে। বিষ্ণুপুৰ আৰু হুছেইন চুবুৰী নামটোক লৈ দুয়োখন গাঁৱৰ মানুহৰ কোনো সমস্যা হোৱা নাই। সকলোৱে নিজৰ দৈনন্দিন জীৱনৰ কামকাজবোৰ কৰি কালাতিপাত কৰি আছে।

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অনন্য মাইলৰ খুটি স্বৰূপ পাথৰিঘাট অঞ্চলৰ এটি ঐতিহাসিক পুখুৰীৰ নাম হৈছে জয়পাল পুখুৰী । এই পুখুৰীটোৰ এটি বৈশিষ্ট্য হৈ বাৰিষা আৰু খৰাং উভয় কালতে ভিতৰৰ জক ৰাশি পাৰৰ সমান হৈ থাকে। শুকাই নাযায়। এই পুখুৰীটোৰ লগত আধ্যাত্মিক ধৰ্মীয় দৰ্শণ জৰিত হৈ আছে। উক্ত অঞ্চলত বসবাস কৰা হিন্দু মুছলমান ৰাইজৰ একতাৰ কথা প্ৰকাশ হয় পুখুৰীৰ উত্তৰ পাৰত থকা মছজিদ আৰু দক্ষিন পাৰত থকা মন্দিৰৰ অবস্থিতিয়ে। মছজিদত হোৱা পাছ ৱক্ত নমাজৰ আজান আৰু মন্দিৰত পুৱা গধুলি বজোৱা দবা , শংখৰ ধ্বনি এই অঞ্চলৰ হিন্দু মুছলমান ৰাইজৰ মনৰ প্ৰশান্তিৰ মূল উৎস বুলি উল্লেখ কৰিব পাৰি। আঞ্চলিক পৰ্যায়ৰ সকলো উন্নয়ণৰ বিষয় সন্দৰ্ভত উভয় ধৰ্মৰ ৰাইজে মিলা প্ৰীতিৰে একেখন মঞ্চত বহিয়েই আজিও আলোচনা বিলোচনা কৰে।
কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত হাজো বিখ্যাত তাত থকা হয়গ্ৰীব মন্দিৰ আৰু পোৱা মক্কা দৰ্গাহৰ বাবে। দুয়োটি পবিত্ৰ স্থানতেই হিন্দু মুছলমান ধৰ্ম নিৰ্ভিশেষে লোকে লোকাৰণ্য হৈ থাকে।হাজোলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ আজ্ঞাঠুৰিৰ সমীপত প্ৰায় ওচৰা ওচৰিকৈ এটি মন্দিৰ আৰু এটি পীৰৰ দৰ্গাহ। ইয়াতো সম্প্ৰীতি আৰু সমণ্বয়ৰ মাজেৰেই ধৰ্মীয় অনুষ্ঠান দুটিত কাম কাজ চলি আছে। দুয়ো স্থানত দৰ্শনাৰ্থীয়ে জ্বলোৱা ধুপকাঠিৰ সুগন্ধিয়ে মলমলাই তোলে সেই ঘাই পথেৰে গমন কৰা প্ৰতিজন পথচাৰী , বাটৰুৱাক।জানিব পৰা মতে শিবসাগৰ জিলাৰ দিখৌ মুখত থকা আজান পীৰ চাহেবৰ দৰ্গাহৰ ওচৰতো কোনো মুছলমান লোক বসতি নাই বুলিবই পাৰি। কিন্তু ওচৰে পাজৰে বসবাস কৰা হিন্দু সনাতন ধৰ্মৰ লোক সকলেই চোৱাচিতা কৰে সেই দৰ্গাহৰ কাৰ্যকৰ্ম। পৰিচালনা সমিতি আছে যদিও তেখেত সকলৰ বাসস্থান দুৰৈত।
এনে ধৰণৰ প্ৰতিচ্ছবিৰ তালিকা সমগ্ৰ অসম ধৰি উলিয়াব গ’লে ক্ৰমিক নম্বৰ বহু হ’ব গৈ। পৰ্যালোচনা কৰিবলৈ গ’লৈ দৃষ্টিগোচৰ হয় যে তাহানিৰ পৰা সাম্প্ৰতিক সময়লৈ অসম আৰু অসমীয়াৰ সমাজ ব্যবস্থাৰ মূল চালিকা শক্তিয়েই হৈছে আন্তঃ ধৰ্মীয় শান্তি , সম্প্ৰীতি আৰু সমণ্বয় ।

সাম্প্ৰতিক সময়ত সাতাম পুৰুষীয়া শান্তি , সম্প্ৰীতি আৰু সমণ্বয়ৰ ৰম্যভুমি অসমত ধৰ্ম নিৰ্বিশেষে কিছুমান উগ্ৰ সাম্প্ৰদায়িক মন্তব্য দাতা প্ৰবক্তাৰ আবিৰ্ভাব হৈছে। অসমৰ প্ৰতিজন বাসিন্দাৰ নখ দৰ্পণত আছে তেওলোকৰ নাম। সেয়া বহলাই ব্যাখ্যা কৰা নিস্প্ৰয়োজন।এনে ধৰণৰ নতিবাচক ব্যক্তিত্বক অসমৰ জনগণে ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে।

শান্তি , সম্প্ৰীতি আৰু সমণ্বয়ৰ যি পৰিক্ৰমা জাতি , ধৰ্ম আৰু সম্প্ৰদায় নিৰ্বিশেষে পবিত্ৰ অসম ভুমিত তাহানি কালৰ পৰা বৰ্তি আহিছে , সেই পৰিক্ৰমাৰ সোঁতক কোনো কু অভিসন্ধিয়ে কোনো দিনে ৰোধিব নোৱাৰে। এই কথা চিৰ সত্য , চিৰ শ্বাশ্বত।